জম্মু-কাশ্মীৰত নিহত ৩ উগ্ৰপন্থী ।

দৈনন্দিন বাৰ্তা নেচনেল ডেস্ক

জম্মু-কাশ্মীৰৰ ছোপিয়ান এলেকাত উগ্ৰপন্থীৰ বিৰুদ্ধে চিআৰপিএফ, ভাৰতীয় সেনা আৰু জম্মু-কাশ্মীৰ আৰক্ষীয়ে চলোৱা অভিযানত তিনিটা সন্ত্ৰাসবাদী নিহত হয়৷ ছঘণ্টা ধৰি হোৱা অভিযানত নিহত উগ্ৰপন্থীকেইটাৰ ভিতৰত এটা হিজবুল মুজাহিদিন আৰু আন এটা জইছ-ই-মহম্মদৰ বুলি জানিব পৰা গৈছে৷ আনটো সন্ত্ৰাসবাদীৰ পৰিচয় জানিব পৰা নাই৷ দেওবাৰে পুৱা জম্মু-কাশ্মীৰৰ ছোপিয়ান এলেকা গুলীচালনা ঘটনাই উত্তপ্ত কৰি তোলে৷ উল্লেখ্য যে নিৰাপত্তাৰক্ষীৰ উপস্থিতিৰ কথা জানিবলৈ পায় লুকাই থকা উগ্ৰপন্থীবোৰে গুলী চালনা কৰিবলৈ আৰম্ভ কৰে৷ প্ৰত্যুত্তৰত ভাৰতৰ যৌথ বাহিনীয়ে গুলী চালনা কৰে৷ ফলত তিনিটা উগ্ৰপন্থী নিহত হয়৷ আনহাতে অঞ্চলটোত নিৰাপত্তাৰক্ষীৰ তালাচী অভিযান অব্যাহত আছে৷

Related Articles