Breaking

জাগুনত পুনৰ অগ্নিকাণ্ড।পাঁচটাকৈ ভাড়াঘৰ ভস্মীভূত।বিস্তৰ ক্ষতি।

0 2,069

তিনিচুকীয়া জিলাৰ জাগুন আৰক্ষী চকীৰ অন্তৰ্গত জাগুন বজাৰৰ মাজমজিয়াত পুনৰ এক অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হয়।বিগত সময়চোৱাত জাগুন অঞ্চলত সঘনাই অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হৈ অহাৰ লগতে মাত্ৰ এটা নিশাৰ ব্যৱধানত আজি পুনৰ এক ভয়ংকৰ অগ্নিকাণ্ডই সমগ্র জাগুন অঞ্চলত আতংকৰ সৃষ্টি কৰিছে।যোৱা দেওবাৰে সুভাষ চৰকাৰ নামৰ ব্যক্তি জনৰ বাসগৃহ অগ্নিকাণ্ডৰ ফলত ভস্মীভূত হোৱাৰ খবৰ মাৰ ন’যাওঁতেই আজি পুৱা পুনৰ এক ভয়ানক অগ্নিকাণ্ডই সমগ্র জাগুন অঞ্চল জোকাৰি যায়। জাগুন বজাৰৰ গাওঁ পঞ্চায়ত পথৰ দাঁতিত থকা পদম শৰ্মা নামৰ ব্যক্তি জনৰ পাঁচটাকৈ ভাড়াঘৰ এই অগ্নিকাণ্ডৰ ফলত সম্পূৰ্ণৰূপে জুইত জাহ যায়। তেখেতৰ উক্ত ভাড়াঘৰত জাগুনৰ পাঁচজনকৈ ব্যৱসায়ী ক্ৰমে-তপন দাস, ৰঞ্জিত দাস, ৰাজেশ শ্বাহ,শুভম শ্বাহ আৰু জগদীশ দাসে ভাড়াতীয়া হিচাপে বসবাস কৰি আছিল। অগ্নিকাণ্ডৰ ফলত ভাড়াতীয়া কেইজনৰ কেইবা লক্ষাধিক টকাৰ সা-সম্পত্তি জুইত জাহ যোৱাৰ লগতে চাৰিটাকৈ ৰন্ধন গেছৰ চিলিণ্ডাৰ বিষ্ফোৰিত হয়।

শেহতীয়াকৈ লিডুস্থিত অগ্নিনিৰ্বাপক বাহিনী ঘটনাস্থলীত উপস্থিত হৈ অগ্নিনিৰ্বাপন কৰে যদিও অগ্নিনিৰ্বাপক বাহিনী আহি পোৱাৰ আগতেই প্ৰায় ২০ লক্ষাধিক টকাৰ সা-সামগ্ৰী জুইত জাহ যোৱাৰ সন্দেহ কৰা হৈছে। অগ্নিকাণ্ডৰ ঘটনা কি কাৰণত সংঘটিত হবলৈ পালে সেই বিষয়ে জানিব পৰা হোৱা নাই যদিও লেখাপানী আৰু জাগুন আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।উল্লেখযোগ্য কথাটো হৈছে যে বিগত সময়চোৱাত জাগুন অঞ্চলত সঘনাই অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হৈ আহিছে যদিও আজি পৰ্যন্ত কিন্তু কোনো এজন ভূক্তভোগীয়ে অগ্নিকাণ্ডৰ পৰা ৰক্ষা পৰিবলৈ সক্ষম হোৱা নাই। বিভিন্ন দল সংগঠন আৰু স্থানীয় ৰাইজে ইয়াৰ একমাত্ৰ কাৰণ হিচাপে জাগুনৰ দৰে অতি জনবসতি পূৰ্ণ অঞ্চলত আজি পৰ্যন্ত এটা অগ্নিনিৰ্বাপক বাহিনীৰ ষ্টেচন গঢ়ি নুঠাটোৱেই দুৰ্ভাগ্যজনক বুলি কব বিচাৰে। কিয়নো জাগুনৰ পৰা  লিডুলৈ প্ৰায় ২০ কিলোমিটাৰ দূৰত্ব তেনে ক্ষেত্ৰত অগ্নিকাণ্ডৰ খবৰ অগ্নিনিৰ্বাপক বাহিনীয়ে লগে লগে পালেও ২০ কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰি অহালৈ ভালেমান সময় লগাৰ বাবে ভূক্তভোগীয়ে যথেষ্ট ক্ষয় ক্ষতিৰ সন্মুখীন হব লগা হয়। এই সমস্যাৰ পৰা পৰিত্ৰাণ পাবলৈ জাগুনৰ বিভিন্ন দল সংগঠন তথা স্থানীয় ৰাইজে অসম চৰকাৰ তথা স্থানীয় বিধায়ক ভাস্কৰ শৰ্মাক অনতিপলমে জাগুন অঞ্চলত এটা স্থায়ী অগ্নিনিৰ্বাপন ষ্টেচন গঢ়ি তুলিবলৈ আহ্বান জনাইছে।

Leave A Reply

Your email address will not be published.