ওদালগুৰিৰ বিষ্ণুৰাভা প্ৰাঙ্গনত ভোটাৰ্চ পাৰ্টী ইন্টাৰনেছনেল ওদালগুৰি জিলা সমিতিৰ প্ৰথম বাৰ্ষিক অধিবেশন

আমাৰ দল এক আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ।সাধাৰণ ভোটাৰ সকলৰ ন্যায্য প্ৰাপ্তিৰ বাবে অবিৰত সংগ্ৰাম কৰি আহিছো।ভোটাৰ সকলে ৰজা পতা প্ৰজাসকলৰ কথা কিয় চিন্তা নকৰে।২৯ অক্টোবৰত ওদালগুৰিৰ বিষ্ণুৰাভা কৃষ্টি সংঘ প্ৰাঙ্গনত আয়োজিত ভোটাৰ্চ পাৰ্টী ইন্টাৰনেছনেল ওদালগুৰি জিলা সমিতিৰ প্ৰথম বাৰ্ষিক অধিবেশনত উপস্থিত থাকি ভিপিআইৰ মধ্য জনেল সমিতিৰ মেডিয়া তত্বাৱধান পবিত্ৰ বড়োই এইদৰে কয়।ভিপিআইৰ ওদালগুৰি জিলা সমিতিৰ সভাপতি বদন চন্দ্ৰ বসুমতাৰীৰ সভাপতিত্বত অনুষ্ঠিত মুকলি সভাত মেডিয়া তত্বাৱধায়ক বড়োই লগতে কয়- ৰাজনীতিৰ নামত এতিয়া মাথো চলিচে দালালীৰাজ।বিভাগ আসাম ফিফটি ফিফটিৰ আন্দোলনকাৰী এতিয়া প্ৰমোদ বড়ো বিজেপিৰ শৰণাপন্ন হৈছে।নিজৰ দলৰ প্ৰতীক ট্ৰেক্টৰৰ সলনি পদুম ফুলৰ তলতহে থাকে।এইদৰে বিজেপি,এজিপি ৰাজ হবসোচ্ছাৰ হৈ পৰে। ইপিনে অসম ৰাজ্যিক সমিতিৰ উপ সভাপতি সুনিল প্ৰকাৰে কয়- ভোটাৰ পাৰ্টীৰ দাবী চৰকাৰে মানি ল’বই লাগিব।২০১১ৰ ২ ডিচেম্বৰত সংসদত উত্থাপিত ভোটাৰ পাৰ্টীৰ দাবী আজিও চৰকাৰে কাৰ্যকৰী নকৰাটো পৰিমাপৰ বিষয়।ভাৰতৰ প্ৰতিগৰাকী ভোটাৰে মাহে পাবলগীয়া ৮ হাজাৰ টকা আদায় দিয়াৰ বাবেও উল্লেখ কৰে।২৯অক্টোবৰৰ  উক্ত মুকলি সভাত ভিপিআইৰ অসম ৰাজ্যিক নিৰ্বাচন পৰিচালক চিবেন দাস, ৰাজ্যিক সদস্য মনিৰাম বড়ো,শোনিতপুৰ জিলাৰ সমিতিৰ সভাপতি প্ৰদীপ বসুমতাৰী,আৰ্থিক আজাদী সংগ্ৰাম পৰিষদৰ সভাপতি তৰণী বসুমতাৰী,মধ্য জনেল সমিতিৰ তত্বাৱধায়ক ধনঞ্জয় সৰকাৰকে ধৰি বিভিন্ন জিলাৰ বিশিষ্ট লোক সকল উপস্থিত আছিল।পুৱা ৭.৩০ বজাত অধিবেশনৰ দূৱাৰ মুকলি কৰে ওদালগুৰি ব্লক সমিতিৰ সভাপতি ৰমেন নাৰ্জাৰীয়ে।পুৱা ৮.৩০ বজাত পতাকা উত্তোলন কৰে জিলা সভাপতি বদন চন্দ্ৰ বসুমতাৰীয়ে।৯.৩০ বজাত শ্বহীদ তৰ্পণ কৰে জিলা সমিতিৰ উপদেষ্টা গণ্ডেশ্বৰ মূচাৰীয়ে।দিনৰ ১২ বজাত এক সাংস্কৃতিক অনুষ্ঠান ও অনুষ্ঠিত হয়।আনহাতে কালি অনুষ্ঠিত হৈ যোৱা সাংগঠনিক সভাখন ৰাজ্যিক উপ-সভাপতি সুনীল সৰকাৰে উদ্বোধন কৰাৰ পিছতে বিভিন্ন দিশ আলোচনাৰ শেষত বদন চন্দ্ৰ বসুমতাৰীক সভাপতি,সুৰেন দৈমাৰীক সম্মাদক আৰু নাৰায়ন বৰ্মনক সহকাৰী সম্পাদক হিচাপে লৈ ওদালগুৰি জিলা ভোটাৰ্চ পাৰ্টী গঠন কৰা হয়।

Related Articles