দেশী জনগোষ্ঠীত দীপাৱলী।

পোহৰৰ উৎসৱ দীপাৱলীক দেশী জনগোষ্ঠীৰ লোক সকলে *চৰাটেৰ* ৰাইত  বুলি কয়।অৰ্থাৎ খুব চৰা মানে স্পৰ্শ কাতৰ ৰাতি।দেশী সকলে এই দিনা বেলি মাৰ যোৱাৰ পিছত সৰু সৰু লেংটা লৰা ছোৱালীৰ দ্বাৰা কল গছৰ ঠাৰিৰে গছ বন্ধাইছিল বা পুৰণা চেণ্ডেল,জোতা আদি গছত বান্ধি দিয়াৰ উপৰি কঁঠাল বা নাৰিকল গছত হাতুৰীৰে লোৰ গজালো মাৰি দিছিল যাতে কাৰো কু-নজৰ নালাগে আৰু গছত অধিক ফল ধৰে।  আমাৱশ্যৰ অন্ধকাৰ সেই ৰাতি চোৰৰ উৎপাত হয় সেয়ে চোৰৰ চুৰি কাৰ্য্য ৰোধ কৰিবৰ বাবে জপনা মুখত বগৰী কাঁইট পুতি থোৱা বা ভঙা টিনৰ বাল্টি বা খাৰৰ হাৰি থৈ দিছিল।বিশ্বাস মতে এনে কৰিলে চোৰৰ  “শাইত্” (আৰম্ভণি) কুফা হয়। এই দেৱালীৰ ৰাতি জুহালৰ কালি লগা ভঙা মাটিৰ পাত্ৰ(পা’ইলে) আৰু জুহালৰ পোৰা ইটা পদুলিমুখত থৈ দিয়া হয়। চোৰ সোমাওঁতে ইয়াক দেখা পালে বা গচকিলে যাত্ৰা *(শাইত)* নষ্ট হয় বুলি প্ৰাচীন কালৰ পৰাই দেশী জনগোষ্ঠীৰ মাজত লোকবিশ্বাস যি আজিও প্ৰচলিত হৈ আছে।
আনহাতে ঘৰত কণ কণ সতে বিভিন্ন ৰঙৰ আতচ বাজি ,ফটকা আদি ফুটাই ফুৰ্তি কৰে অন্যহাতে  গাঁওৰ ডেকা- বুঢ়াই সেই ৰাতি বিভিন্ন তাচৰ জুৱা যেনে ছপছপি, হাজাৰি, তিন পাত্তি আনকি ডাব্বু …খেল আদি খেলি  ভাগ্য পৰীক্ষা কৰে।কোনো দিনেই লৰা বা ঘৰৰ লগুৱাক জুৱা খেলিবলৈ নিদিয়া অভিভাৱক বা গৃহস্থইও সেই ৰাতিত হলে কাকো বাধা প্ৰদান কৰা নকৰে আনকি গৃহস্থ,লাগুৱা-বনুৱা একেলগে জুৱা খেলে।মুঠৰ ওপৰত বছেৰেকত এটাই ৰাতি সেইটো হল চৰাটেৰ ৰাতি, যি ৰাতিত অবাধে, বিনা বাধাই সকলোৱে জুৱা খেলাৰ স্বাধীনতা পাইছিল।আকৌ কোনো কোনোৱে  সেই ৰাতি বেলেগৰ ঘৰত জ্বলোৱা প্ৰথম দিয়াবাতি বা চাকিটো মনে মনে চুৰ কৰি তেল, শলিতা গছি পেলাই দি চাকিটো পকেটত ভৰাই নি জুৱাত বহিছিল। এনে খালি চাকি পকেটত থাকিলে জুৱাত হেনো লাভ হবই বুলি দেশীৰ মাজত বিশ্বাস।সিদিনা দেশী মানুহ সকলে ভেড়াৰ মাংসও খায়। লোক বিশ্বাস যে চৰাটেৰ ৰাতি ভেড়াৰ মাংস খালে গোটেই বছৰ ধৰি বাত বিষ বেমাৰ নহয়।

Related Articles