Breaking

দিশপুৰ মহাবিদ্যালয়ৰ অধ্যাপক পংকজ কুমাৰ কাথাৰৰ বিয়োগ

0 2,093

দিশপুৰ মহাবিদ্যালয়ৰ বুৰঞ্জী বিভাগৰ মুৰব্বী অধ্যাপক, মহানগৰীৰ পশ্চিম প্ৰান্তৰ গড়চুকস্থিত লাচিতগড় হাইস্কুল পৰিচালনা সমিতিৰ সভাপতি, পূব ৰামচাৰাণি ৰঙালী বিহু উদযাপন কমিটিৰ সভাপতি, বিশিষ্ট শিক্ষাবিদ পংকজ কুমাৰ কাথাৰ(৫১)ৰ আজি এপল’ হাস্পাতালত বিয়োগ ঘটে। আৰম্ভণিতে তেখেতে বজালী মহাবিদ্যালয়ত অধ্যাপনা কৰিছিল। তেখেতে মৃত্যুত “বহুবাক” (বহুভাষিক সাহিত্য মঞ্চ, অসম)ৰ প্রধান সম্পাদক দীপক শৰ্মাই গভীৰ শোক প্রকাশ কৰি কয়- “আমি হেৰুৱালোঁ এজন বিশিষ্ট শিক্ষাবিদ লগতে সমাজৰ সকলো স্তৰৰ স’তে জড়িত লোকক।” তেখেতৰ বিয়োগত গুৱাহাটী জিলা বড়ো সাহিত্য সভাৰ সভাপতি লোহিত চন্দ্র ব্ৰহ্ম, সম্পাদক গোলাপ বড়ো, পাণ্ডু কলেজৰ অধ্যক্ষ ড০ যোগেশ কাকতী, ভৈয়াম কাৰ্বি আদৰবাৰৰ সভাপতি সম্বৰ ৰংপী, সম্পাদক অজিত কাথাৰ, বজালীস্থিত ভট্টদেৱ বিশ্ববিদ্যালয়ৰ বুৰঞ্জী বিভাগৰ অধ্যাপক অৰিন্দম তালুকদাৰ, পৰাগজ্যোতি প্ৰকাশন, অসম শিশু সাহিত্য সমাজৰ সহ: সম্পাদক প্ৰদীপ নাৰায়ণ ভট্ট আদিৰ লগতে ভিন ভিন সংগঠনে গভীৰ শোক প্রকাশ কৰে। তেখেতে মৃত্যুৰ সময়ত পিতৃ বিশিষ্ট শিক্ষাবিদ, সাহিত্যিক, অসম শিশু সাহিত্য সমাজৰ সভাপতি দয়াৰাম কাথাৰ মাতৃ, পত্নী, দুই কন্যা সহ বহুতো আত্মীয় স্বজনক ইহ-সংসাৰত এৰি থৈ যায়।

Leave A Reply

Your email address will not be published.