Breaking

ঘগ্ৰাপাৰত-ধুৰকুছিত বহুমুখী সমবায়ৰ অধীনস্থ ৭১খন সুলভ মুল‍্যৰ দোকানত একেদিনাই বিনামূলীয়া মোনা আৰু চাউল বিতৰন কাৰ্যসূচী

0 2,022

সমগ্র ৰাজ‍্যৰ লগতে নলবাৰী জিলাৰ ঘগ্ৰাপাৰস্থিত বড়িগোগ বনভাগ বহুমুখী সমবায়ৰ অধীনস্থ ৩৭ খন আৰু বড়িগোগ বনভাগ ধূৰকুছি বহুমুখী সমাবায়ৰ অধীনস্থ  সুলভ মুল‍্যৰ দোকানত আজি একেদিনাই প্ৰধান মন্ত্ৰী গৰীৱ কল‍্যাণ অন্ন যোজনা আঁচনিৰ জৰিয়তে সুলভ মুল‍্যৰ দোকানত বিনামূলীয়া একোখন মোনা আৰু ৫ কেজিকৈ চাউল প্ৰতিমাহে প্ৰতিজন ব্যক্তিৰ বাবে বিতৰণ কাৰ্য্যসূচী ৰূপায়ণ কৰা হয়। বনভাগ বহুমুখী সমবায় সমিতিৰ সচিব ধীৰেশ্বৰ তালুকদাৰে আৰু ধুৰকুছি বহুমুখী সমবায়ৰ সচিব বসন্ত বেজবৰুৱাই তেওঁলোকৰ বহুমুখী সমবায় সমিতিৰ এলেকাত আজি এই আঁচনি ৰূপায়ণ কৰা বুলি  জানিব দিয়ে।এই কাৰ্য্যসূচী অনুসৰি আজি বহুমুখীখনৰ অন্তৰ্গত  বাঘমাৰা নগেন কলিতা আৰু কটকীয়াৰ নৰপতী তালুকদাৰৰ দোকানৰ সমান্তৰালভাৱে ধূৰকুছি বহুমুখী সমবায়ৰ অধীনস্থ  বড়িগাঁৱৰ সুলভ মুল‍্যৰ দোকান খাইৰুল হুছেইনেও এই আঁচনিৰ জৰিয়তে সুলভ মুল‍্যৰ গ্ৰাহকসকলৰ মাজত মোনা আৰু চাউল বিতৰণ কৰা পৰিলক্ষিত হৈছে। সুলভমুল‍্যৰ গ্ৰাহকসকলে এই আঁচনি লাভ কৰি উৎফুল্লিত হৈ পৰা পৰিলক্ষিত হয়।উল্লেখ‍্য যে আজিৰ এই কাৰ্য্যসূচীত বড়িগোগ বনভাগ মণ্ডল বিজেপিৰ সভাপতি ডিম্বেশ্বৰ বেজবৰুৱা,সম্পাদক মৃগেন শৰ্মা,ঘগ্ৰাপাৰ গাঁও পঞ্চায়তৰ সভাপতি ৰাতুল শৰ্মা,কাউন্সিলাৰ মনেশ্বৰ ভৰালীসহ কাৰ্যকৰ্তাসকলে সহায়োগ কৰা দেখা যায়।ইফালে বনভাগ বহুমুখীৰ সম্পাদক ধীৰেশ্বৰ তালুকদাৰ আৰু বড়িগোগ বনভাগ ধুৰকুছি সমবায় সমিতিৰ সচিব বসন্ত বেজবৰুৱাই সংবাদ মাধ্যমৰ আগত ইয়াকো কয় যে চৰকাৰে যাতায়ত-পৰিবহন খৰছৰ ধন আজি ১৮ মাহ পৰ্যন্ত ব‍্যয় বহন নকৰাত তেওঁলোকৰ পানীত হাঁহ নচৰা অৱস্থা হৈছে বুলি ক্ষোভ প্ৰকাশ কৰে।আনহাতে উক্ত বহুমুখী দুয়োখনৰ অধীনস্থ সুলভ মুল‍্যৰ দোকানীসকলে ওঠৰ মাহৰ কমিচন নোপোৱাত ভীষণ সমস্যাত পৰিছে বুলি জানিব দিয়ে।

Leave A Reply

Your email address will not be published.