চিকিৎসা নাপাই নাজিৰাত এটি দুবছৰীয়া শিশুৱে অকালতে হেৰুৱালে প্ৰাণ

ৰাজ্য জুৰি চিকিৎসকসকলে পালন কৰা  ধৰ্মঘটৰ কৰুণ পৰিণতিৰ সাক্ষী হৈ ৰ’ল নাজিৰাত। শুকুৰবাৰে পূৱাৰ ভাগত নাজিৰা মেকিপুৰৰ মেমমাটিৰ আৰিয়ন চবৰ নামৰ এটি ২ বছৰীয়া শিশু মৃগী ৰোগত গুৰুত্বৰভাৱে অসুস্থ হৈ পৰাত লিগিৰীপুখুৰীস্থ কৰ্মশ্ৰী হিতেশ্বৰ শইকীয়া সোৱৰণী অসামৰিক চিকিৎসালয়লৈ পৰিয়ালৰ লোকে লৈ আনে যদিও চিকিৎসক সকলে অব্যাহত ৰখা ধৰ্মঘটৰ বাবে ৰোগীক চিকিৎসা নকৰাত কিছুসময়ৰ পিছত  চিকিৎসালয়খনতে  কৰুণভাৱে মৃত্যুক সাৱটি লয় শিশুটিয়ে। পৰিয়ালৰ লোকৰ অভিযোগ অনুসৰি উক্ত সময়ত চিকিৎসালয়ৰ প্ৰৱেশদ্বাৰত নিয়োজিত নিৰাপত্তাৰক্ষীয়ে চিকিৎসকৰ প্ৰতিবাদৰ হেতু চিকিৎসালয়ত উক্ত সময়ত চিকিৎসক নাই বুলি ঘূৰাই পঠাই ৰোগগীয়া শিশুটি আৰু পৰিয়ালক।ইফালে পৰিয়ালৰ লোকৰ অভিযোগ খণ্ডন কৰিছে কৰ্তব্যৰত  নিৰাপত্তাৰক্ষীয়ে। চিকিৎসালয়ত উক্ত সময়ত শিশু বিশেষজ্ঞ নথকা বুলিয়ে তেখেতে জনায় বুলি জানিবলৈ দিয়ে।ইফালে লিগিৰীপুখুৰী অসামৰিক চিকিৎসালয়ত কৰ্মৰত শিশু বিশেষজ্ঞ মঃ বক্তিয়াৰ হুছেইনৰ চৰকাৰী আৱাসগৃহলৈ গৈ পৰিয়ালৰ লোকে শিশুটিৰ চিকিৎসাৰ বাবে কাকুতি মিনতি কৰে যদিও চিকিৎসকজনে ধৰ্মঘটৰ দোহাই দি চিকিৎসা প্ৰদান নকৰিলে শিশুটিক। যাৰ পৰিণতিত বিনা চিকিৎসাৰে অকালতে মৃত্যুক সাৱতিলে ২ বছৰীয়া শিশুটিয়ে। এই ঘটনাই সমগ্ৰ নাজিৰাত বিৰূপ প্ৰতিক্ৰিয়া সৃষ্টি কৰাৰ লগতে মৃত শিশুটিৰ পৰিয়ালক চৰকাৰে উচিত ক্ষতিপূৰণৰ দাবী জনাইছে স্থানীয় ৰাইজে  ।

Related Articles