বৰপথাৰ নগৰৰ মাজমজিয়াতে অতিমাত্ৰা ড্ৰাগছ সেৱন কৰি ছাত্ৰৰ মৃত্যু

ড্ৰাগছৰ সেৱনকাৰী আৰু সৰবৰাহকাৰীৰ  ঘাটিলৈ এতিয়া  পৰিণত হৈছে গোলাঘাট জিলাৰ ধনশিৰি মহকুমাৰ সমগ্ৰ বৰপথাৰ অঞ্চল। যি সময়ত ড্ৰাগছৰ বিৰুদ্ধে  অসম আৰক্ষী কঠোৰ হৈ পৰিছে তেনে সময়তে বৰপথাৰ আৰক্ষীৰ নিলিপ্ত  ভূমিকাৰ বাবেই  নিতৌ সমগ্ৰ অঞ্চলটোতে  বৃদ্ধি পাইছে নিষিদ্ধ ড্ৰাগছ আসক্ত ছাত্ৰ-যুৱকৰ সংখ্যা। ভয়ানক ড্ৰাগছৰ কবলত পৰিছে স্কুল কলেজৰ বহু কম বয়সীয়া ছাত্ৰ। যোৱা  12 অক্টোবৰৰ দুৰ্গা পূজাৰ সপ্তমীৰ আনন্দ উল্লাসৰ মাজতেই   নিশা প্ৰায় 11 মান বজাত  অবিনাশ ফুকন (21) নামৰ এজন ছাত্ৰৰ  অতিমাত্ৰা ড্ৰাগছ সেৱনৰ ফলত  মৃত্যু হয় । খোদ বৰপথাৰ নগৰৰ মাজমজিয়াতে সংঘটিত হোৱা এই ঘটনাই সমগ্ৰ ধনশিৰি মহকুমাটে তীব্ৰ চাঞ্চ্যলৰ সৃষ্টি কৰিছে । বৰপথাৰৰ ধনশিৰি  ঔদ্যোগিক প্ৰশিক্ষণ প্ৰতিষ্ঠান কেন্দ্ৰৰ ছাত্ৰ আছিল  অবিনাশ ফুকন । বৰপথাৰ নগৰৰ 4 নম্বৰ ৱাৰ্ডৰ বাসিন্দা তথা বৰপথাৰ পৌৰসভাৰ কৰ্মচাৰী মুকুল ফুকনৰ পুত্ৰ আছিল অবিনাশ ফুকন।  ইফালে  ঘটনাৰ বিৱৰণী  অনুসৰি ঘৰৰ পৰা পূজা চাবলৈ বুলি ওলাই অহা মৃত অবিনাশ ফুকনে  বৰপথাৰ নগৰৰ  গেলাবিল তিনি আলিৰ কিছু সমীপত ৰাস্তাৰ কাষতে নিশা প্ৰায় 9.30 মান বজাত মটৰ চাইকেলত থকা পাচ জন ল’ৰাৰ  সৈতে ড্ৰাগছ সেৱন কৰিছিল। উক্ত ল’ৰাকেইজনৰ লগত থকা এজন ল’ৰাৰ ভাষ্য অনুসৰি এটা টেমাত পানী মিহলাই  চিৰিঞ্জেৰে হাতত  ভয়ানক ড্ৰাগছ লোৱাৰ কিছু সময়ৰ পাছতেই  ছাত্ৰজনৰ অৱস্থা শোচনীয় হৈ পৰে । পাছত চিকিৎসা লয়লৈ নিয়া হয় যদিও চিকিৎসকে মৃত ঘোষণা কৰে। বৰপথাৰৰ নগৰৰ মাজমজিয়াৰ ৰাজহুৱা স্থানত এনেদৰে মাৰাত্মক আৰু নিষিদ্ধ ড্ৰাগছ সেৱন কৰি ছাত্ৰৰ মৃত্যু হোৱা  ঘটনাই এতিয়া  বৰপথাৰ আৰক্ষীৰ দুৰ্বল স্বৰূপটো উদঙাই দিছে। উল্লেখ্য যে  বিগত সময়ত বহু ড্ৰাগছ সৰবৰাহকাৰী আৰু সেৱনকাৰীক আৰক্ষীয়ে বৰপথাৰৰ বিভিন্ন ঠাইৰ পৰা  গ্ৰেপ্তাৰ কৰিছে যদিও আৰক্ষীৰ দুৰ্বলতাৰ সুযোগৰ বাবে কাঠফুলাৰ দৰে ছানি ধৰিছে ড্ৰাগছৰ ব্যৱসায়ে। আশ্চৰ্যকৰ কথা যে যোৱাতো বছৰত বৰপথাৰ আৰক্ষী থানাৰ ভিতৰৰ পৰাই আটক কৰা ড্ৰাগছ সৰবৰাহকাৰী এটা পলাই যাবলৈ সক্ষম হৈছিল। পাছত ছাত্ৰ সন্থাৰ এটা দলেহে উক্ত ড্ৰাগছ সৰবৰাহকাৰীটোক  ধৰি আৰক্ষীক গটাই দিছিল। ইফালে বৰপথাৰৰ স্থানীয় সচেতন মহলৰ লগতে বিভিন্ন দল সংগঠনে  বৰপথাৰ আৰক্ষীক ড্ৰাগছৰ বিৰুদ্ধে অধিক কঠোৰ হৈ অতি শীঘ্ৰেই  ড্ৰাগছৰ কবলৰ পৰা সমগ্ৰ বৰপথাৰখন মুক্ত কৰিবলৈ দাবী জনাইছে।
