দৈনন্দিন বাৰ্তা
সমগ্ৰ পৃথিৱী ক’ৰোনা ভাইৰাছ সংক্ৰমণত আতংকিত হৈ আছে৷ প্ৰতিদিনে বৃদ্ধি পাইছে আক্ৰান্তৰ সংখ্যা৷ লগতে মৃত্যু হোৱা লোকৰ সংখ্যাও বৃদ্ধি পাইছে৷ ক’ৰোনাৰ লগত মোকাবিলা কৰিবৰ বাবে গৱেষকসকলে দিনে-নিশাই কাম কৰি আছে৷ নিতৌ নতুন নতুন তথ্য প্ৰকাশ পাইছে৷ কিছু দিনৰ আগতে প্ৰকাশিত তথ্য পাছলৈ বাতিল হৈছে৷ শেহতীয়া গৱেষণা মতে, বেছি উচ্চতাত থকা লোকৰ এই ৰোগৰ লগত যুঁজ কৰাৰ শক্তি বেছি৷ সমুদ্ৰপৃষ্ঠৰ পৰা ৩০০০ মিটাৰ উচ্চতাত বাস কৰা মানুহৰ তুলনাত তলৰ ঠাইত বাস কৰা মানুহৰ বিষয়ে অধ্যয়ন কৰা হৈছে৷ দুয়ো ঠাইৰ আক্ৰান্তৰ হিচাপত নতুন তথ্য পোহৰলৈ আহিছে৷ আমেৰিকাৰ বলিভিয়া, ইকুৱেডৰত সমীক্ষা কৰা হৈছে৷ তদুপৰি তিব্বতৰ পৰিসংখ্যা লোৱা হৈছে৷ দেখা গৈছে বলিভিয়া, ইকুৱেডৰত আক্ৰান্তৰ সংখ্যা কম৷ একেই অৱস্থা তিব্বতত৷ উল্লেখ্য যে ক’ৰোনা ভাইৰাছৰ মূল কেন্দ্ৰ চীনৰ উহান চহৰৰ পৰা তিব্বতলৈ ৩২০০ কিলোমিটাৰ দূৰ৷ তিব্বতত আক্ৰান্তৰ সংখ্যা ১৩৪ জন৷ গৱেষকৰ মতে সমুদ্ৰপৃষ্ঠৰ পৰা উচ্চ ঠাইত অক্সিজেনৰ পৰিমাণ কম থাকে৷ এই এলেকাত বাস কৰা সকলে জন্মৰে পৰা ইয়াৰ লগত মিলি গৈছে৷ ফলত ক’ৰোনাৰ কাৰণে ফুচফুচত অক্সিজেনৰ যোগান কমি যোৱাত ভাইৰাছটোৰ সমস্যা হৈ পৰে৷ গৱেষকসকলে লগতে জনায় যে উচ্চ ঠাইত থকা মানুহৰ শৰীৰত এচিই২ পাচক ৰস এনেয়ে কম থাকে৷ ফুচফুচ আৰু আন কোষত ক’ৰোনা সংক্ৰমণ হ’বলৈ হ’লে পাচক ৰসৰ প্ৰয়োজন৷ ফলত বেছি উচ্চতাত থকা লোকৰ শৰীৰত ক’ৰোনা সংক্ৰমণ ঘটিব নোৱাৰে৷ তদুপৰি উচ্চ পাৰ্বত্য এলেকাত সূৰ্যৰ অতি বেঙুনীয়া ৰশ্মিৰ পৰিমাণ বেছি৷ এই ৰশ্মিয়ে ছেনিটাইজাৰৰ কাম কৰে৷ এই ৰশ্মিয়ে ডিএনএ, আৰএনএৰ সংযোগ ভাঙি দিয়ে৷