নগৰবেৰাত শোকৰ ছাঁ

কামৰূপ জিলাৰ বকো সমষ্টিৰ অন্তৰ্গত নগৰবেৰাৰ দোকুছি গাঁওৰ বাসিন্দা তথা পশু চিকিৎসা বিভাগৰ অৱসৰপ্ৰাপ্ত যুটীয়া সঞ্চালক ডাঃ মৃগেন্দ্ৰ পাঠকৰ যোৱা মংগলবাৰে মৃত্যু হয়। জানিব পৰা মতে ডাঃ মৃগেন্দ্ৰ পাঠকে কোলাইটিছ ৰোগত আক্ৰান্ত হৈ দিল্লীৰ ছাৰ গংগাৰাম হস্পিতালত চিকিৎসাধীন হৈ থকা অৱস্থাত মংগলবাৰে ৰাতিপুৱা ৭-৫০ বজাত মৃত্যু হয়। কালি তেওঁৰ মৃতদেহ  নগৰবেৰাৰ দোকুছি গাওৰ নিজ গৃহলৈ অনাৰ পিছত বহু সংখ্যক গুণমুগ্ধ লোকৰ উপস্থিত তেওঁৰ অন্তেষ্টিক্ৰিয়া সম্পন্ন কৰা হয়। ৬৭ বছৰ বয়সত মৃত্যু হোৱা ডাঃ মৃগেন্দ্ৰ পাঠকে মৃত্যুৰ সময়ত এজন ল’ৰা আৰু দুজনী ছোৱালীসহ বহু আত্মীয় স্বজন ইহ সংসাৰত এৰি থৈ যায় ।এগৰাকী সৎ আৰু অমায়িক স্বভাৱৰ লোক হিচাপে পৰিচিত ডাঃ মৃগেন্দ্ৰ পাঠকৰ মৃত্যুত বৃহত্তৰ অঞ্চলটোত গভীৰ শোকৰ ছাঁ পৰিছে ।

Related Articles