মদৰ দোকানৰ অনুজ্ঞাপত্ৰ বাতিলৰ দাবী ৷

নলবাৰী জিলাৰ বৰক্ষেত্ৰী ৰাজহ চক্ৰৰ অন্তৰ্গত মুকালমুৱা আৰু বৰতলাত দুখনকৈ চৰকাৰী অনুজ্ঞাপত্ৰ মদৰ দোকান মুকলি কৰাত উদ্বেগ প্ৰকাশ কৰিছে বৰক্ষেত্ৰীৰ সচেতন মহলে ৷ অসম চৰকাৰৰ আবকাৰী বিভাগৰ পৰা অনুজ্ঞাপত্ৰ লৈ মুকালমুৱাৰ সাপকাটা গাঁৱত হাজো-দৌলাশাল গড়কপ্তানি পথৰ দাঁতিত দুৰ্গা পূজাৰ পূৰ্বে বৰক্ষেত্ৰীত প্ৰথমখন মদৰ দোকান মুকলি কৰাৰ পিছতে শেহতীয়াভাৱে বৰতলা পেট্ৰ’ল পাম্পৰ নিচেই ওচৰত দ্বিতীয়খন মদৰ দোকান আৰম্ভ কৰে বৰক্ষেত্ৰীৰ দুগৰাকী ব্যৱসায়ীয়ে ৷ বৰক্ষেত্ৰীত দুখনকৈ মদৰ দোকান মুকলি কৰা বিষয়টোত বৰক্ষেত্ৰী ব্লক কংগ্ৰেছে তীব্ৰ অসন্তুষ্টি প্ৰকাশ কৰি জাঙুৰ খাই উঠিছে ৷ মদৰ দোকান দুখনৰ জড়িয়তে বৰক্ষেত্ৰীৰ শৈক্ষিক তথা সামাজিক পৰিৱেশ বিনষ্ট কৰা আৰু শান্তিপ্ৰিয় বৰক্ষেত্ৰীত অশান্তি সৃষ্টি কৰাৰ অভিযোগত বৰক্ষেত্ৰী ব্লক কংগ্ৰেছৰ নেতৃত্বসহিতে শতাধিক কংগ্ৰেছ কৰ্মীয়ে আজি বৰক্ষেত্ৰী ৰাজহ চক্ৰৰ চক্ৰ বিষয়াৰ কাৰ্যালয়ত তীব্ৰ প্ৰতিবাদ সাৱ্যস্ত কৰে ৷ কংগ্ৰেছ কৰ্মীসকলে মদৰ দোকানৰ অনুজ্ঞা পত্ৰ শিঘ্ৰেই বাতিল কৰক, অসম চৰকাৰ হায়-হায়, আবকাৰী বিভাগ হায়-হায়, বিজেপি চৰকাৰ হায়-হায়, মদৰ দোকানৰ পৰিবৰ্তে শিক্ষিত নিবনুৱাক কৰ্ম সংস্থাপন দিয়ক ইত্যাদি ধ্বনি প্ৰদান কৰি প্ৰতিবাদ সাৱ্যস্ত কৰে ৷ প্ৰতিবাদকাৰীসকলে মদৰ দোকান দুখনৰ শিঘ্ৰেই অনুজ্ঞা পত্ৰ বাতিল কৰি দোকান দুখন বন্ধ কৰাৰ দাবীৰে নলবাৰীৰ উপায়ুক্তলৈ বৰক্ষেত্ৰীৰ ৰাজহ চক্ৰ বিষয়াৰ জড়িয়তে এখন স্মাৰক পত্ৰ প্ৰদান কৰে ৷ স্মাৰক পত্ৰখনৰ প্ৰতিলিপি অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা, নলবাৰী জিলাৰ অভিভাৱক মন্ত্ৰী অজন্তা নেওগ, অসম চৰকাৰৰ মুখ্য সচিব জিষ্ণু বৰুৱা আৰু বৰক্ষেত্ৰীৰ বিধায়ক দিগন্ত বৰ্মনক প্ৰেৰণ কৰাৰ কথা উল্লেখ কৰে ৷ প্ৰতিবাদকাৰী সকলে মদৰ দোকান দুখনৰ অনুজ্ঞা পত্ৰ বাতিল নকৰিলে বৰক্ষেত্ৰীত ইতিহাস সৃষ্টি কৰিব পৰাকৈ প্ৰৱল গণতান্ত্ৰিক প্ৰতিবাদ সাৱ্যস্ত কৰিব বুলিও হুংকাৰ দিয়ে ৷ প্ৰতিবাদী কাৰ্যসূচীত বৰক্ষেত্ৰী ব্লক কংগ্ৰেছৰ উপ সভাপতি ক্ৰমে অকণ চন্দ্ৰ চৌধুৰী, প্ৰাণেশ্বৰ বৰা, সাধাৰণ সম্পাদক আশিষ কুমাৰ আহমেদ, বৰক্ষেত্ৰী এন.এচ.ইউ.আইৰ সভাপতি ছাজিদ আখতাৰ, বৰক্ষেত্ৰী যুৱ কংগ্ৰেছৰ সভাপতি ছহিদুল ইছলাম, বৰক্ষেত্ৰী ইয়ং বিগ্ৰেডৰ সভাপতি মেৰাজুল হক, নলবাৰী জিলা সংখ্যালঘু মহিলা কোষৰ সাধাৰণ সম্পাদিকা ফৰিদা ইয়াছমিন, বৰক্ষেত্ৰী ব্লক আই.টি.চেলৰ সভাপতি আলী আহমেদ, জয়সাগৰ-বৰতলা মণ্ডল যুৱ কংগ্ৰেছৰ সভাপতি অমল বৰ্মনসহ কংগ্ৰেছৰ শতাধিক কৰ্মীয়ে অংশগ্ৰহণ কৰে ৷

Related Articles