ভ্ৰাম্যমাণ থিয়েটাৰৰ শিবিৰে শিবিৰে আৰম্ভ হৈছে নাটকৰ যুদ্ধকালীন প্ৰস্তুতি। ক’ৰোনা মহামাৰীয়ে জুৰুলা কৰা সংস্কৃতিৰ পথাৰখন জীপাল কৰাৰ দুঃসাহসেৰে সাজু হোৱা প্ৰনৱ বৰ্মনৰ প্ৰযোজিত থিয়েটাৰ বীণাপাণিৰ ইতিমধ্যে প্ৰস্তুতি তুংগত । নাট্যপ্ৰেমী ৰাইজৰ মৰম আৰু আশীর্বাদ বিচাৰি চলিত ২১-২২ নাট্যবৰ্ষত থিয়েটাৰ বীণাপাণিৰ মঞ্চত দেখিবলৈ পোৱা যাব চাৰিজন নাট্যকাৰৰ চাৰিখন ভিন্ন ৰসৰ নাটক। নাট্যকাৰ অভিজিৎ ভট্টাচার্যৰ “কলংকিনী ৰাধা”, নাট্যকাৰ ধ্ৰুৱজ্যোতি শৰ্মাৰ “বলিদান”, সতীশ দাসৰ “মহা মিলন” আৰু ৰমা বৰ্মনৰ “বদনামী ছোৱালী” । ইতিমধ্যে মাটি আখৰা সম্পূর্ণ কৰি মঞ্চ আখৰাত ব্যস্ত হৈছে শিল্পী সকল আনহাতে চলিত নাট্যবৰ্ষত বীণাপাণিৰ মঞ্চত বহুতো ন পুৰণি অভিনেতা অভিনেত্রীৰ অভিনয়ৰ সমাহাৰ ঘটিব যত অভিনয় কৰিব বলিষ্ঠ অভিনেতা কৃষ্ণমনি নাথ, বিশাল বৰা, ৰাজীৱ শৰ্মা, পল্লৱ দিক্ষীত, সঞ্জীৱ বৈশ্য, প্ৰিয় বৰ্মন, কংকন দেৱনাথ, আলু খ্যাত গৌৰাংগ, অভিনেত্রী হেলেনা আখটাৰ, লীজা ববৰা আৰু বৰ্নালী পাঠকে। তাৰোপৰি নাটকৰ সংগীত পৰিচালনা কৰিছে বিশিষ্ট সংগীত পৰিচালক অমিত সিনহাই। থিয়েটাৰ বীণাপাণিৰ সম্পাদকৰ দায়িত্বত আছে ৰাজীৱ শৰ্মা আৰু কৰেন বৰ্মন। প্ৰযোজক প্ৰনৱ বৰ্মনে জানিব দিয়া মতে ৭ অক্টোবৰত বনিয়াকুছিত বীণাপাণি থিয়েটাৰে নাট্যযাত্ৰা আৰম্ভ কৰিব। সমূহ নাট্যপ্ৰেমী ৰাইজৰ সহযোগিতা আৰু আশীর্বাদ বিচাৰিছে থিয়েটাৰ বীণাপাণিৰ প্ৰযোজক পৰিচালক শিল্পী কলাকুশলী সকলে।
Breaking
- Book launch of Digdarshan যোৰহাটত দিগদৰ্শন প্ৰকাশনৰ গ্ৰন্থ উন্মোচন
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- Nagaon District Medicine Dealers’ Association:ৰাইজৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ পিছতেই মুহূৰ্তে মুহূৰ্তে ৰং সলনি কৰিছে নগাঁৱৰ ঔষধ ব্যৱসায়ী সন্থাই
- Nazira ONGC employee goes to jail:ইনষ্টাগ্ৰামৰ বাগিৰে লজ্জানত কাণ্ড! ONGCৰ কৰ্মচাৰী গ’ল জে’ল হাজোতলৈ
- Na Lakhimi Scheme:মহিলা হিতাধিকাৰীক ন-লখিমী আঁচনিৰ দ্বাৰা মাহে ৩০০০ টকাকৈ দিয়া হ’বঃ ভূপেন কুমাৰ বৰা
- All Tiwa Students Union: বেদখলকৃত ভূমি উচ্ছেদ কৰি ট্ৰাইবেল বেল্ট-ব্লক সংৰক্ষণৰ দাবী সদৌ তিৱা ছাত্ৰ সন্থাৰ
- Orunodoi 3.0 scheme: ৰাজ্যজুৰি অৰুণোদয় ৩.০ আনুষ্ঠানিকভাৱে শুভাৰম্ভ মুখ্যমন্ত্ৰীৰ
- Sarania-Kachari Tribe in Assam: জনজাতিৰ প্ৰমাণ পত্ৰ এখনৰ বাবেও সংগ্ৰাম কৰিবলগীয়া হৈছে অসমৰ একাংশ আদিপুৰুষে
- Assam Online Trading Scam: প্ৰমাণ হ’ল – চুমি বৰাৰ হাতোৰা প্ৰসাৰিত হৈছিল ন্যায়পালিকাৰ পৰা কাৰ্যপালিকালৈ !
- Tirupati temple: তিৰুপতি মন্দিৰৰ লাডুত গো-মাংসৰ চৰ্বি!
- Delhi Chief Minister : দিল্লীৰ নতুন মুখ্যমন্ত্ৰী কোন হ’ব ?
- Smart Meter:স্মার্ট মিটাৰ এপিডিচিএলক ঘূৰাই দিলে ক্ষোভিত ৰাইজে !