Breaking

ধিঙৰ চৰাঞ্চলত দেৱানী-মাতাব্বৰৰ গুণ্ডাৰাজ ।

0 2,032

ধিঙৰ দাঁতিকাষৰীয়া একাংশ চৰাঞ্চলৰ দেৱানী-মাতাব্বৰৰ কৰ্ম কাণ্ডই বাৰে বাৰে সংবাদ মাধ্যমৰ শিৰোনামা দখল কৰি আহাটো কোনো নতুন কথা নহয় । এইবাৰ পুনৰ একেই ঘটনা সংঘটিত হৈছে ধিঙৰ দাঁতিকাষৰীয়া পাংৰী চৰত । ধিঙৰ পৰা মাত্ৰ সাত কিলোমিটাৰ দূৰত্বত থকা এই পাংৰী চৰত বিগত বছৰ বছৰ ধৰি চলি আহিছে দেৱানী-মাতাব্বৰৰ ৰাজত্ব । চৰকাৰ কিম্বা প্ৰশাসন থকা স্বত্বেও এইখন চৰত চলে দেৱানী-মাতাব্বৰ তথা ভূ-মাফিয়াৰ ৰাজত্ব । হৰমূজ আলী, নুৰুল ইছলাম ,ফকৰ উদ্দিন নামৰ এই ডকাইত ৰূপী দেৱানী-মাতাব্বৰৰ তথা ভূ-মাফিয়াৰ এই দলটোৱে বছৰ বছৰ ধৰি চৰাঞ্চলৰ এইসকল দৰিদ্ৰ কৃষকক ব্যাপক হাৰাশাস্তি কৰি অহাৰ অভিযোগ উটিছে । ভূমি বেদখল, গুণ্ডাটেক্স, মাৰ-ধৰ, মিছা গোচৰেৰে বহুকেইটা পৰিয়ালক দীৰ্ঘদিনে হাৰাশাস্তি কৰাৰো আছে অভিযোগ । অকল এয়াই নহয়, দৰিদ্ৰ কৃষকক দাবী কৰা চান্দাৰ ধন নাপালেই আক্ৰমণ কৰি ভাঙি দিয়ে হাত-ভৰি, লৈ যায় গৰু-মঁহ, জ্বলাই দিয়ে ঘৰ-বাৰি, বিভিন্ন থানাত দাখিল কৰে বিভিন্ন ধৰণৰ মিছা গোচৰ । এই দেৱানী-মাতাব্বৰৰ দলটোৱে ইতিমধ্যে নিৰিহ আহাম্মদ আলী নামৰ লোকজনৰ পৰিয়ালৰ বিৰুদ্ধে থানাত মিছা অভিযোগ দাখিল কৰি হাৰাশাস্তি কৰাৰ পিছতেই জাঙুৰ খাই উঠিছে চৰাঞ্চলৰ ৰাইজ । উপায়ন্তৰ হৈ অৱশেষত এইসকল দেৱানী-মাতাব্বৰৰ বিৰুদ্ধে উলাই আহিল চৰাঞ্চলৰ শতাধিক ভুক্তভোগী লোকসকল । সাব্যস্ত কৰিলে এইসকল দেৱানী-মাতাব্বৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ । অতি শীঘ্রেই এইসকল দেৱানী-মাতাব্বৰক গ্ৰেপ্তাৰ কৰি উচিত শাস্তি দিবলৈ দাবী জনাইছে চৰকাৰ-প্ৰশাসনক । চৰাঞ্চলত এইসকল দেৱানী-মাতাব্বৰৰ কৰ্মকাণ্ডৰ এয়া কেইটামান উদাহৰণ হে মাথোঁ ।

Leave A Reply

Your email address will not be published.