অসম চৰকাৰৰ পৰিবহন বিভাগৰ গুৱাহাটীৰ বেতকুছিস্থিত কামৰূপ মহানগৰ জিলাৰ জিলা পৰিবহন বিষয়াৰ ( পঞ্জীয়ন আৰু অনুজ্ঞা ) কাৰ্যালয়ে চলিত , ২০২১ – ২২ বিত্তীয় বর্ষৰ প্ৰথম ছয়টা মাহ অৰ্থাৎ পহিলা এপ্ৰিলৰ পৰা ৩০ ছেপ্টেম্বৰলৈকে ৰাজ্যৰ ভিতৰতে অভিলেখ পৰিমাণৰ ১০২,৩৫,৪৯,৬৬৪.০০ কৌটি টকাৰ ৰাজহ সংগ্ৰহ কৰিবলৈ সক্ষম হৈছে । ক’ভিডে জুৰুলা কৰা ৰাজ্যখনৰ পৰিবহন খণ্ডটোৰ বাবে এক ইতিবাচক দিশ বুলি বিবেচিত হৈছে । কিয়নো ক’ভিডৰ বাবে ২০২০ – ২১ বর্ষৰ দৰে চলিত ২০২১ -২২ বৰ্ষটোতো পৰিবহন খণ্ডটোৰ পৰিকাঠামটো প্ৰায় ভাঙি পৰিছে । মে’ৰ পৰা আগস্টলৈকে মাহলৈ প্ৰায় চাৰি মাহ ধৰি আন্তঃ জিলা যাতায়ত বন্ধ হৈ থকাৰ পাছত পহিলা ছেপ্টেম্বৰৰ পৰাহে ৰাজ্যত আন্তঃ জিলা যাত্ৰীবাহী যানবাহনৰ চলাচল আৰম্ভ হৈছে । কামৰূপ মহানগৰ জিলাৰ ( পঞ্জীয়ন আৰু অনুজ্ঞা ) জিলা পৰিবহন বিষয়া গৌতম দাসে সদৰি কৰা অনুসৰি ক’ভিডৰ ভয়াবহতা স্বত্তেও কাৰ্যালয়ৰ যান বাহন পৰিদর্শক , প্ৰৱৰ্তক পৰিদৰ্শক আৰু সমূহ কৰ্মচাৰীৰ সমূহীয়া প্ৰষ্টেটাত কভিডৰ প্ৰত্যাহ্বান নেওচিও কাম কৰা বাবে বিগত ছয়টা মাহত ১০২ কৌটি টকাতকৈ অধিক পৰিমাণৰ ৰাজহ সংগ্ৰহ কৰিব পৰা গৈছে । বিগত বৰ্ষত একে সময়ছোৱাত সংগ্ৰহীত ৰাজহৰ পৰিমাণ আছিল ৫৯,৪০,৩৪,২২৫.০০ টকা । তেনেদৰে বিগত ২০২০ -২১ বৰ্ষত সংগ্ৰহীত ৰাজহৰ পৰিমাণ আছিল ২০৫,১৪,৯৯,৬৭৮.০০ টকা । ইফালে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই পৰিবহণকে ধৰি ৰাজহ সংগ্ৰহকাৰী বিভাগ সমূহক সুৰুঙা নৰখাকৈ ৰাজহ সংগ্ৰহ কৰা কামত আত্মনিয়োগ কৰিবলৈ জনোৱা আহ্বানৰ আঁত ধৰি পৰিবহণ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে ৰাজ্যৰ প্ৰতিখন জিলাৰ জিলা পৰিবহণ বিষয়াক ভি ডি অ কনফাৰেনসিং যোগে ৰাজহ সংগ্ৰহ ব্যৱস্থা বাহাল ৰাখিবলৈ নিৰ্দেশ দিছিল । পৰিবহণ মন্ত্ৰীৰ নিৰ্দেশৰ পাছতেই যোৱা জুলাই মাহৰ প্ৰথম সপ্তাহৰ পৰা মহানগৰ জিলাৰ যান বাহন পৰিদৰ্শক , প্ৰৱৰ্তক সকলে জিলা পৰিবহণ বিষয়া গৌতম দাসৰ নেতৃত্বত আৰু কেবাটাও গোটত ভাগ ভাগকৈ বছৰ বছৰ ধৰি বিভাগক ৰাজহ আদায় নিদিয়াকৈ থকা বিভিন্ন বহুজাতিক কোম্পানী , ট্ৰেন্সপোৰ্ট এ। জেন্সি , স্পেনিছ গাৰ্ডেন , গেমছ ভিলেজকে ধৰি বহু বিলাসী এপাৰ্টমেণ্ট আদিত গৈ বছৰ বছৰ যাবতীয় বা বকেয়া কৰ আদায় নিদিয়াকৈ থকা বাহন সমূহক ৩০ ছেপ্টেম্বৰৰ ভিতৰত কৰ আদায় দিয়াৰ বাবে আহ্বান জনায় সজাগতা অভিযান চলোৱা হৈছিল । কৰ আদায় নিদিয়া বাহনৰ পৰা পহিলা অক্টোবৰৰ পাছত জৰিমনা বিহা হব বুলিও অভিযানকাৰী দলে সতৰ্ক কৰি দিছিল । আনকি বছৰ বছৰ ধৰি কৰ আদায় নিদিয়াকৈ থকা বহু বাহনৰ গৰাকীক হাতে হাতে আৰু আন বহুতকৈ ডাকযোগে কৰ আদায় দিয়াৰ বাবে ডিমাণ্ড নটিছ প্ৰেৰণ কৰা হৈছিল । অভিযানত কামৰূপ মহানগৰ জিলাৰ আন দুজন জিলা পৰিবহন বিষয়া ৰফিকুল ইছলাম আৰু হিমাংশু কুমাৰ দাসৰ লগতে যান বাহন পৰিদর্শক , প্ৰৱৰ্তক পৰিদর্শক , সহ পৰিদর্শক আৰু প্ৰৱৰ্তক চেকাৰ সকলেও ভাগ লৈছিল । ফলত তেনে বহুজাতিক কোম্পানী বা ট্ৰেন্সপোৰ্ট এজেন্সিয়ে ৰাজহ আদায় দিবলৈ আগবাঢ়ি অহাত কেৱল ছেপ্টেম্বৰ মাহতে অভিলেখ পৰিমাণৰ ২৪,৬২,৯৪,০০২.০০ কৌটি টকাৰ ৰাজহ সংগ্ৰহ হয় । আনকি কেৱল ৩০ ছেপ্টেম্বৰৰ দিনটোতে সংগ্ৰহীত ৰাজহৰ পৰিমাণ আছিল ২,৬৩,০৫,৩৮০.০০ টকা । বিগত ২০২০ -২১ বৰ্ষৰ প্ৰথম ছয়টা মাহত সংগ্ৰহীত ৰাজহৰ পৰিমাণ আছিল ৫৯,৪০,৩৪,২২৫.০০ কৌটি টকা । উল্লেখযোগ্য যে ৰাজহ সংগ্ৰহ অভিযানৰ সমান্তৰালভাৱে কাৰ্যালয়ৰ ফালৰ পৰা বিভিন্ন এন জি অৰ সহযোগত গুৱাহাটীৰ কেবাটাও ৰাজপথত চলাচল কৰা চিটিবাছ আদিৰ চালক , পৰিচালক , হেণ্ডিমেন আৰু তেওঁলোকৰ পৰিয়ালৰ লোকৰ বাবে ক’ভিড প্ৰতিৰোধী ভেকচিন প্ৰদান শিবিৰ অনুষ্ঠিত কৰা হৈছে বুলি জিলা পৰিবহণ বিষয়া গৌতম দাসে সদৰি কৰিছে । একেদৰে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ আগ্ৰহ আৰু পৰিবহণ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ নিৰ্দেশনা অনুসৰি এইবেলি উচ্চতৰ মাধ্যমিক বা দ্বাদশ শ্ৰেণীৰ পৰীক্ষাত উত্তীৰ্ণ শিক্ষাৰ্থী , চিকিৎসক , স্বাস্থ্যকর্মী , সেনা বাহিনীৰ লোক , সংবাদ মাধ্যমৰ লগত জড়িত , সাংবাদিক , সংবাদকর্মী সকলক থিতাতে গাড়ী চালনাৰ অনুজ্ঞাপত্ৰ প্ৰদান কৰি থকা হৈছে । একেদৰে ৰাজহ আদায় দিয়াৰ আহ্বানৰ সমান্তৰালভাৱে পথ সুৰক্ষা সজাগতাৰ বাবে এফ এম ৰেডিও আৰু মাইক