ওদালগুৰি মহাবিদ্যালয়ত জিলা পৰ্যায়ৰ পৰামৰ্শ মূলক সভা

৩নবেম্বৰত ওদালগুৰি মহাবিদ্যালয়ত বিটিআৰ’ৰ শিক্ষা নীতি সম্পৰ্কীয় অংশীদাৰ সকলৰ জিলা পৰ্যায়ৰ পৰামৰ্শ মূলক সভা মহাবিদ্যালয়ৰ অধ্যক্ষ ড° লুক দৈমাৰীৰ সভাপতিত্বত অনুষ্ঠিত হৈ যায়। উক্ত সভাত বিটিচিৰ উপ-মুখ্য কাৰ্যকৰী তথা বিধায়ক গোবিন্দ চন্দ্ৰ বসুমতাৰীয়ে বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি কয়-বড়ো, অসমীয়া অথবা নিজ মাতৃভাষাত শিক্ষা গ্ৰহন কৰিলে ভাল শিক্ষা নাপায় বুলি এক ভুল ধাৰণা কৰে অভিভাৱক সকলে। ।মাতৃভাষাৰ জৰিয়তে শিক্ষা গ্ৰহন কৰি নিজৰ জাতীয় ভাষাক জীয়াই ৰখাটো দায়িত্ব। শিক্ষাৰ ক্ষেত্ৰত মাধ্যম কেতিয়াও অন্তৰায় হ’ব নোৱাৰে।সেয়ে-ছাত্ৰ-ছাত্ৰী সকলক ইংৰাজী মাধ্যমৰ সলনি  নিজ মাতৃভাষাক অৱহেলা নকৰি নিজ মাতৃভাষাত শিক্ষাদান কৰা উচিত বুলি উল্লেখ কৰে।বিটিআৰ চৰকাৰে নতুন শিক্ষা নীতিৰে বিটিচিত শিক্ষাৰ পৰিবৰ্তনৰ উদ্যাগ গ্ৰহন কৰিছে।এনে শুভ কাৰ্যত অভিভাৱক,ৰাইজ,দল-সংগঠন সমূহে সহযোগ আগবঢ়াব লাগিব।তেতিয়াহে নতুন শিক্ষা ব্যৱস্থাৰ আঁচনিৰে উন্নয়ন কৰিব পৰা যাব।বসুমতাৰীয়ে লগতে উল্লেখ কৰি কয়- চৰকাৰী বিদ্যালয় সমূহৰ আন্তঃগাঠনি গ্ৰামাঞ্চলত যথেষ্ট উন্নত নহয়।বহু বিদ্যালয়ত খোৱাপানী, শিক্ষক পৰ্যাপ্ত নহয়,চাৰিসীমা নথকা আদিকে ধৰি বিভিন্ন সমস্যাৰ এতিয়াও সমাধান হোৱা নাই।দেখা যায় ব্যক্তিগত বিদ্যালয়ৰ তুলনাত চৰকাৰী বিদ্যালয়ৰ অৱস্থা উন্নত নহয়।এনে আসোঁৱাহ সমূহ দূৰীকৰণৰ বিটিচি চৰকাৰে আঁচনি গ্ৰহনৰ পৰিকল্পনা হাতত লৈছে বুলিও বসুমতাৰীয়ে লগতে কয়।সভাত মুখ্য অতিথি হিচাপে  বিটিচিৰ নতুন শিক্ষা নীতিৰ চেয়াৰমেন তথা বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড° লাইচৰাম লাড্ডুসিঙে বক্তব্য ৰাখি কয়- আমাৰ অসমৰ অঞ্চলবোৰৰ সমস্যাবোৰ সুকীয়া! সেইকাৰনে সুকীয়া দৃষ্টিকোনৰ প্ৰয়োজন আছে।বিটিআৰ ৰ শিক্ষানীতিৰ খচৰাটো সকলোৰে লগত আলোচনা আৰু পৰামৰ্শৰ জৰিয়তে প্ৰস্তুত কৰা হব। উঠি অহা লৰা ছোৱালী বিলাকক সঠিক পথৰ সন্ধান দিয়াৰ বাবে বহুতো কৰণীয় আছে।বিটিআৰত নতুন শিক্ষা নীতিৰে এক আমূল পৰিবৰ্তন পৰিকল্পনাৰ আঁচনি গ্ৰহণ কৰা হৈছে। বিভিন্ন দল সংগঠন,বুদ্ধিজীৱী, শিক্ষা বিদ সকলে আগবঢ়োৱা পৰামৰ্শ সমূহ বিবেচনাৰ বাবে সমিতিয়ে চেষ্টা কৰিব বুলি লগতৈ উল্লেখ কৰে। আলোচনাৰ পূৰ্বে বিটিচি নতুন শিক্ষা নীতিৰ দক্ষতা সম্পন্ন সমিতিৰ সভাপতি তথা  বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড° লাইচৰাম লাড্ডুসিং,এবচুৰ কেন্দ্ৰীয় উপ-সভাপতি কৌৰামদাও ওৱাৰী,সদস্য ৰঞ্জন কুমাৰ বৰুৱা, বিদ্যালয় সমূহৰ পৰিদৰ্শক জয়পাল ব্ৰহ্ম,বড়ো সাহিত্য সভাৰ উপ-সভাপতি নীলকান্ত গয়াৰী,সদস্য সতীশ চন্দ্ৰ বসুমতাৰী,ভূমিধৰ বড়োৰ নেতৃত্বত ছোৱালী উচ্চতৰ মাধ্যমিক বিদ্যালয়,ওদালগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়,পুৰণি গৰৈবাৰী প্ৰাথমিক বিদ্যালয় আৰু কাজিয়ামাটি উচ্চতৰ মাধ্যমিক বিদ্যালয় পৰিদৰ্শক কৰি শৈক্ষিক দিশৰ বুজ লয়।আজিৰ এই শিক্ষা সম্পৰ্কীয় সভাত  ওদালগুৰি জিলা বড়ো সাহিত্য সভা,জিলা নেপালী সাহিত্য,জিলা বড়ো ছাত্ৰ সন্থা,জিলা আগছু,আছাৰ ওদালগুৰি সমিতি,ৰাভা জিলা সাহিত্য সভা,আবৌফৰ জিলা সমিতি,চাওতাল ছাত্ৰ সন্থা,জিলা বড়ো প্ৰাথমিক শিক্ষক সন্থা,ওদালগুৰি মহকুমা প্ৰাথমিক শিক্ষক সন্মিলনী,আমছুৰ জিলা সমিতি, মাধ্যমিক শিক্ষক কৰ্মচাৰী সন্থা,একডেমিক কাউন্সিল, এম এই আৰু এছ ডি, আস্থা, হাইস্কুল শিক্ষক সন্থাৰ সভাপতি, সম্পাদক সকলৰ লগতে ডিমাকুছি কলেজৰ অধ্যক্ষ, বিশিষ্ট নাগৰিক নবীনমল্ল বড়ো, ওদালগুৰি কলেজৰ উপাধ্যক্ষ টংকেশ্বৰ ছেত্ৰী,অধ্যাপক ড° নৰেশ্বৰ নাৰ্জাৰী,সুনন নাৰ্জাৰীকে ধৰি ভালে কেইগৰাকী,শিক্ষাবিদে বক্তব্য ৰাখে।

Related Articles