বকো সমষ্টিৰ ছমৰীয়া উন্নয়ন খণ্ডৰ অন্তৰ্গত নগৰবেৰাৰ টুপামাৰীত আজিও সুগম হৈ নুঠিল যাতায়ত ব্যৱস্থা, বিধস্ত পথে আমুৱাইছে ৰাইজক। বৃহত্তৰ টুপামাৰী অঞ্চলৰ ব্যৱসায় বাণিজ্যৰ এক মাত্ৰ প্ৰতিষ্ঠানটো হল টুপামাৰী বজাৰ আৰু টুপামাৰী বজাৰৰ পৰা ৰঙ্গেশ্বৰী পামলৈ যোৱা পথটি অতিকৈ বিধস্ত, মানুহৰ নিত্য প্ৰয়োজনীয় সামগ্ৰী ক্ৰয় কৰিবলৈ পথটিৰে বোকাৰে লুতুৰি পুতুৰি যাব লাগে টুপামাৰী বজাৰলৈ। বছৰটোৰ সৰহভাগ কাল বোকাময় হৈ থাকে পথচোৱা। পথটিৰে নিতৌ স্কুল-কলেজীয়া ছাত্ৰ ছাত্ৰী ৰোগীকে আদি কৰি যান-বাহন চলাচলত যথেষ্ট অসুবিধা হৈছে।পথটিৰে নিতৌ প্ৰায় দহ খন গাওঁৰ মানুহে আহযাহ কৰিবলগীয়া হয়, সদাব্যস্ত ৰাজপথটো মাহৰ পিছত মাহ কদৰ্যময় হৈ থকাত ৰাইজে যাতায়তৰ নামত ভুগি আহিছে নৰক যন্ত্ৰণাত। পঞ্চায়ত প্ৰতিনিধিক বাৰাম্বাৰ আবেদন নিবেদন কৰাৰ পিছতো কানসাৰ কোনো গুৰুত্ব দিয়া নাই বুলি ৰাইজে অভিযোগ উত্থাপন কৰিছে। শীঘ্ৰে স্থানীয় দোকানী-ব্যৱসায়ীৰ লগতে ৰাইজে পথচোৱা যাতায়ৰ বাবে সুগম কৰি তুলিবলৈ পঞ্চায়ত প্ৰতিনিধি, স্থানীয় বিধায়িকা নন্দিতা দাস লগতে চৰকাৰ তথা বিভাগীয় কৰ্তৃপক্ষক দাবী জনাইছে।
Breaking
- Book launch of Digdarshan যোৰহাটত দিগদৰ্শন প্ৰকাশনৰ গ্ৰন্থ উন্মোচন
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- Shri Shri Rudra Mahayagya: খানাপাৰাত শ্ৰীশ্ৰী ৰুদ্ৰ মহাযজ্ঞ- কামেশ্বৰী মহা আৰাধনাৰ সফল সামৰণি
- Swacchata hi seva: স্বচ্ছতাই সেৱা অভিযানৰ অংশ হিচাবে অসমত ৩৫০০ গছপুলি ৰোপণ
- Food Processing Industry: ভাৰতৰ খাদ্য প্ৰক্ৰিয়াকৰণ খণ্ডৰ সম্প্ৰসাৰিত দিগন্ত; অৰ্থনৈতিক শ্ৰীবৃদ্ধিত উল্লেখযোগ্য ভূমিকা
- Cabinet approves Pm’s Tribal Advanced Gram Abhiyanপ্ৰধান মন্ত্ৰী জনজাতীয় উন্নত গ্ৰাম অভিযানত কেবিনেটৰ অনুমোদন
- National Boxing C’ship: পুৰুষ এলিট শাখাৰ কোৱাৰ্টাৰত অসমৰ ছয় বক্সাৰ
- AASU: আছুৰ ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদক নিযুক্তি, চৰ্জুন হান্সেৰ হাতত গধুৰ দায়িত্ব
- Major Infra Projects Launched: টুটিকোৰিন আন্তঃৰাষ্ট্ৰীয় টাৰ্মিনেল দেশৰ বাবে উচৰ্গা কৰিলে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে
- World Bamboo Day 2024: আজি বিশ্ব বাঁহ দিৱস। বাঁহগাজৰ উপকাৰিতা বিষয়ে জানক
- Assam’s pride, heritage site ‘Khatra Satra’: অসমৰ গৌৰৱ, ঐতিহ্যক্ষেত্ৰ ‘খটৰা সত্ৰ’
- eating eggs can make your brain sharper: কণী খালে আপোনাৰ মগজু চোকা হ’ব পাৰে! অধ্যয়নত প্ৰকাশ