Breaking

সোণতলীৰ বগুৰিগুৰিত মছজিদৰ মাটি বেদখলৰ চেষ্টা ভূ-মাফিয়াৰ ৷ চাৰিজন আটক ৷

0 504

সোণতলী

 মজজিদৰ নামত দান কৰা মাটি বেদখন কৰিবলৈ উঠি পৰি লাগিছে এটা ভূ-মাফিয়াৰ চক্ৰ ৷দক্ষিণ কামৰূপৰ বকো সমষ্টি অন্তৰ্গত বগুৰিগুৰিত সংঘটিত হৈছে এনে ঘটনা ৷ দীৰ্ঘদিনীয়া পৰিকল্পনাৰে মছজিদৰ মাটি বেদখন কৰিবলৈ লোৱা ভূ-মাফিয়া চক্ৰটোৰ বিৰুদ্ধে সোণতলী আৰক্ষী চকীত তৰিছে গোচৰ ৷ উক্ত গোচৰৰ বিত্তীত সোণতলী আৰক্ষীয়ে গ্ৰেপ্তাৰ চাৰিজনকৈ ভূ-মাফিয়াক ৷ উল্লেখ যে, সোণতলী আৰক্ষী চকীৰ এলেকাধীন বগুৰিগুৰী গাঁৱৰ মুছাল মণ্ডল নামৰ এজন ব্যক্তিয়ে মাছজিদ নিৰ্মাণৰ নামত দান কৰিছিল ১ বিঘা ২ লেচা মাটি ৷ তাৰে ৯৩ লেচা মাটি উক্ত গাঁৱৰে নুৰমহম্মদ গাঁওবুঢ়া আৰু আব্দুছ ছালাম নামৰ ব্যক্তি দুজনে খামখেয়ালি কