Breaking

জামুগুৰিহাটৰ দৰিদ্ৰ পৰিয়ালৰ তিনি মেধাৱী ছাত্ৰ ছাত্ৰীক সহায়ৰ বাবে আগবাঢ়ি আহিল সু-হৃদয়বান লোক ৷

0 513

জামুগুৰিহাট

দৰিদ্ৰতাকো নেঁওচি সদ্যঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত সফলতাৰে উৰ্ত্তীৰ্ণ হোৱা জামুগুৰিহাটৰ  তিনি মেধাৱী ছাত্ৰ ছাত্ৰী ক্ৰমে মৰণকুৰীৰ নীলাক্ষী বৰা,হাটীঙা ৰামপুৰৰ শান্তনু হাজৰিকা আৰু বামুণবাৰী গাঁৱৰ ভাৰতী দেৱীৰ বাতৰি নিয়মীয়া বাৰ্তাত সবিস্তাৰে প্ৰকাশ পোৱাৰ পিছতেই সহায়ৰ বাবে আগবাঢ়ি আহিল সু-হৃদয়বান লোক৷তেজপুৰ চিভিল হস্পিতালৰ ষ্টাফ নাৰ্চ তথা সমাজসেৱিকা অঞ্জলী প্ৰধান আৰু মৰিগাঁও জিলাৰ কালিকাজাৰি এই ই এম স্কুলৰ শিক্ষয়ত্ৰী দীপ্তি দেৱীয়ে দৰিদ্ৰতাকো নেঁওচি সুখ্যাতিৰে উৰ্ত্তীৰ্ণ হোৱা জামুগুৰিহাটৰ মেধাৱী এই তিনি ছাত্ৰ ছাত্ৰীলৈ আগবঢ়ালে চাইকেল তথা অধ্যয়নৰ লগত জড়িত প্ৰয়োজনীয় সা-সামগ্ৰী৷জামুগুৰি আদৰ্শ উচ্চ মাধ্যমিক বিদ্যালয়ৰ পৰা ডিষ্টিংচন লৈ উৰ্ত্তীৰ্ণ হোৱা দৰিদ্ৰ পৰিয়ালৰ মৰণাকুৰীৰ নীলাক্ষী বৰাক শিক্ষয়ত্ৰী দীপ্তি দেৱীয়ে ছাত্ৰীগৰাকীৰ অধ্যয়নৰ সুবিধাৰ্থে আগবঢ়ালে কনভাৰ্টৰ,প্ৰয়োজনীয় বহি আৰু কলমৰ টোপোলা৷মেধাৱী ছাত্ৰী নীলাক্ষিৰ পিতৃয়ে ছাগলী পোহপালন কৰি পৰিয়াল পোহপাল দিয়াৰ লগতে  জীয়ৰিক পঢ়োৱাৰ দায়িত্বও বহন কৰিছিল৷ইফালে টিপ চাকিৰ পোহৰত পঢ়া তথা পিতৃয়ে দিন হাজিৰা কৰি পৰিয়াল পোহপাল দিয়াৰ লগতে জীয়ৰিক পঢ়োৱাৰ খৰচ বহন কৰা বামুণবাৰী গাঁৱৰ পূৱ জামুগুৰি হাই স্কুলত অধ্যয়ন কৰি দুটা বিষয়ত লেটাৰ নম্বৰসহ প্ৰথম বিভাগত উৰ্ত্তীৰ্ণ হোৱা মেধাৱী ছাত্ৰী ভাৰতী দেৱীক ষ্টাফ নাৰ্চ অঞ্জলী প্ৰধানে আগবঢ়ালে উচ্চ শিক্ষা লাভ কৰাৰ অৰ্থে বিদ্যালয়লৈ অহা যোৱা কৰা এখন চাইকেল আৰু প্ৰয়োজনীয়,বহী আৰু কলমৰ টোপোলা৷অন্যহাতে দৰিদ্ৰতাক নেঁওচি ডিষ্টিংছনসহ উজলি উঠা হাটিঙা ৰামপুৰৰ মেধাৱী ছাত্ৰ তথা হাটিঙা হাই স্কুলৰ ছাত্ৰ শান্তনু হাজৰিকাকো অধ্যয়ন কৰা সময়ত পোহৰৰ সুবিধাৰ্থে এটি কনভাৰ্টৰ,প্ৰয়োজনীয় বহীৰ টোপোলা আৰু কলমৰ টোপোলা আগবঢ়ালে শিক্ষয়ত্ৰী দীপ্তি দেৱীয়ে৷শান্তনুৰ পিতৃয়েও দিনহাজিৰা কৰি পৰিয়াল পোহপাল দিয়াৰ লগতে পুত্ৰক পঢ়োৱাৰ দায়িত্বও বহন কৰি আহিছিল৷ষ্টাফ নাৰ্ছ অঞ্জলী প্ৰধান আৰু শিক্ষয়ত্ৰী দীপ্তি দেৱীয়ে দৰিদ্ৰ মেধাৱী ছাত্ৰ ছাত্ৰীকেইগৰাকীলৈ আগবঢ়োৱা সহায়ৰ সামগ্ৰী সমুহ মেধাৱী ছাত্ৰ ছাত্ৰী কেইগৰাকীক আজি নিজৰ নিজৰ বাসগৃহত উপস্থিত হৈ প্ৰদান কৰে ৰক্তদাতা(এইচবিএছ)ৰ প্ৰধান সম্পাদক পৱন কুমাৰ নাথে৷দৰিদ্ৰ পৰিয়ালৰ মেধাৱী ছাত্ৰ ছাত্ৰীকেইগৰাকীৰ ভৱিষ্যত দিনৰ উত্তৰোত্তৰ কামনা কৰি এইদৰে সহায়ৰ হাত আগবঢ়োৱাৰ বাবে দুয়োগৰাকী মহিলালৈ মেধাৱী ছাত্ৰ ছাত্ৰী কেইগৰাকীৰ পৰিয়ালকেউটাই কৃতজ্ঞতা জনোৱাৰ লগতে এনে মহানুভৱতাৰ শলাগ লৈছে অঞ্চলটোৰ সচেতন মহলে৷উল্লেখ্য যে ষ্টাফ নাৰ্ছ অঞ্জলী প্ৰধানে মহামাৰীসদৃশ কৰ’নাই সংকট নমাই অনাৰ সময়ত বিগত সময়চোৱাতো কৰ’নাৰ সংক্ৰমণ ৰোধ কৰাৰ স্বাৰ্থত শোণিতপুৰ জিলাখনৰ ভিন্ন প্ৰান্তৰ লগতে জামুগুৰিহাটতো সাধাৰণ তথা জৰুৰীকালিন সেৱাৰ লগত জড়িত লোকসকলৰ লগতে কোৱাৰেন্টাইন চেন্টাৰ,বেংক,থানা,ৰাজহ বিভাগৰ কাৰ্য্যালয় আদিত মাস্ক,চেনিটাইজৰ,চেনিটাইজৰ ষ্টেণ্ড আদি বিতৰণ কৰি মহানুভৱতাৰ পৰিচয় দিছিল৷জোন বৰা ,জামুগুৰিহাট।

Leave A Reply

Your email address will not be published.