Breaking

মৰাণৰ হিংৰীজান পূজাস্থলিত অতপালি কৰা দুই উদণ্ড যুৱকক গ্ৰেপ্তাৰ

0 2,013

বিজয়া দশমীত  দেৱী বিসৰ্জনৰ পিছত মৰাণৰ হিংৰীজান বাগানৰ পূজাস্থলিত উদভণ্ডালি কৰা দুই উদণ্ড যুৱকক মৰাণহাট আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি আজি ৰঙাঘৰলৈ প্ৰেৰণ কৰিছে । পূজা সমিতিৰ বিষয়ববীয়াই জানিবলৈ দিয়া অনুসৰি হিংৰীজানৰে দুই যুৱক ক্ৰমে  আকাশ প্ৰধান আৰু মহিপাল তাঁ‌তী উৰফে বিনোদে মদৰ ৰাগিত মাতাল হৈ পূজাস্থলিৰ সকলো সামগ্ৰী ভাঙি তচনচ কৰাৰ লগতে এই কৰ্ম বাধা দিবলৈ যোৱা মহিলা গাতো হাত দিয়ে । উপায়অন্তৰ হৈ মৰাণহাট থানাত খবৰ দিয়াত আৰক্ষীয়ে দুয়োজন যুৱককে আটক কৰে । ইফালে দেৱী বিসৰ্জনৰ পিছত পূজাস্থলিৰ কিছু নিয়ম কৰি থাকোতে অভদ্ৰামি কৰা দুই যুৱকক শাস্তিৰ দাবী তুলি স্থানীয় ৰাইজে সন্ধিয়া পৰ্যন্ত মৰাণহাট থানাত অৱস্থান কৰি থাকে ।    আজি মৰাণহাট থানাৰ আৰক্ষীয়ে দুয়োকে গ্ৰেপ্তাৰ কৰি ৰঙাঘৰলৈ প্ৰেৰণ কৰে।দুয়োজন যুৱকৰ বিৰুদ্ধে মৰাণহাট থানাত বিভিন্ন বহু অপৰাধী গোচৰ পঞ্জীয়ন হৈ আছে আৰু ইতিপূৰ্বে ধন দাবীকে ধৰি বিভিন্ন অপৰাধত ৰঙাঘৰৰ ভাত খায় আহিছে এই অপৰাধী দুটাই।

Leave A Reply

Your email address will not be published.