ওদালগুৰি জিলাৰ ৰাজাগড় আৰু নালাপাৰাত থকা ২৪ নং বটালিয়ন সীমান্ত সুৰক্ষা বাহিনী ( এছ এছ বি)ৰ দ্বাৰা আয়োজন কৰা দুৰ্নীতি নিবাৰক আৰু নিয়ন্ত্ৰণ বিষয় কৰ্মশালা যোৱা ২৩ অক্টোবৰত নৱজ্য্যেতি মধ্য ইংৰাজী বিদ্যালয় প্ৰাঙ্গণতনত সম্পন্ন হয়। উক্ত কৰ্মশালাত ২৪ নং বটালিয়ন সীমান্ত সুৰক্ষা বাহিনীৰ মুখ্য সুৰক্ষা বিষয়া শ্ৰী এ বি সঞ্জীৱ ৰাওৱে সমাজত ঘটি থকা দুৰ্নীতি, মাদক দ্ৰব্য সেৱনৰ পৰা সমাজক কেনেকৈ সুৰক্ষিত কৰিব পাৰি তাৰ বিষয় উল্লেখ কৰাৰ লগতে বৰ্তমান নৱ প্ৰজন্ম সকল কিয় ড্ৰাগ্চত লিপ্ত হয় আৰু নিজৰ পৰিয়ালৰ লগতে সমাজকো বিপথে পৰিচালিত কৰি সমস্যাৰ সৃষ্টি কৰে তাৰপৰা সুৰক্ষা দিবৰ বাবে সমাজও আগবাঢ়ি আহি নিচাযুক্ত দ্ৰব্যৰ পৰা নৱ প্ৰজন্মক আতৰাই ৰাখিব পাৰি আৰু শু-পৰামৰ্শ প্ৰদান কৰি সমাজৰ লগতে যুৱপ্ৰজন্মক শিক্ষিত কৰি সংস্কাৰময় সমাজ নিৰ্মাণ কৰিবৰ কাৰণে সীমান্ত সুৰক্ষা বাহিনীৰ মুখ্য বিষয়া এ বি সঞ্জীৱ ৰাওএ উপস্থিত জনসাধাৰণক আহ্বান জনায়। উক্ত কৰ্মশালাত সীমান্ত সুৰক্ষা বাহিনী(এছ এছ বি) ৰাজাগড় সমন্বয়ক প্ৰভাৰী তথা সহ কমাণ্ডেন্ট বিকাশ সাৱৰিয়া, নালাপাৰা সীমান্ত সুৰক্ষা বাহিনীৰ ইন্সপেক্টৰ দৌলতৰাম মীনা, নৱজ্যোতি মধ্য ইংৰাজী বিদ্যালয়ৰ প্ৰধান শিক্ষক সুভাষ কবিৰাজ, বিদ্যালয়ৰে অন্যান্য কৰ্মচাৰীৰ লগতে ছাত্র-ছাত্ৰী সকলেও দুৰ্নীতী নিবাৰক তথা নিচাযুক্ত দ্ৰব্য সেৱনৰ বিৰোধিতা আৰু তাৰপৰা সুৰক্ষা পাব পৰা কৰ্মশালাত অংশগ্ৰহণ কৰি সমাজ নিৰ্মাণৰ পণ লৈ আগবাঢ়ি যোৱাৰ সংকল্প লয়।
Breaking
- Book launch of Digdarshan যোৰহাটত দিগদৰ্শন প্ৰকাশনৰ গ্ৰন্থ উন্মোচন
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- Smart Meter:স্মার্ট মিটাৰ এপিডিচিএলক ঘূৰাই দিলে ক্ষোভিত ৰাইজে !
- MISING AUTONOMOUS COUNCIL: মিচিং স্বায়ত্ততশাসিত পৰিষদৰ নতুন পৰিষদীয় সমষ্টি সীমা নির্ধাৰণক লৈ অভিযোগ !
- Cyber Crime: ৯ জন চাইবাৰ অপৰাধীক আটক !
- Arijit Singh: মঞ্চখনেই মোৰ বাবে মন্দিৰঃ অৰিজিত সিং
- Arunodoi 3.0: অৰুণোদয় ৩.০ঃ এক ৰেচন কাৰ্ড-এক অৰুণোদয়
- Animal Fat Used Laddu Prasadam: মন্দিৰৰ প্ৰসাদৰ লাড়ুক লৈ বিতৰ্ক! লাড়ুত জন্তুৰ চৰ্বি মিহলাই বুলি অভিযোগ এগৰাকী মুখ্যমন্ত্ৰীৰ
- Urinary Tract Infection: প্ৰস্ৰাৱ কৰাৰ সময়ত জ্বলা-পোৰা, বিষ প্ৰস্ৰাৱ সংক্ৰমণৰ লক্ষণ!
- Father Killed Son: শিৱসাগৰত চাঞ্চল্যকৰ কাণ্ড! পিতৃৰ হাতত প্ৰাণ গ’ল পুত্ৰৰ
- Shri Shri Rudra Mahayagya: খানাপাৰাত শ্ৰীশ্ৰী ৰুদ্ৰ মহাযজ্ঞ- কামেশ্বৰী মহা আৰাধনাৰ সফল সামৰণি
- Swacchata hi seva: স্বচ্ছতাই সেৱা অভিযানৰ অংশ হিচাবে অসমত ৩৫০০ গছপুলি ৰোপণ