Breaking

বিধান সভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীৰ আলিচিঙা টেঙাণী প্ৰত্নতাত্বিক স্থান পৰিদৰ্শন

0 2,094

ৰাজ্যৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই ” জনজাতীয় বিশ্বাস আৰু সংস্কৃতি ” শীৰ্ষক এটা নতুন বিভাগৰ জৰিয়তে  অসমৰ জনজাতীয় তথা খিলঞ্জীয়া ভূমি পুত্ৰ সকলৰ প্ৰায় হেৰাই যাবলৈ উপক্ৰম হোৱা ঐতিহাসিক সমল সমূহৰ উদ্ধাৰ আৰু সংৰক্ষণৰ ব্যৱস্থা গ্ৰহণ কৰিছে। তাৰেই অংশ হিচাপে আজি  ক্ষেত্ৰ সমুহ পৰিদৰ্শন কৰাৰ উদ্দেশ্যৰে গোলাঘাট জিলাৰ বৰপথাৰ মৌজাৰ   আলিছিগা টেঙাণীত উপস্থিত হয়হি অসম বিধান সভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰী সহ এক জনজাতীয় প্ৰতিনিধিৰ দল।

আলিছিগা টেঙাণীস্হিত  সপ্তম-অষ্টম শতিকাৰ কছাৰী ৰজাদিনীয়া ৰাজহাউলি, পুখুৰী, মন্দিৰ আদিকে প্ৰমুখ্য কৰি অঞ্চলটোৰ বিভিন্ন প্ৰত্ন-তাত্বিক স্থান তথা সমল সমুহ উক্ত জনজাতীয় প্ৰতিনিধিৰ দলটোৱে পৰিদৰ্শন কৰে।এই জনজাতীয় প্ৰতিনিধিৰ দলটোত অসম বিধান সভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীৰ উপৰিও অসম বিধান সভাৰ উপাধ্যক্ষ ড° নুমল মৌমিন, বিধায়ক ভূপেন বড়ো  আৰু বিধায়িকা নন্দিতা গাৰ্লোচা উপস্থিত আছিল। পৰিদৰ্শন কালৰ শেষত সাংবাদিকক বিধান সভাৰ অধ্যক্ষজনে জনায় যে,অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত অসম চৰকাৰে ” জনজাতীয় বিশ্বাস আৰু সংস্কৃতি ” শীৰ্ষক এক নতুন বিভাগ খুলিছে আৰু এই বিভাগৰ বাবে বৰ্তমান ১০০ কোটি টকা ধাৰ্য কৰা হৈছে। যাৰ জৰিয়তে অসমত থকা বিভিন্ন ঐতিহাসিক স্থান সমুহ বিধান সভাৰ অধ্যক্ষ,উপাধ্যক্ষ,বিধায়ক সকলে পৰিদৰ্শন কৰিব।শেষত তেঁও জনায় যে,পৰিদৰ্শন কালৰ মুলতে হ’ল অসমৰ খীলঞ্জীয়াৰ ভাষা,সাহিত্য,কৃষ্টি-সংস্কৃতি ৰক্ষাৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰা। অধ্যক্ষ গৰাকীয়ে আলিচিঙা টেঙাণীৰ প্ৰত্নতাত্বিক স্থান দখৰ সংৰক্ষণ আৰু সংবৰ্ধনেৰে দেশী বিদেশী পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু হব বুলি প্ৰকাশ কৰে । উল্লেখযোগ্য যে বিশ্বজিৎ দৈমাৰী সহ দলটোক পৰম্পৰাগত সাংস্কৃতিক শোভাযাত্ৰাৰে আদৰণি জনোৱা হয়

Leave A Reply

Your email address will not be published.