দিলীপ হাজৰিকা : নাজিৰা
শিৱসাগৰ জিলাৰ নাজিৰা সমষ্টিৰ অন্তৰ্গত ন-পাম বাৰুৱতী গাঁৱৰ অতি দৰিদ্ৰ পৰিয়ালৰ ছাত্ৰ যোগেশ কুৰ্মীয়ে ডিষ্টিংচনসহ হাইস্কুল শিক্ষান্ত উত্তীৰ্ণ হ’বলৈ সক্ষম হৈছে। গেলেকী চাৰিআলিত এটা চিলাই মেচিন লৈ দৰ্জী কাম কৰা পূৰণ কুৰ্মী আৰু ৰীণা কুৰ্মীৰ জ্যেষ্ঠ পুত্ৰ যোগেশে গেলেকীৰ আদৰ্শ বিদ্যাপীঠৰ পৰা পৰীক্ষাত অৱতীৰ্ণ হৈছিল। কোনোদিন বাহিৰা টিউচন নোলোৱা যোগেশৰ পাইলট হোৱাৰ মন। সমাজসেৱা কৰি ভাল পোৱা কৃতি ছাত্ৰজনে ভৱিষ্যতে পঢ়াৰ বাবে ৰাইজৰ সহায় বিছাৰিছে।আনহাতে শিৱসাগৰ জিলাৰ হাহচৰা ষাঠিপতীয়া গাৱঁৰ অতি দৰিদ্ৰ পৰিয়ালৰ কন্যা স্নেহা গগৈয়ে হাইস্কুল শিক্ষান্ত পৰীক্ষাত ৮৫ শতাংশ নম্বৰ পাই উৰ্ত্তীণ হৈ অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই আনিছে ৷ প্ৰায় দুটা বছৰ পূৰ্বে পিতৃক হেৰুৱাই অতি কষ্টৰে হাহচৰা উচ্চ মাধ্যমিক বিদ্যালয়ৰ পৰা পৰীক্ষা দি সুখ্যাতিৰে উৰ্ত্তীণ হোৱাত অঞ্চলটোত আনন্দৰ বন্যা বৈছে ৷ দয়া চাৰিআলিৰ সমীপৰ স্নেহাৰ সাফল্যত মাতৃ আনন্দিত যদিও উচ্চ শিক্ষা গ্ৰহণ কৰোৱাৰ বাবে চিন্তিত হৈ পৰিছে মাতৃ ভানু গগৈ ৷
- যদি আপুনি আমাৰ ৰিপোৰ্ট পঢ়ি ভাল পাইছে, তেনেহ’লে ইয়াত ক্লিক কৰি আপুনি আমাক ফেচবুকত ‘লাইক‘ কৰিব পাৰে।