প্ৰায় এমাহ ধৰি বিকল ওৰাং খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ এক্সৰে মেচিন

ওদালগুৰি জিলাৰ অন্যতম স্বাস্থ্য কেন্দ্ৰ হিচাপে পৰিচিত ওৰাং  খণ্ড প্ৰাথমিক চিকিৎসালয়ৰ  কৰ্ম কাণ্ডই ৰাইজৰ চকু কপালত তুলিছে । দীৰ্ঘদিন ধৰি চিকিৎসক সকলৰ নিজ দায়িত্ব পালন নকৰা আদিৰ দৰে নানান ধৰণৰ অসুবিধা সন্মুখীন হৈ অহা ওৰাং অঞ্চলৰ ৰাইজে এতিয়া এক্সৰে কৰিবলৈকো ১৫ কিলোমিটাৰ দূৰত ঢেকীয়াজুলি লৈ যাব লগাৰ পৰিবেশৰ সৃষ্টি হৈছে । জানিব পৰা মতে ওৰাং চিকিৎসালয়ত থকা এক্সৰে মেচিন যোৱা  ৮ ছেপ্তেম্বৰৰ  পৰাই এই  চিকিৎসালয়ত থকা একমাত্ৰ এক্সৰে মেচিন বিকল হোৱা সত্বেও কানসাৰ নাই বিভাগীয় কৰ্তৃপক্ষৰ লগতে ওৰাং চিকিৎসালয়ৰ পৰিচালনা কামিটিৰো নাই কোনো দায়িত্ব জ্ঞান । উক্ত চিকিৎসালয়ৰ পৰিচালনাৰ দায়িত্বত থকা সকলৰ সকলো ক্ষেত্ৰতেই নীৰৱ,কুম্ভকৰ্ণৰ গভীৰ নিন্দ্ৰাৰ  ভূমিকা পালন কৰাত অত্যন্ত দুখ প্ৰকাশ কৰিছে ৰোগীৰ লগতে ওৰাং বাসী ৰাইজে । বিজেপি নেতৃত্বাধীন চৰকাৰৰ দিনত স্বাস্থ্যৰ প্ৰতি বিশেষ গুৰুত্ব দি অহা সময়ত ওৰাং সামুহিক  চিকিৎসালয়ৰ সেৱাই চিন্তিত কৰি তুলিছে সচেতন মহলক ।

Related Articles