Breaking

ডিষ্টিংচন নম্বৰ লাভ কৰা সোণতলীৰ ইলিয়াচৰ ঘৰত পঞ্চায়ত প্ৰতিনিধিৰ দলে সম্বৰ্ধনা জনায় ।

0 229

দৈনন্দিন বাৰ্তাৰ সেৱা, সোণতলী

সদ্যঘোষিত হাইস্কুল শিক্ষান্ত আৰু মাদ্ৰাছা পৰীক্ষাৰ ফালফল ঘোষণা কৰাৰ পিছতে সমগ্ৰ অসমতে আনন্দ-উল্লাসৰ পৰিৱেশ সৃষ্টি হৈছে৷ ৰাজ্যৰ ভিন্ন প্ৰান্তে সফল্যতাৰে হাইস্কুল শিক্ষান্ত আৰু হাই মাদ্ৰাছা পৰীক্ষাত উত্তীৰ্ণ হোৱা শিক্ষাৰ্থীৰ ওচৰত বিভিন্ন দল-সংগঠণৰ নেতা-কৰ্মীয়ে শুভেচ্ছা জনোৱা দেখা গৈছে৷  উল্লেখ্য যে, হাইস্কুল শিক্ষান্ত পৰীক্ষাত বকো সমষ্টিৰ সোণতলী এলেকাধীন আৰিকাটি গাঁৱৰ ক্ষুদ্ৰ ব্যৱসায়ীৰ সন্তান ইলিয়াচ আলী ৯৩.৫ শতাংশ নম্বৰ লাভ কৰি অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই আনে৷ আনহাতে নলবাৰী জিলাৰ ৰামপুৰস্থিত হজৰত আলী মেম’ৰিয়েল একাডেমিৰ পৰা সাফল্যতাৰে ইলিয়াচ উত্তীৰ্ণ হোৱাত একাডেমিৰ শিক্ষক সকলেও আনন্দিত হৈছে৷ মুঠ ৬০০ নম্বৰৰ ভিতৰত ৫৬১ নম্বৰ লাভ কৰা ইলিয়াচক সম্বৰ্ধনা জনাবলৈ পঞ্চায়ত প্ৰতিনিধিৰ এটা দল আজি উপস্থিত হৈ তেওঁক ফুলাম গামোচাৰ লগতে ফুলৰ মালাৰে সম্বৰ্ধনা জনায়৷ উল্লেখ্য যে, সোণতলী টুপামাৰী জিলা পৰিষদৰ সদস্য স্বাহাজাহান আলী, মাহতলী গাঁও পঞ্চায়তৰ সভাপতি তাইজুদ্দিন আহমেদ, মাহতলী গাঁও পঞ্চায়তৰ আঞ্চলিক সদস্য আমিন মইনুল হকৰ লগতে ৱাৰ্ড সদস্য হামিদা বেগমে ইলিয়াচক সম্বৰ্ধনা জনায়৷ স্মৰ্তব্য যে, স্বাহজাহান আলীয়ে ইলিয়াচক অনাগত দিনত আৰি অধিক গুৰুত্বসহকাৰে পঢ়াক পৰামৰ্শ দিয়াৰ লগতে  অভিভাৱক মেছেৰ আলীক কয় যে, আৰ্থিক অনাটৰ বাবে যাতে থমকি নৰৈ সন্তানৰ ভৱিষ্যত উজ্জল কৰিবলৈ সকলো ধৰণৰ চেষ্টা কৰে৷

প্ৰেৰকঃ ৰেজাউল কবিৰ, সোণতলী

যদি আপুনি আমাৰ ৰিপোৰ্ট পঢ়ি ভাল পাইছে, তেনেহ’লে ইয়াত ক্লিক কৰি আপুনি আমাক ফেচবুকত ‘লাইক‘ কৰিব পাৰে। 

Leave A Reply

Your email address will not be published.