Breaking

লাহৰীঘাটৰ জীয়ৰী নেহা ডেকা ৰজাৰ বলিউড চিনেমাত পদাৰ্পণ

0 2,016

আমি ইমান দিনে লাহৰীঘাট অঞ্চলৰ বিভিন্ন শিতানত বিভিন্ন ধৰণৰ বাতৰি আপোনালোকৰ মাজত পৰিবেশন কৰি আহিছো। কিন্তু আজি আমি এক সম্পূর্ণ ব্যতিক্রম ধৰ্মী বাতৰি লৈ আহিছো তাকো বলিউড জগতত ভৰি দি চিনেমা জগতৰ প্ৰথম খোঁজতেই দৰ্শকৰ মন জয় কৰা এগৰাকী মোহময়ী এথলেটিক অভিনেত্রী নেহা ডেকা ৰজাৰ কথা কৈ আছো। এতিয়া আহো মূল কাহিনীলৈ, যোৱা কালি অৰ্থাৎ ১৫ অক্টোবৰত  মুক্তি পোৱা বলিউডৰ হিন্দি  ” ৰশ্মি ৰকেট ” নামৰ চিনেমা খনত জনপ্রিয় অভিনেত্রী টাপচি পান্নাৰ  সৈতে মৰিগাঁও জিলাৰ লাহৰীঘাট অঞ্চলৰ কুশতলি গাঁৱৰ  অৱসৰপ্ৰাপ্ত শিক্ষক তথা পিতৃ গোবিন্দ্ৰ ডেকা ৰজা আৰু মাতৃ সুন্তি ৰাণী ডেকা ৰজাৰ  জীয়েক নেহা ডেকা ৰজাই এথলেটিক হিচাপে সহ অভিনেত্রীৰ চৰিত্ৰত অভিনয় কৰি বলিউড জগতত পদাৰ্পণ কৰি অসমৰ লগতে মৰিগাঁও জিলা বাসীলৈ আনন্দৰ বতৰাৰ ওপৰিও লাহৰীঘাটৰ গৌৰৱ কঢ়িয়াই আনিছে। ৰশ্মি ৰকেট বোলছবিত নেহা ডেকা ৰজাই Chinese Athletic ” Zhang Yeoh “নামে সহ অভিনেত্রীৰ চৰিত্ৰত অভিনয় কৰি দৰ্শকৰ বাঃ বাঃ বুলিবলৈ সক্ষম হৈছে। ১৯৯৮ চনত জন্ম লাভ কৰা নেহা ডেকা ৰজাই কুশতলি প্ৰাথমিক বিদ্যালয়ৰ পৰা শিক্ষা আৰম্ভ কৰি  মৰিগাঁও নবোদয়ৰ পৰা ২০১৫ চনত  HSLC আৰু ২০১৭ চনত  HS পৰীক্ষাত লেটাৰ নম্বৰ সহ প্ৰথম বিভাগত সুখ্যাতিৰে উত্তীর্ণ হৈ বৰ্তমান গুৱাহাটীৰ লক্ষ্মীবাঈ নেশনেল ইনষ্টিটিউট অফ ফিজিক্যাল এডুকেশন চমুকৈ  B P Education  ত অধ্যয়নৰত ছাত্রী বুলি জানিব পৰা গৈছে। যিয়েই নহওক কিয় নেহা ডেকা ৰজাই লাহৰীঘাট গৰাখহনীয়া অঞ্চলৰপৰা সিধা বলিউডত এন্ট্রি মাৰি প্ৰথম খুঁজতে ছিক্সাৰ মৰাত আমি মৰিগাঁও বাসী গৌৰাৱান্বিত। ইয়াকে কয় বোকাত পদুম ফুলে। অৱশ্যে ৰশ্মি ৰকেট বোলছবিত মূখ্য অভিনেত্রীৰ ভূমিকাত ভাৰতৰ হৈ টাপচি পান্নাই অভিনয় কৰিছে। চিনেমা খনৰ অধিকাংশ শ্বুটিং ৰাঁচীত হোৱা বুলিও নেহা ডেকা ৰজাই সাংবাদিকক জনাইছে। 

Leave A Reply

Your email address will not be published.