Breaking

‍’ আজাদী কা অমৃত মহোৎসৱ ‘ উপলক্ষে Export Enclaveৰ আয়োজন

0 2,035

আজাদী ক্যা অমৃত মহোৎসৱ উপলক্ষে ওদালগুৰি জিলা বানিজ্য কেন্দ্ৰৰ উদ্যোগত অনুষ্ঠিত কৰা এক্সপোৰ্ট কনক্লেভ ২৪ ছেপ্তেম্বৰত  জিলা খনৰ ডিআৰডিএৰ সভা গৃহত অনুস্থিত  হৈ যায় ৷উক্ত সভাত জিলা উপাযুক্ত ডা: পি উদয় প্ৰবীন, জিলা উদ্যোগ বানিজ্য কেন্দ্ৰৰ জেনেৰেল মেনেজাৰ তথা  জি এম  ধীৰেশ্বৰ কছাৰী, জিলা ৰেচম বিভাগৰ উপ সঞ্চালক নৰেন মালাকাৰ, ভাৰত চাহ বৰ্ডৰ জিলা বিষয়া অনুপম বেজবৰুবা, টেনজিন বডোছা, জিলা এস্কটেন  বিষয়া, ডিআই আৰু চিচি বিষয়া নেপলিয়ন নাৰ্জাৰী লগতে জিলা খনৰ বিভিন্ন অঞ্চলৰ বহু উদ্যোগী উপস্থিত আছিল। জিলা উদ্যোগ  বানিজ্য কেন্দ্ৰ  পৰিচালক গৰাকীয়ে জানিব দিয়া মতে কেন্দ্ৰীয় চৰকাৰৰ নিৰ্দেশ মতে সমগ্ৰ  দেশৰ ৭৫ তম স্বাধীনতা দিবস উপলক্ষে আজাদী কা মহোৎসব প্ৰতিখন জিলাত জিলাৰ মুখ্য স্থানত ২০ ছেপ্টেম্বৰ পৰা ২৬ ছেপ্টেম্বৰলৈ ব্যানিজ্য সপ্তাহ, ২১ ছেপ্টেম্বৰ পৰা ২২ ছেপ্টেম্বৰলৈ ব্যানিজ্য উৎসব, ২৪ ছেপ্টেম্বৰ পৰা ২৬ ছেপ্টেম্বৰলৈ  এস্কপ্ৰট কনক্লেভ আৰু দেশ খনৰ ১০০ খন  মেগা ইভেন নিৰ্বাচিত জিলাত  এদিনীয়া  বিভিন্ন কায্যসুচীৰে অযোজন কৰা হৈছে। সেয়ে ২৪ছেপ্তেম্বৰত অসমৰ নিৰ্বাচিত জিলা হিচাপে কামৰূপ মেট্ৰ জিলাত আৰু ওদালগুৰিত এক্সপোৰ্ট কনক্লেভ আযোজন অনুস্থিত হয়।লগতে তেওঁ ওদালগুৰি জিলা খনত অৰ্থদছ চাহ ব্লেক আৰু গ্ৰীন চাহ আৰু এৰি ইৰ্যা ফেব্ৰিক উৎপাদিত দু-বিধক ৰপ্তানি জাত সামগ্ৰী হিচাপে চিহ্নিত কৰা বুলি উল্লেখ কৰে।

উক্ত অনুস্থানৰ লগত সংগতি ৰাখি জিলা খনত অৰ্থদছ চাহ আৰু ৰেচম শিল্পৰ দ্বাৰা উৎপাদিত সামগ্ৰীৰ এখন প্ৰদৰ্শনী আয়োজন কৰে।প্ৰদৰ্শখনিত অৰ্থদছ চাহ পেকেজিং(বৰঙ্গাবাৰী), মুগাশ্ৰী হাইনাই(শিমলুগুৰি  বৰিগাঁও),  মঙ্গলশ্রী গয়াৰী, অনছুমাই বসুমতাৰী( পুৰণি গৰৈমাৰী),  মাইথালি বড়ো, জুলিকা বাগলাৰী, দীপ্তি দৈমাৰী(নলবাৰী) বহু গৰাকী লোকে উৎপাদিত সামগ্ৰীৰে অংশ গ্ৰহণ কৰে। প্ৰদৰ্শনীত বিটিআৰ কাৰ্য্যবাহী  সদস্য ডঃ নিলোৎপল স্বৰ্গীয়াৰী উপস্থিত হৈ অনুপ্ৰেৰণা যোগোবাৰ লগতে বহু কেইবিধ সামগ্ৰী ক্ৰয় কৰে। প্ৰদৰ্শনীত জিলা খনৰ বিভিন্ন অঞ্চলৰ শ শ লোকে ভিৰ কৰাদেখিবলৈ পোৱা গৈছে 

Leave A Reply

Your email address will not be published.