যোগে বিশেষ অভিযানো আৰম্ভ কৰা হৈছে । সম্প্ৰতি মুখ্যমন্ত্ৰীয়ে দুৰ্ঘটনামুক্ত অসম গঢ়াৰ বাবে যি আহ্বান জনাইছে সেই আহ্বান অনুসৰি দুৰ্ঘটনাৰ সংখ্যা হ্ৰাস কৰাৰ লক্ষ্যৰে জিলা পথ সুৰক্ষা সমিতিয়ে কেতবোৰ পদক্ষেপ গ্ৰহণ কৰিছে বুলি সমিতিৰ সদস্য সচিবৰ দায়িত্বত থকা গৌতম দাসে জানিবলৈ দিছে । শেহতীয়াকৈ কেন্দ্ৰীয় পথ পৰিবহণ মন্ত্রণালয়ৰ নিৰ্দেশনা অনুসৰি যিসকল বাহনৰ গৰাকীয়ে ৩০ ছেপ্টেম্বৰৰ ভিতৰত নিজৰ বাহন নবিকৰণ কৰিব নোৱাৰিলে বা যাবতীয় কৰ আদায় দিব নোৱাৰিলে তেওঁলোকৰ সুবিধাৰ বাবে পুনৰ ৩০ অক্টোবৰলৈকে বকেয়া কৰ আদাই দিয়াৰ সময় সীমা বৃদ্ধি কৰা হৈছে ।
Breaking
- Book launch of Digdarshan যোৰহাটত দিগদৰ্শন প্ৰকাশনৰ গ্ৰন্থ উন্মোচন
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- Mising Autonomous Council: মিচিং স্বায়ত্তশাসিত পৰিষদৰ সাংবিধানিক মৰ্যাদা অবিহনে আন্দোলন অব্যাহত থাকিব
- Smart meters: স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে বিৰোধী ঐক্য মঞ্চৰ বিক্ষোভ
- Auspicious Bhado Month: চুবুৰীয়া ৰাজ্য মেঘালয়ৰ নংপোৰ মাৰাংগাৰত শঙ্কৰদেৱ নামঘৰত এমহীয়া পৱিত্ৰ ভাদমহীয়া নামৰ সামৰণি
- AJYCP protests against ONGC: নাজিৰাত ONGCৰ থলুৱাবিৰোধী নীতিৰ বিৰুদ্ধে AJYCPৰ বিক্ষোভ
- Oil and gas drilling in Gibbon Sanctuary: গিবনত তেল-গেছ খননৰ সিদ্ধান্তৰ কঠোৰ বিৰোধিতা আটাছুৰ
- Nagaon District Medicine Dealers’ Association:ৰাইজৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ পিছতেই মুহূৰ্তে মুহূৰ্তে ৰং সলনি কৰিছে নগাঁৱৰ ঔষধ ব্যৱসায়ী সন্থাই
- Nazira ONGC employee goes to jail:ইনষ্টাগ্ৰামৰ বাগিৰে লজ্জানত কাণ্ড! ONGCৰ কৰ্মচাৰী গ’ল জে’ল হাজোতলৈ
- Na Lakhimi Scheme:মহিলা হিতাধিকাৰীক ন-লখিমী আঁচনিৰ দ্বাৰা মাহে ৩০০০ টকাকৈ দিয়া হ’বঃ ভূপেন কুমাৰ বৰা
- All Tiwa Students Union: বেদখলকৃত ভূমি উচ্ছেদ কৰি ট্ৰাইবেল বেল্ট-ব্লক সংৰক্ষণৰ দাবী সদৌ তিৱা ছাত্ৰ সন্থাৰ
- Orunodoi 3.0 scheme: ৰাজ্যজুৰি অৰুণোদয় ৩.০ আনুষ্ঠানিকভাৱে শুভাৰম্ভ মুখ্যমন্ত্ৰীৰ