Breaking

ছাত্ৰ মুক্তি আৰু সাপ্তাহিক বজাৰৰ লেছীয়ে লগালে তলা

0 2,042

বৰডুমচা পৰা ২নৱেম্বৰ বৰডুমচাঃ তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটা সমষ্টিৰ অন্তৰ্গত কাকপথাৰ উন্নয়ন খণ্ডৰ অধীনৰ পুৰণি পুখুৰী গাওঁ পঞ্চায়তত চলি থকা দুৰ্নীতি আৰু বৰডুমচা মাধৱপুৰস্থিত বৃহস্পতিবৰীয়া সাপ্তাহিক বজাৰৰ ছাগলী আৰু গৰুৰ পৰা পঞ্চায়তৰ যোগে অতিৰিক্ত কৰ সংগ্ৰহ কৰি অহাৰ গুৰুত্বৰ অভিযোগ উত্থাপিত হৈ আহিছে। পঞ্চায়ত কতৃপক্ষৰ দ্বাৰা বিগত তিনি বৰ্ষ জোৰা সাপ্তাহিক বজাৰখনৰ ছাগলী গৰু বজাৰত ৩০ শতাংশ কৈ সংগ্ৰহিত কৰা অতিৰিক্ত কৰ ক”ত কেনেদৰে ব্যয় কৰি আহিছে কিম্বা কত মজুত ৰখা হৈছে আৰু পঞ্চায়তখনত চলি অহা দুৰ্নীতিৰ বিষয়ে তথ্য ৰাজহুৱা কৰিবলৈ নিদিষ্ট সময়সীমা বান্ধি দিছিল মাধৱপুৰৰ সাপ্তাহিক বজাৰখনৰ লেছী গোট আৰু স্থানীয় ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে ।বিশেষকৈ পঞ্চায়তখনৰ যোগে সাপ্তাহিক বজাৰত অতিৰিক্ত কৰ সংগ্ৰহ,পথ নিৰ্মাণ আৰু বজাৰ আন্তগাঁ‌ঠনিৰ উন্নয়নৰ নামত হোৱা দুৰ্নীতিৰ সন্দৰ্ভত স্পটিকৰণ বিছাৰি পঞ্চায়তৰ সভানেত্ৰীক ৪৮ ঘণ্টা সময় সীমা বান্ধি দি পঞ্চায়ত কতৃপক্ষলৈ এক লিখিত পত্ৰ প্ৰেৰণ কৰিছিল ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি স্থানীয় আঞ্চলিক গোটে।অন্যথা পঞ্চায়তখনত তলা বান্ধি দিয়াৰ দৰে প্ৰতিবাদী কাৰ্যসূচী লোৱাৰো হুংকাৰ প্ৰদান কৰিছিল। পঞ্চায়ত কতৃপক্ষই নিৰ্ধানিত সময় সীমা উকলি যোৱাৰ পাছতো কোনো গুৰুত্ব প্ৰদান নকৰি তথ্য ৰাজহুৱা কৰাৰ পৰা বিৰত থকাৰ উপৰিও সভানেত্ৰী গৰাকীয়ে মইমতালি প্ৰদৰ্শন কৰা কাৰ্যত ক্ষোভিত হৈ আজি পঞ্চায়তখনৰ মুল গেটত লগালে তলা ।পঞ্চায়তৰ বিৰুদ্ধে উত্থাপিত হৈ থকা ৰাজহুৱা অভিযোগ যেতিয়া লৈকে তথ্যসহকাৰে ৰাজহুৱাকৈ স্পষ্টিকৰণ নিদিয়ে তেতিয়ালৈকে পঞ্চায়তখনত তলা উলমি থাকিব বুলি বৰডুমচা পেঙেৰী আঞ্চলিক ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ হৈ সংগঠনটোৰ উপদেষ্টা গৌতম বৰুৱা, সাধাৰণ সম্পাদক মন্টুশ মুুুদৈয়ে আৰু বজাৰৰ লেছী গোটে সদৰি কৰিছে ।

Leave A Reply

Your email address will not be published.