Breaking

চামতাত নলবাৰী জিলা উদ্যোগ আৰু বাণিজ্য কেন্দ্ৰৰ জৰিয়তে বাঁহ শিল্পৰ মাজত সা-সঁজুলিৰ টোপোলা বিতৰণ

0 2,028

পশ্চিম নলবাৰীৰ  চামতাত নলবাৰী জিলা উদ্যোগ আৰু বাণিজ্য কেন্দ্ৰৰ জৰিয়তে বাঁহ শিল্পৰ লগত জড়িত অনুসূচীত জাতি আৰু জনজাতিৰ মুঠ ৪৭ গৰাকী বাঁহ শিল্পীৰ মাজত আনুষ্ঠানিক ভাবে সা-সঁজুলিৰ টোপোলা বিতৰণ কৰা হয় । এই উপলক্ষে ১২অক্টোবৰৰ  বিয়লি প্ৰায় ৪-৩০ বজাত চামতাস্থিত পশ্চিম নলবাৰী প্ৰেছ ক্লাৱৰ সভাগৃহত মধুপুৰ মণ্ডল বিজেপিৰ সভাপতি হিৰণ্য বৰ্মনৰ সঞ্চালনাত সম্পন্ন হোৱা বিতৰণ অনুষ্ঠানত অসম বাঁহ মিছনে যোগান ধৰা সা-সঁজুলিৰ টোপোলা বিতৰণ কৰা হয় । সভাত বিশিষ্ট সমাজকৰ্মী তথা পকোৱা জিলা পৰিষদৰ সদস্য পৱিত্ৰ ডেকা, পশ্চিম নলবাৰী প্ৰেছ ক্লাৱৰ সম্পাদক প্ৰদীপ কুমাৰ বৰ্মন, নলবাৰীৰ জিলা উদ্যোগ আৰু বাণিজ্য কেন্দ্ৰৰ প্ৰধান পৰিচালক তপন ডেকা, কাৰ্যকৰী পৰিচালক মহাক্ষী দত্ত হাজৰিকা, সম্প্ৰসাৰণ বিষয়া দ্বীপেন মেনা, কৰ্মচাৰী জয়ন্ত হাজৰিকা, অচ্যুত বৰ্মন, সমাজসেৱী অশোক দত্ত, সাংবাদিক ৰাজেন বৈশ্য প্ৰমুখ্যে কেবাগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে । সঞ্চালক, সমাজসেৱী হিৰণ্য বৰ্মনে নিজৰ ভাষণ প্ৰসংগত কয় যে উদ্যোগ-বাণিজ্য, পৰিবহন মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে বিশেষকৈ থলুৱা উদ্যোগ ক্ষেত্ৰখনৰ বিকাশৰ বাবে বিভিন্ন গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিছে । এনে সা-সঁজুলিৰ উচিত ব্যৱহাৰৰ জড়িয়তে বাঁহ শিল্পীসকল অধিক লাভান্বিত হ’বলৈ সক্ষম হ’ব । এইফালে, প্ৰথম পৰ্যায়ত ইতিমধ্যে জিলাখনৰ অনুসূচীত জাতি / জনজাতিৰ মুঠ ৮০ গৰাকী বাঁহ শিল্পী এই আঁচনিৰ দ্বাৰা উপকৃত হৈছে বুলি বিভাগীয় সূত্ৰই জনাইছে ।

Leave A Reply

Your email address will not be published.