    ইপিনে সপ্তমীৰ নিশা অতিমাত্ৰা ড্ৰাগছ সেৱনৰ ফলত ছাত্ৰৰ মৃত্যু হোৱা কৰুণ ঘটনাৰ পাছতেই তৎপৰ হোৱা দেখা গৈছে ধনশিৰি মহকুমা আৰক্ষী বিভাগ ।   ধনশিৰি মহকুমা আৰক্ষী বিষয়া ত্ৰিনয়ণ ভূঞাৰ নেতৃত্বত আৰু বৰপথাৰ আৰক্ষী থানাৰ সহযোগত আৰক্ষীৰ এটি দলে উক্ত ঘটনাৰ দিনা মৃত ছাত্ৰ জনৰ লগত ড্ৰাগছ সেৱন কৰা দুটি নাবালক সহ মুঠ চাৰি জন ড্ৰাগছ সেৱনকাৰীক আটক কৰিবলৈ সক্ষম হোৱাৰ লগতে গোলাঘাট জিলাৰ   ফৰকাটিং আৰক্ষী থানাৰ অন্তৰ্গত চক্ৰধাৰা গাঁৱৰ পৰা মৃত তৰুণ নাথৰ পুত্ৰ মিন্টু নাথ(২১) নামৰ এটা ড্ৰাগছ সৰবৰাহীক আটক কৰিছে।উল্লেখ্য যে  মিন্টু  নাথ নামৰ এই ধৃত যুৱক জনৰ পৰা ড্ৰাগছ ক্ৰয় কৰিছিল বুলি সেৱনকাৰী যুৱক কেইজনৰ স্বীকাৰোক্তীৰ পৰা জানিব পৰা গৈছে। ড্ৰাগছ সেৱনকাৰী কেইজন হ’ল ক্ৰমে, বৰপথাৰ গাঁৱৰ প্ৰবীণ শৰ্মাৰ পুত্ৰ প্ৰাঞ্জল শৰ্মা(১৯), বৰপথাৰ ৰেলৱে কলনীৰ মৃত মানিক দেৱনাথৰ পুত্ৰ পংকজ দেৱনাথ(১৮), বৰপথাৰ নগৰৰ ৪ নং ৱাৰ্ডৰ অনিল দাসৰ পুত্ৰ অপূৰ্ব দাস(১৭) আৰু শিঙিমাৰিৰ দিপক মাঝীৰ পুত্ৰ আকাশ মাঝী(১৪)।সকলো কেইজনৰে ঘৰ বৰপথাৰ আৰক্ষী থানাৰ অন্তৰ্গত। ইতিমধ্যে আৰক্ষীয়ে পৃঠকে  পৃঠকে  বৰপথাৰ আৰক্ষী থানা আৰু গোলাঘাট আৰক্ষী থানাত দুটাকৈ ক্ৰমে ১৫১/২০২১ ইউ/এচ ৩০২ আইপিচি,১০৫৮/২০২১ ইউ/এচ ২১(এ) এনডিপিএচ আইনৰ অধীনত গোচৰ তৰি তদন্ত অব্যহত ৰাখিছে। আনহাতে  চৈধ্য বছৰীয়া ছাত্ৰই ড্ৰাগছ সেৱন কৰা ঘটনাই এতিয়া সমগ্ৰ ধনশিৰি মহকুমাৰ সচেতন মহলক চিন্তিত কৰি তুলিছে।    ইপিনে কালি নৱমীৰ সন্ধ্যা বৰপথাৰৰ কালীবাৰীস্হিত  কাজল হোটেলৰ পৰা আৰু এজন যুৱকক  ড্ৰাগছৰ সৈতে হাতে লোতে বৰপথাৰ আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হয়। যুৱক জন বৰপথাৰ থানাৰ অন্তৰ্গত  জোলাবস্তিৰ ছাজিদ আলি। আনহাতে ছাজিদ আলিৰ লগত থকা আন এটা ড্ৰাগছৰ লগত জড়িত লোক পলাই যাবলৈ সক্ষম হয়

Related Articles