Breaking

হোজাইত কোৱাৰেন্টাইন চেন্টাৰ পৰিদৰ্শন আৰক্ষী সঞ্চালক ভাস্কৰ জোতি মহন্ত ৷

0 50

ডবকা

 সমগ্ৰ ৰাজ্যজুৰি কৰোনা  আক্ৰান্তৰ সংখ্যা  ক্ৰমাগত ভাবে বৃদ্ধি পাবলৈ ধৰিছে৷ ইয়াৰ ভিতৰত হোজাই জিলা ৰাজ্যখনৰ ভিতৰত কৰোনা সংক্ৰমনৰ  শিৰ্ষ স্থান দখল কৰিছে ৷ আজিৰ দিনত হোজাই জিলাৰ বাবে ভয়ানক খবৰটো হল যে  হোজাই জিলাৰ বিভিন্ন কোৱাৰিন্টাইন কেন্দ্ৰত থকা ৫০ জনকৈ লোকৰ শৰীৰত ধৰা পৰিছে কভিড-১৯ পজিটিভ ৷ ইয়াৰে ভিতৰত ডবকা ৰাজহ চক্ৰৰ অন্তৰ্গত ডবকা, মোৰাঝাৰ আৰু যমুনামুখৰ মুঠ ৪০ গৰাকী লোকৰ শৰীৰত ধৰা পৰিছে কভিড-১৯  পজিটিভ ৷ দৰাচলতে যোৱা ২৭ মে তাৰিখে মুম্বাইৰ পৰা অহা ২১০ জন শ্ৰমিকক মোৰাঝাৰৰ জয়নগৰ মাদ্ৰাছাত কোৱাৰিন্টাইন কৰি ৰখা হৈছিল ৷ এসপ্তাহ উকলি যোৱাৰ পাছত তেওঁলোকক হোম কোৱাৰিন্টাইন ৰ বাবে পঠিয়াই দিয়া হৈছিল ৷ তাৰে ভিতৰত আজি অহা পৰীক্ষাৰ ফলাফল অনুসৰি ৩৪ জন লোকৰ শৰীৰত ধৰা পৰিছে কভিড-১৯ পজিটিভ ৷ আনহাতে ডবকাৰ হাজী আনফৰ আলী মহাবিদ্যালয়ত থকা কোৱাৰিন্টাইনত থকা যমুনামুখৰ ৬ জন যুৱকৰ শৰীৰত কভিড-১৯ পজিটিভ পোৱা গৈছে বুলি জানিব পৰা গৈছে ৷ ইতিমধ্যে হোজাই জিলা স্বাস্থ্য বিভাগে সকলো কৰুনা আক্ৰান্ত ৰোগীক উদ্ধাৰ কৰি একাংশক নগাওঁ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰন কৰাৰ বিপৰীতে আন একাংশক হোজাইৰ যোগীজানৰ কভিড হস্পিতাললৈ প্ৰৰন কৰিছে৷আনহাতে আজি হঠাতে ডবকাৰ NRI PUBLIC SCHOOLত থকা এটি কোৱাৰিন্টাইন কেন্দ্ৰ পৰিদৰ্শন কৰাৰ বাবে উপস্থিত হয় ৰাজ্যৰ  আৰক্ষী সঞ্চালক প্ৰধান ৷ আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰ জ্যোতি মহন্তই কোৱাৰিন্টাইন চেন্টাৰ পৰিদৰ্শন কৰি নিৰাপত্তা দিশৰ বুজ লয় ৷ লগতে কোৱাৰিন্টাইনত থকা লোক সকলে এই ভয়ংকৰ সময়ত কিছু পৰিমানে এৰা ধৰা মাধ্যমেৰে চলিবলৈ আহবান জনায় ৷ লগতে কালি মুম্বাইৰ পৰা অহা এখন শ্ৰমিক ৰেলৰ চেইন টানি হোজাই ষ্টেচনত নমা একাংশ শ্ৰমিকৰ কাৰ্য্যক লৈ উদ্যোগ প্ৰকাশ কৰে আৰক্ষী সঞ্চালক প্ৰধান গৰাকীয়ে ৷ এই ক্ষেত্ৰত অসম আৰক্ষী কঠোৰ হোৱা বুলি জানিব দিছে ৷  ইতিমধ্যে ৬১ জন শ্ৰমিকৰ বিৰুদ্ধে হোজাই আৰক্ষীয়ে দুটাকৈ গোচৰ তৰিছে ৷লোকৰ জীৱনলৈ ভাবুকি সৃষ্টি কৰা লোকৰ বিৰুদ্ধে  আৰক্ষীক কঠোৰ হবলৈ নিৰ্দেশ দিয়ে সঞ্চালক প্ৰধান  গৰাকীয়ে৷আৰক্ষী আৰু সাংবাদিক সকলোকো সতৰ্ক থাকিবলৈ কয় আৰক্ষী সঞ্চালক গৰাকীয়ে ৷

Leave A Reply

Your email address will not be published.