আই এ এছ এছ টি , গুৱাহাটীৰ ৪৩ সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন

মহানগৰীৰ পশ্চিম বৰাগাওঁস্থিত ভাৰত চৰকাৰৰ বিজ্ঞান আৰু প্ৰযুক্তি বিদ্যা বিভাগৰ অধীনৰ স্বতন্ত্ৰীয় অনুষ্ঠান “ইনষ্টিটিউট অৱ এডভান্স ষ্টাডি ইন চায়েন্স এণ্ড টেকন’লজি”ৰ চমুকৈ আই এ এছ এছ টিৰ  ৪৩ সংখ্যক প্ৰতিষ্ঠা দিৱস ৩ নৱেম্বৰত  দিনজোৰা কাৰ্যসূচীৰে উদযাপন কৰা হয় । পুৱা পতাকা উত্তোলনৰে কাৰ্যসূচীৰ শুভাৰম্ভ কৰে আই এ এছ এছ টিৰ সঞ্চালক অধ্যাপক আশীষ কুমাৰ মূৰ্খাজীয়ে । অধ্যাপক মূৰ্খাজীয়ে আদৰনি ভাষণত কয় যে আত্মনিৰ্ভৰশীল ভাৰত গঢ়াৰ ক্ষেত্ৰত অনুষ্ঠানটোৰ গৱেষক সকলে গৱেষণাৰ জৰিয়তে বিভিন্ন সফলতা অৰ্জন কৰিবলৈ সক্ষম হৈছে । আনহাতে  প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচীত মুখ্য অতিথি হিচাপে কলকতাস্থিত “চিষ্টাৰ নিৱেদিতা বিশ্ববিদ্যালয়”ৰ উপাচাৰ্য অধ্যাপক ধ্ৰৱজ্যোতি চট্টাপধ্যায়, সন্মানীয় অতিথি যোৰহাটস্থিত নৰ্থইষ্ট ইনষ্টিটিউট অৱ চায়েন্স এণ্ড টেকন’লজিৰ সঞ্চালক ড°গণপতি নৰহৰি শাস্ত্ৰী উপস্থিত থাকে ।   আনহাতে কাৰ্যসূচীত  আই এ এছ এছ টিৰ সমূহ বিষয়া-কৰ্মচাৰী, গৱেষক ছাত্ৰ-ছাত্ৰী আৰু নিমন্ত্ৰীত অথিথি সকলে কভিড’১৯ বিধি মানি উপস্নিত থাকে ।   ইয়াৰ উপৰিও কাৰ্যসূচীত আই এ এছ এছ টিৰ ২০২০-২০২১ বৰ্ষত ডক্টৰেট ডিগ্ৰী লাভ কৰা গৱেষক ছাত্ৰ-ছাত্ৰী, আই এ এছ এছ টি কভিড’-১৯ নমুনা পৰীক্ষা কেন্দ্ৰৰ কৰ্মচাৰী আৰু দিৱস উপলক্ষে আয়োজন কৰা বিভিন্ন প্ৰতিযোগীতাৰ পাৰদৰ্শী সকলোক অনুষ্ঠানটোৰ সঞ্চালক অধ্যাপক আশীষ কুমাৰ মূৰ্খাজীয়ে বঁটা আৰু প্ৰশংসা পত্ৰ প্ৰদান কৰে । বিয়লি প্ৰতিষ্ঠানখনৰ  গৱেষক , কৰ্মচাৰী আৰু তেওঁলোকৰ পৰিয়ালৰ শিশু সকলে  নৃত্য , গীতকে  ধৰি বাৰে ৰহনীয়া সাংস্কৃতিক অনুষ্ঠান পৰিবেশন কৰি উপস্থিত সকলোকে আপ্লুত কৰে।

Related Articles