বানে ধোৱা ধাননী পথাৰ দেখি হৃদযন্ত্ৰ ক্ৰিয়া বন্ধ হৈ মৃত্য হোৱা ওমৰ আলীৰ ঘৰত উপস্থিত বিধায়িকা নন্দিতা দাস ৷

দৈনন্দিন বাৰ্তাৰ সেৱা, সোণতলী

সমগ্ৰ দেশত মহামাৰী কৰ’ণা আতংক মাৰ নৌযাওতেই ৰাজ্যত দেখা দিছে আন এক সংকটে ৷ কিছুদিন ধৰি হৈ থকা মুষলধাৰ বৰষুণৰ ফলত ৰাজ্যত দেখা দিছে একপ্ৰকাৰ অভাৱনীয় বানপানীৰ ৷ বিশেষকৈ এই বানপানীৰ ফলত ৰাজ্যৰ গ্ৰামাঞ্চলৰ কৃষকসকল আটাইতকৈ বেছি ক্ষতিগ্ৰস্থ হৈছে ৷ বেঙ্কৰ পৰা ঋণ লৈ দৰিদ্ৰ কৃষকে কৰা ধান খেতি সম্পুৰ্ণৰূপে বানপানীত বুৰ গৈছে ৷যাৰ ফলত কৃষক সকলৰ মাজত একপ্ৰকাৰ হাহাকাৰ পৰিস্থিৰ সৃষ্টি হৈছে ৷ মুৰে কপালে হাত দিব লগা হৈছে কৃষকে ৷ ঘৰৰ হাঁহ, কুকুৰা আ-অলংকাৰ বিক্ৰী কৰি কপালৰ ঘাম মাটিত পেলাই কৰা ধান খেতি পানীৰ তলত বুৰ যোৱাত হিয়া ঢাপৰি কান্দিছে কৃষকে ৷কিন্তু ৰাজ্য চৰকাৰে আজিও বুজি পোৱা নাই এইসকল কৃষকৰ মৰ্মবেদনা ৷ নিজে এহাজ নাখাই সেই টকাৰে খেতিত পানী যোগান ধৰি অহা ধাননী পথাৰ বানে বিনষ্ট হোৱাৰ দৃশ্য দেখি পথাৰতে হৃদযন্ত্ৰ ক্ৰিয়া বন্ধ হৈ মৃত্যু হৈছিল কামৰূপ জিলাৰ বকো সমষ্টিৰ অন্তৰ্গত বটিয়ামাৰী গাঁৱৰ কৃষকওমৰ আলী ৷ দেউবাৰে বকো সমষ্টিৰ বিধায়িকা নন্দিতা দাসে বামুণবুঢ়ী গাঁও পঞ্চায়তৰ প্ৰতিধিনি সকলত লগত লৈ ওমৰ আলীৰ ঘৰত উপস্থিত হৈ পৰিস্থিতিৰ বুজ লোৱাৰ লগতে নগধ তিনি হাজাৰ টকাৰে আৰ্থিকভাৱে সহায় কৰে পৰিয়ালটোক ৷ লগতে তেও কয়- যিসকল কৃষকৰ ধান খেতি কৃতিম বানপানীত নষ্ট হৈছে সেইসকল কৃষক সকলক যাতে চৰকাৰে ক্ষতিপুৰণ দিয়ে তাৰ বাৰে চৰকাৰক অনুৰোধ জনায় ৷আনহাতে, যিসকল কৃসকৰ নিজৰ মাটি নাই অৰ্থাৎ বেলেগৰ মাটিত খেতি কৰিছিল সেইসকল কৃষককো ক্ষতিপুৰণ দিয়াৰ বাবে চৰকাৰ দাবী জনায় ৷ উল্লেখ্য যে, বিধায়িকা নন্দিতা দাসে ওমৰ আলীৰ পৰিয়ালক পঞ্চায়তৰ বিভিন্ন আঁচনিত নাম অন্তৰ্ভুক্ত কৰি পৰিয়ালটোক উপকৃত কৰিবলৈ পঞ্চায়ত প্ৰতিনিধি সকলক অনুৰোধ জনায় ৷ স্মৰ্তব্য য, পিএম কিষাণ আঁচনিৰ নামৰ ব্যপক দুৰ্নীতি হোৱা বুলি অভিযোগ তুলি তেওঁ কয় যে, যিসকল প্ৰকৃত কৃষক তেওঁলোকক বঞ্চিত কৰি জালিয়াতিৰে ভূৱা কৃষকৰ নাম অন্তৰ্ভুক্ত কৰি চৰকাৰী টকা আত্মসাৎ কৰাৰ অভিযোগ তুলিছে ৷  লগতে পিএম কিষাণ আঁচনিৰ নামত সংঘটিত কৰা দুৰ্নীতিৰ বিৰুদ্ধে তদন্ত কৰিবলৈ চৰকাৰক দাবী জনায় ৷ আনহাতে, দক্ষিণ কামৰূপ জিলা ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ সভাপতি উপস্থিত হৈ বিধায়িকা নন্দিতা দাসক মৃত্যু  হোৱা ওমৰ আলীৰ তিনি সন্তানক শিক্ষাৰ যাৱতীয় ব্যবস্থা গ্ৰহণ কৰা, বটিয়ামাৰী, মালিবাৰী শালমাৰা,পুটিমাৰী, আদি কৰি বৃহৎ অঞ্চলত শ্বোইচ গেটৰ ব্যবস্থা, বানপানীৰ ফলত কৃষকৰ যি ক্ষতি হল তাৰ ক্ষতি পুৰন  দিয়াৰ লগতে মাটি ভাড়াত লৈ খেতি কৰাা কৃষক সকলক  দুগুণ ক্ষতিপুৰণ দিয়াৰ দাবী জনায়৷
প্ৰেৰকঃ ৰেজাউল কবিৰ, সোণতলী

Related Articles