Breaking

সাজু হৈছে উদয়ন থিয়েটাৰ

0 2,150

কৰোনাতাংকই স্তব্ধ কৰা সংস্কৃতিৰ পথাৰখন সজীব কৰাৰ প্ৰয়াসেৰে ভ্ৰাম্যমাণ নাট্যজগতত নৰূপেৰে পাঠশালাৰ পৰা আত্মপ্ৰকাশ কৰিবলৈ সাজু হৈছে জ্যোতিপদ তালুকদাৰৰ প্ৰযোজিত উদয়ন থিয়েটাৰ। ইতিমধ্যে যুদ্ধকালীন প্ৰস্তুতিৰে আখৰাত ব্যস্ত থকা উদয়ন থিয়েটাৰে চলিত নাট্যবৰ্ষত নিবেদন কৰিব অভিনেতা, নাট্যকাৰ চম্পক শৰ্মাৰ “সীতাৰ অগ্নিপৰীক্ষা” , নাট্যকাৰ ৰাজদ্বীপৰ “বুকুৰ মাজত তুমি” আৰু  নাট্যকাৰ, পৰিচালক অভিজিত ভট্টাচাৰ্য্যৰ “মৰমৰ দালাল”। বাতৰি সংগ্রহ কৰা সময়লৈ সীতাৰ অগ্নিপৰীক্ষা আৰু বুকুৰ মাজত তুমি নাটকদুখনৰ আখৰা প্ৰায় সম্পূর্ণ হৈছে বৰ্তমানে মৰমৰ দালাল নাটকখনৰ মঞ্চআখৰাত ব্যস্ত আছে শিল্পী কলাকুশলী সকল। আনহাতে চলিত নাট্যবৰ্ষত উদয়নৰ মঞ্চত বহুতো ন পুৰণি অভিনেতা অভিনেত্রীৰ অভিনয়ৰ সমাহাৰ ঘটিছে যত দেখিবলৈ পোৱা গৈছে বলিষ্ঠ অভিনেতা মৃদুল বৰুৱা, অঞ্জন জ্যোতি বেজ, হেমেন শৰ্মা, দীপু তালুকদাৰ, চন্দন ডেকা, দেব ৰয়, অভিনেত্রী অৰ্চনা বৰা, ভায়োলিনা বৰুৱা, প্ৰনীতা নাথৰ লগতে বোলছবি জগতৰ সুদৰ্শন অভিনেতা অৰুপ বৰা আৰু সৰুপৰ্দাৰ মোহময়ী অভিনেত্রী দেবাশ্ৰী গগৈক। আনহাতে নাটকৰ সংগীত পৰিচালনা কৰিছে অহিৰ ভৈৰৱ আৰু দীপক বৰুৱাই। উদয়ন থিয়েটাৰৰ সম্পাদকৰ দায়িত্বত আছে কিশোৰ মালাকৰ। নাট্যদলটোৰ প্ৰতিষ্ঠাপক প্ৰযোজক শশী শক্তি ডেকা আৰু মূখ্য পৃষ্ঠপোষক পুতুলী ডেকা। আনহাতে নাটকৰ নাম প্ৰকাশৰ দিনৰে পৰা বিশেষ চৰ্চা লাভ কৰা উদয়ন থিয়েটাৰৰ চলিত নাট্যবৰ্ষকলৈ যথেষ্ট আশাবাদী প্ৰযোজক পৰিচালক তথা শিল্পী কলাকুশলী সকল। তাৰোপৰি প্ৰযোজকে জানিব দিয়া মতে অহা ৫ অক্টোবৰত পাঠশালাৰ পৰা উদয়ন থিয়েটাৰে নাট্যযাত্ৰা আৰম্ভ কৰিব। 

Leave A Reply

Your email address will not be published.