ৰাজ্যৰ শক্তি মন্ত্ৰী বিমল বৰাৰ বিদ্যুৎ বিভাগত দ্ৰুত সংস্কাৰৰ কথা আওৰাই থকাৰ সময়তে গ্ৰাহকে নিয়মিত বিদ্যুৎ সেৱা লাভ কৰাৰ পৰা বঞ্চিত হৈ যমৰ যাতনা ভোগ কৰি বিভাগটোৰ বিৰুদ্ধে সৰৱ হৈ পৰা পৰিলক্ষিত হৈছে। ডিমৌ বিদ্যুৎ উপসংমণ্ডলৰ কাৰ্য্যালয়ৰ অন্তৰ্গত অতিকৈ ভিতৰুৱা পানীদিহিং আৰু নিতাই মৌজা দুটা বিভাগটোৰ এচাম বিষয়া, অভিযন্তাৰ চূড়ান্ত অমনোযোগিতাৰ বাবে এচাম ঠিকাদাৰে বাঁহৰ খুঁটাত বিদ্যুৎ পৰিবাহী তাঁৰেৰে বিদ্যুৎ যোগন ধৰি আহিছে। বিভাগটোৰ এই কাৰ্য্যৰ বাবে আগন্তুক দিনত যিকোনো সময়তে গাওঁবাসীৰ বাবে বিপদজনক হৈ পৰিব বিদ্যুৎ যোগান । আগন্তুক ১০৭ নং থাওৰা বিধানসভা সমষ্টিত উপ নিৰ্বাচনৰ ধামখুমিয়াত প্ৰতিটো ৰাজনৈতিক দল এতিয়া গাঁৱৰ সহজ-সৰল মানুহক থগ-প্ৰৱঞ্চনা কৰি ভোট আদায় কৰাত ব্যস্ত হৈ সপোন দেখিছে নিজৰ ক্ষমতা দখলৰ আখৰাত । এনে সময়ত থাওৰা সমষ্টিৰ পানীদিহিং মৌজাৰ নামনি মিলনকুৰ গাঁৱৰ গ্ৰাহক ৰাইজক ডিমৌ বৈদ্যুতিক উপ সংমণ্ডলে অতি নিকৃষ্ট পন্থা গ্ৰহণ কৰি বাহঁৰ খুঁটা দি অতি বিপদজনকভাৱে গ্ৰাহক ৰাইজক বিদ্যুৎ যোগান ধৰি আছে । বিভাগটোৰ বিষয়া, অভিযন্তাৰ জ্ঞাতসাৰে ঠিকাদাৰে বিপদজনকভাৱে বাঁহৰ খুঁটাৰে বিদ্যুৎ যোগান দিয়া বিভাগটোৱে সময়মতে বিল পৰিশোধ নকৰা ব্যক্তি সকলৰ ঘৰত গৈ বিদ্যুৎ সংযোগ বিচ্ছিন্ন কৰি দিছে। ইয়াকে লৈ ক্ষুদ্ধ হৈ পৰিছে লুইতপৰীয়া নামনি মিলনকুৰবাসী ৰাইজ। গাওঁবাসীৰ অভিযোগ ডিমৌৰ বিদ্যুৎ বিভাগৰ বিষয়া সকলক বহুবাৰ বাহঁৰ খুঁটা সলনি কৰিবলৈ অনুৰোধ কৰাৰ পাছতো বিভাগটোৰ কোনো গুৰুত্ব প্ৰদান কৰা নাই। মাথোঁ মাহে মাহে বিদ্যুতৰ বিল নিয়মিত দিয়াৰ উপৰি বিল পৰিশোধ নকৰিলে সংযোগ বিচ্ছিন্ন কৰি আহিছে। সমষ্টিৰ উপ নিৰ্বাচনৰ লক্ষ্যৰে আধাৰশিলাত ব্যস্ত থকা শাসকীয় পক্ষৰ কিন্তু নামনি মিলনকুৰবাসীৰ বেদনা শুনিবলৈ সময় নাই। সামান্য এজাক বৰষুণ আৰু বতাহত বিদ্যুৎৰ সংযোগ কেইবাটাও দিনলৈ বিছিন্ন হৈ পৰা এই এলেকাবোৰত অতিশীঘ্রেই বিদ্যুৎ যোগান নিয়মীয়া কৰা আৰু বাঁহৰ খুঁটা সলনি কৰি পকি খুঁটা লগাই মাহিলী বিল আদাক কৰক বুলিও ৰাইজে মন্তব্য কৰিছে।
Breaking
- Book launch of Digdarshan যোৰহাটত দিগদৰ্শন প্ৰকাশনৰ গ্ৰন্থ উন্মোচন
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- Orunodoi 3.0 scheme: ৰাজ্যজুৰি অৰুণোদয় ৩.০ আনুষ্ঠানিকভাৱে শুভাৰম্ভ মুখ্যমন্ত্ৰীৰ
- Sarania-Kachari Tribe in Assam: জনজাতিৰ প্ৰমাণ পত্ৰ এখনৰ বাবেও সংগ্ৰাম কৰিবলগীয়া হৈছে অসমৰ একাংশ আদিপুৰুষে
- Assam Online Trading Scam: প্ৰমাণ হ’ল – চুমি বৰাৰ হাতোৰা প্ৰসাৰিত হৈছিল ন্যায়পালিকাৰ পৰা কাৰ্যপালিকালৈ !
- Tirupati temple: তিৰুপতি মন্দিৰৰ লাডুত গো-মাংসৰ চৰ্বি!
- Delhi Chief Minister : দিল্লীৰ নতুন মুখ্যমন্ত্ৰী কোন হ’ব ?
- Smart Meter:স্মার্ট মিটাৰ এপিডিচিএলক ঘূৰাই দিলে ক্ষোভিত ৰাইজে !
- MISING AUTONOMOUS COUNCIL: মিচিং স্বায়ত্ততশাসিত পৰিষদৰ নতুন পৰিষদীয় সমষ্টি সীমা নির্ধাৰণক লৈ অভিযোগ !
- Cyber Crime: ৯ জন চাইবাৰ অপৰাধীক আটক !
- Arijit Singh: মঞ্চখনেই মোৰ বাবে মন্দিৰঃ অৰিজিত সিং
- Arunodoi 3.0: অৰুণোদয় ৩.০ঃ এক ৰেচন কাৰ্ড-এক অৰুণোদয়