এগৰাকী বিশেষভাৱে সক্ষম প্ৰতিভাশালী যুৱক।

ওদালগুৰিৰ মিচনৰোড  নিবাসী সংগীত শিল্পী নিৰঞ্জন বায়ন আৰু মাতৃ বন্দনা বায়নৰ প্ৰথম পুত্ৰ গৌৰৱ বায়ন এগৰাকী বিশেষভাৱে সক্ষম প্ৰতিভাশালী যুৱক।শিক্ষাত মেধাবী সম্পন্ন যুৱক গৌৰৱে এইবাৰ সফলতাৰে স্নাতক উত্তীৰ্ণ হৈছে।সৰুৰে পৰা সাংস্কৃতিক পৰিবেশত ডাঙৰ হোৱা গৌৰৱে লোক সংগীত, সত্ৰীয়া সংগীতৰ এগৰাকী সফল প্ৰতিভাৰ অধিকাৰী। তেওঁ সৰুৰে পৰা খোল,তাল,ঢোল আন বাদ্য যন্ত্ৰত জড়িত হৈ বৰ্তমান বাঁহী বাদনৰ প্ৰতি আকৰ্ষিত হৈ পৰে।বাঁহীকে ধৰি সকলো বাদ্য যন্ত্ৰত পাৰ্গত গৌৰৱে বাঁহীৰ সুৰৰ মূৰ্চনাৰে আপ্লুত কৰি তুলিব পাৰে। খোল,তাল,ঢোল আদি বাদ্য যন্ত্ৰতটো দক্ষতা আছে।ওদালগুৰি জিলাৰ কলাই গাঁৱৰ সৰুৰাম দাসৰ তত্বাবধানত বাঁহীৰ প্ৰশিক্ষণ গ্ৰহন কৰি তেওঁক গুৰু হিচাপে মানিছে গৌৰৱে।দেউতাক নিৰঞ্জন বায়নৰ পৰা বাঁহীৰ চাৰে..গা..মা.পা শিকিছিল বুলি উল্লেখ কৰে। ।আৰ্য বিদ্যাপীঠেত পঢ়ি থকা সময়ত  বাঁহী শিক্ষাৰ “ফেলক টানিক গ্ৰুপ” সফলতাৰ আঁৰত এক টাৰ্ণিং পইণ্ট আছিল বুলি গৌৰৱে উল্লেখ কৰে।  সুমধুৰ কণ্ঠৰ গীতৰ অধিকাৰী গৌৰৱে থলুৱা বাদ্যযন্ত্ৰৰ প্ৰতি আগ্ৰহী। নৱ-প্ৰজন্মৰ শিল্পী গৌৰৱে সংগীত ৰ জৰিয়তেও সকলোৰে মন জয়ী কৰিবলৈ সক্ষম হোৱা দেখা গৈছে।এক কথাত কবলৈ গলে লোক সংগীত,সত্ৰীয়া সংগীতৰ এগৰাকী সফল বাদ্যযন্ত্ৰী গৌৰৱ বায়ন।এখন সাংস্কৃতিক পৰিবেশত ডাঙৰ দীঘল হোৱা গৌৰৱৰ পিতৃ নিৰঞ্জন বায়ন এগৰাকী সংগীত শিল্পী।তেওঁ কাঁচিয়লী সুৰ সংগম আৰু সত্ৰীয়া সংগীত বিদ্যালয়ৰ জৰিয়তে অসমৰ বিভিন্ন মঞ্চত সংগীত পৰিবেশন কৰি ভূয়সী প্ৰশংসা লাভ কৰিছে।গৌৰৱৰ ককা বলোভদ্ৰ বায়ন আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ অনাতাঁৰ শিল্পী আৰু আইতাক পদ্মাৱতী বায়ন শ্ৰীমন্ত শংকৰদেৱ সত্ৰৰ মুখ্য পাঠকনী আছিল।পেহীয়েক দুগৰাকী ক্ৰমে নিৰু বায়ন আৰু হৈম্য বায়নো অনাতাঁৰ শিল্পী হিচাপে স্বীকৃতি লাভ কৰিছে।আন এগৰাকী পেহীয়েক ৰুণু বায়ন সত্ৰীয়া সংগীত বিদ্যালয়ৰ এগৰাকী প্ৰশিক্ষক হিচাপে বৰগীত,সত্ৰীয়া নৃত্য আদিৰ প্ৰশিক্ষণ দি আহিছে।এই কাচিয়লী সুৰ সঙ্গম অনুষ্ঠানটোৰ সভাপতি গগন লহকৰ আৰু পিতৃ নিৰঞ্জন বায়নে স্থানীয় আগ্ৰহী সকলক বৰগীত,খোল,তাল, সত্ৰীয়া নৃত্য আদিৰ প্ৰশিক্ষণ দি আহিছে যদিও চৰকাৰীভাবে এতিয়ালৈকে কোনো সাহায্য লাভ কৰা নাই। বিশেষভাবে সক্ষম তথা খৰ্বকায় যুৱক গৌৰৱৰ দৰে এনে প্ৰতিভাশালী শিল্পীক চৰকাৰে গুৰুত্ব দিব বুলি ৰাইজে আশা প্ৰকাশ কৰে।

Related Articles