Breaking

গোসাইগাঁৱৰ সাপকাটাত মহিলা নিৰুদ্দেশ

0 2,014

 গোসাইগাঁও মহকুমাৰ সাপকাটা আৰক্ষী চকীৰ অন্তৰ্গত ১নং মাটিয়াপাৰা গাঁৱৰ এগৰাকী মহিলা যোৱা ২৮ ছেপ্তেম্বৰৰ পৰা নিৰুদ্দেশ হোৱা ঘটনাই অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷প্ৰাপ্ত বাতৰি মতে ,যোৱা ২৮ ছেপ্তেম্বৰ তাৰিখে ১ নং মাটিয়াপাৰা গাঁৱৰ প্ৰায়ত ৰূপচাঁন আলী খানৰ বিবাহিত কন্যা  ৰুকিয়া বেগম (২০) নিজৰ পিতৃ গৃহৰ পৰা ৰাতিপূৱা সাত মানবজাত ওলাই আহে ৷কিন্ত ঘৰলৈ ঘূৰি নযোৱাত পৰিয়ালৰ লোকসকল চিন্তিত হৈ পৰে ৷ পৰিয়ালৰ লোকে আত্মীয় স্বজনৰ ঘৰৰ লগতে বিভিন্ন ঠাইত বিচাৰ-খোচাৰ কৰে যদিও মহিলা গৰাকীৰ কোনো শুংসূত্ৰ ওলাবলৈ সক্ষম হোৱা নাই ৷নিৰুদ্দেশ সম্পৰ্কত নিৰুদ্দিষ্ট মহিলা গৰাকীৰ মাতৃ মমেলা বেওয়াই সাপকাটা আৰক্ষী চকীত এখন এজাহাৰ দাখিল কৰিছে ৷নিৰুদ্দিষ্ট মহিলা গৰাকীৰ কোনো সদাশয় ব্যক্তিয়ে যদি সন্ধান লাভ কৰে ৷তেন্তে ৮৭৩৬০০১৪০৩ মোবাইল নম্বৰত যোগাযোগ কৰিবলৈ পৰিয়ালৰ লোকে অনুৰোধ জনাইছে ৷

Leave A Reply

Your email address will not be published.