Breaking

নগাঁৱত ট্ৰেভেল হিষ্টৰী নথকা যুৱকৰ দেহত ক’ৰোণাৰ উপস্থিতি । নগাঁৱত এদিনতে চিনাক্ত ৫৪গৰাকী কভিড-১৯ পজিটিভ ।

0 471

নগাঁও 

ৰাজ্যখনৰ আন ঠাইৰ লগতে নগাঁও জিলাতো মহামাৰী কৰ’ণাই ভয়াবহ ৰূপ ধাৰণ কৰিছে। প্ৰতিদিনেই বৃদ্ধি পাইছে কৰ’ণা আক্ৰান্তৰ সংখ্যা। আজি আৰু কালি বিগত দুটা দিনত কডিড-১৯ পজিটিভৰ সংখ্যা হৈছে মুঠ ৭৮ হৈছেগৈ। ইয়াৰে জিলাখনত আজি নতুনকৈ ৫৪ জন লোকৰ দেশত ক’ডিড-১৯ পজিটিভৰ উপস্থিতি ধৰা পৰিছে। স্বাস্থ্য বিভাগৰ এক সুত্ৰে জনা মতে, নগাঁৱত আজি  প্ৰভা দেৱী, চাৰুৱালা বিশ্বাস, অচ্যুত বিশ্বাস,সুনিতা বিশ্বাস, শংকৰ বিশ্বাস, চামিম হুছেইন, ৰিতুল ইছলাম, কুলচুম বিবি, মোহন বাহাদুৰ চেট্টী, কাৰ্তিক দাস,আজাহাৰুল ইছলাম, চাইদুল ইছলাম, জিয়ানুৰ ৰহমান ,অংকুৰ দাস, মাজিদুল হক, ৰাজাউল ইছলাম,আইনুল হক, আজিজুল হক, ৰিববুল হক, শম্ভু ভূমিজ, আবুচানা আলি,আলালয়উদ্দিন, আবিজুৰ ৰহমান, আইনুল হক, চাদাম হুছেইন, মুকচিদুল ইচলাম, আবু বক্কৰ চিদ্দিক, আবেদুৰ ৰহমান,ইনামুল হক, প্ৰেম সুতৰ, জাহাঙ্গীৰ আলম, ৰমজান আলীকে ধৰি ৫৪ জন লোকৰ দেহত   ক’ভিড-১৯ পজিটিভ ধৰা পৰিছে। বহি:ৰাজ্য ফেৰত এই লোকসকল বিভিন্ন প্ৰতিষ্ঠানিক কোৱাৰেনন্টাইন চেন্টাৰ আৰু হোম কোৱাৰেনন্টাইনত আছিল বুলি জানিব পৰা গৈছে। এই লৈ নগাঁও জিলাত বৰ্তমানলৈকে ১৬৬ জন লোক ক’ডিড-১৯ পজিটিভত আক্ৰান্ত হৈছে। এইদৰে প্ৰতিদিনে কৰ’ণা ৰোগীৰ সংখ্যা বাঢ়ি গলে দুই শতাধিক অতিক্ৰম কৰিবলৈ আৰু বেছি দিন নালাগিব। যাক লৈ এতিয়া নগাঁৱত এক হাঁহাকাৰ পৰিস্থিতি বিৰাজ কৰিছে।ইপিনে গুৱাহাটীৰ পৰিবহন আয়ুক্তৰ কাৰ্যালয়ত কৰ্মৰত নগাঁৱৰ আমোলাপট্টিৰ বিভূতি ভট্টাচাৰ্য্যৰ দেহত দেওবাৰে নিশা ক’ভিদ ১৯ৰ সংক্ৰমণ ধৰা পৰাৰ পিছতে চহৰখনৰ আমোলাপট্টি অঞ্চলৰ ৰাইজৰ মাজত পুনৰ ক’ৰোণাতংকই বিৰাজ কৰিছে। উল্লেখযোগ্য যে আমোলাপট্টিৰ ৰেডক্ৰছ চাৰিআলিৰ এগৰাকী চিকিৎসকৰ পুত্ৰ বিভূতি ভট্টাচাৰ্য বিশেষ ভাৱে সক্ষম হোৱাৰ বাবে হোম কোৱাৰেণ্টেইনত আছিল। কিন্তু চিন্তাৰ বিষয়টো হ’ল স্বাস্থ্য বিভাগে বৰ্তমানেও বিচাৰি পোৱা নাই বিভূতিৰ ট্ৰেভেল হিষ্ট’ৰী। গুৱাহাটীৰ পৰিবহন আয়ুক্তৰ কাৰ্যালয়ত কৰ্মৰত বিভূতিয়ে আজিৰ পৰা তিনিদিন পূৰ্বে জ্বৰ-কাহত আক্ৰান্ত হৈ ছোৱাব টেষ্ট কৰিছিল আৰু চিকিৎসকে তেঁওক হোম কোৱাৰেণ্টেইনত থকাৰ পৰামৰ্শ দিছিল। তাৰ পিছতে দেওবাৰে নিশা স্বাস্থ্য পৰীক্ষাৰ প্ৰতিবেদন অহাৰ লগে লগে আমোলাপট্টিৰ বাসগৃহ স্বাস্থ্যবিভাগে সম্পূৰ্ণ ৰূপে চীল কৰি দিয়ে। ইপিনে মুম্বাইৰ পৰা আহি নগাঁৱৰ এখন হোটেলত ৭ দিনৰ কোৱাৰেণ্টেইনৰ সময়সীমা সম্পূৰ্ণ কৰি নগাঁৱৰ হয়বৰগাঁৱৰ নিজ বাসগৃহলৈ ঘূৰি যোৱা পিয়ুস আগৰৱালাৰ দেহতো আজি ধৰা পৰে ক’ভিদ ১৯ৰ সংক্ৰমণ।

Leave A Reply

Your email address will not be published.