Breaking

দলগাঁও শিয়ালমাৰী উন্নয়ন খণ্ডত ব্যাপক দুৰ্নীতি। ভাৰাতীয়া জবকাৰ্ডৰে আচনিৰ ধন আত্মসাত । আৰক্ষী থানাত গোচৰ ৰাইজৰ ৷

0 49

আবুল হাছেম, দলগাঁও 

লকডাউনৰ সময়ত জবকাৰ্ড শ্ৰমিকক সকাহ দিয়াৰ উদ্দেশ্যে চৰকাৰে মহাত্মা গান্ধী নিয়োগ নিশ্চিত আঁচনি চমুকৈ এমজিএনৰেগচৰ অধিনত বুজন পৰিমানৰ টকা আৱন্টন দিছে ঠিকেই কিন্তু দৰং জিলাৰ দলগাও শিয়ালমাৰী ব্লকৰ অন্তৰ্গত কল্যান গাও পঞ্চায়তত একাংশ কৰ্মচাৰী আৰু জনপ্ৰতিনিধিয়ে জবকাৰ্ড শ্ৰমিকক বঞ্চিত কৰি ট্ৰেক্টৰেৰে সামান্য পৰিমানৰ মাটি পেলায়ে কেবাটাউ আঁচনিৰ টকা উদৰস্থ কৰাৰ অভিযোগ উস্থাপন হৈছে ৷ আঁচনি ৰ টকা ভাগবাটৱাৰাৰ অংশীদাৰ দলগাও শিয়ালমাৰী ব্লকৰ কৰ্মচাৰীয়ে ৰাইজৰ অভিযোগত গুৰুত্ব নিদিয়াত বাদ্য হৈ ৰাইজে দলগাও থানাত এজাহাৰ দিছে ৷প্ৰাপ্ত অভিযোগ মতে ব্লক খনৰ অন্তৰ্গত কল্যাণ গাও পঞ্চায়তৰ কাছোমাৰী সোনাৰী গাৱত এমজিএনৰেগচৰ অধিনত ৭ লাখ ১২ হাজাৰ ৫ শ টকাৰ ব্যায় সাপেক্ষে ২০১৭-১৮   বৰ্ষত শিয়ালমাৰী হাইস্কুলত “লেন্ড ডেভলপমেন্ট এট  শিয়ালমাৰী হাইস্কুল ফিল্ড” নামেৰে  উন্নয়নৰ আচনি গ্ৰহণ কৰে ৷ আচনি গ্ৰহণৰ পাছত টেক্টৰেদি সামান্য মাটি দিয়ে কিছু টকা উঠাই আচনিটো আধৰুৱাকৈ পেলায় থয় ৷ উক্ত আধৰুৱা আঁচনি খন পুনৰ আৰম্ভ কৰি মাত্ৰ ৩১ টেইলৰ মাটি দিয়ে ৱাৰ্ড সদস্য আৰু পঞ্চায়তৰ সহকাৰী অভিযন্তাই মিলি ভাৰাতীয়া জবকাৰ্ড যোগে জবকাৰ্ড শ্ৰমিকৰ সম্পূৰ্ন টকা উঠাই উদৰস্থ কৰিছে ৷ এই সংক্ৰান্তত দলগাও থানাত ৱাৰ্ড সদস্য ৰফিকুল ইছলাম আৰু সহকাৰী অভিযন্তা নেকিবৰ বিৰুদ্ধে গোচৰ হৈছে যদিও লুন্ঠনকাৰী সকলে টকাৰ বলত আৰক্ষীকো মেনেজ কৰাৰ অভিযোগ উঠিছে ৷ একেদৰে উক্ত গাও খনত ” ৪ লাখ ১৪ হাজাৰ ৯ শ ১৩ টকা ব্যায় সাপেক্ষে ২০১৯-২০ বৰ্ষত “এগ্ৰিবান্ধ ফ্ৰম নায়েব আলী হাউচ টু কাচোমাৰী এল পি স্কুল ” নামেৰে এক আচনি গ্ৰহণ কৰি চৰকাৰৰ লকডাউন নীতি মতে জবকাৰ্ড শ্ৰমিকক নিয়োগ দিব লাগিছিল যদিও পূৰ্বৰ দৰেই টেক্টৰেদি কেই টেইলৰ মান মাটি পেলায়ে ভাৰাতীয়া জবকাৰ্ড যোগে  আঁচনিৰ ১ লাখ ৫০ হাজাৰ টকা উঠাই উদৰস্থ কৰি আঁচনি পূৰ্বৰ কায়দাৰে পেলায় থৈছে ৷ সুযোগ বুজি বাকী টকাও উঠাই উৰস্থ কৰাৰ আশংকা কৰিছে ৰাইজে ৷ ৰইজৰ দাবী আওকান কৰি চলা বিতৰ্কিত ৱাৰ্ড সদস্য জনৰ আচনিৰ ধন উদৰস্থ কৰাৰ কৌশল দেখিলে সকোলৰে চকু কপালত উঠিব ৷ ব্লকৰ পৰা আৰম্ভ কৰি পঞ্চায়ত লৈকে সকলো কৰ্মচাৰী, জনপ্ৰতিনিধিৰ নামত ভাগে ভাগে অংশ কৰি কাৰোবাৰ ভাগত আঠ হাজাৰ, কাৰোবাৰ ভাগত ছয় হাজাৰ, এনেদৰে চকিদাৰ লৈকে দুই হাজাৰ পৰ্যন্ত দি সকলকে মেনেজ কৰি চলাই লুন্ঠন ৷ পঞ্চায়ত খনত কনিষ্ঠ অভিযন্তাৰ দায়িত্ব পালন কৰা এ.ই নেকিবে আঁচনি পৰ্যবেশন কৰি সেইমতেহে বিল দাখিল কৰিব লাগে যদিও টকাৰ লোভত অন্ধ হৈ কোনো দিনে আঁচনি নেদেখিয়ে বিল দাখিল কৰে ৷ এক কথাত আঁচনি খন কল্যান পঞ্চায়তত শ্ৰমিকৰ নিয়োগ নিশ্চিত কৰাৰ বিপৰীতে টকা ঘটাৰ আঁচনিতহে পৰিণত হৈছে ৷

Leave A Reply

Your email address will not be published.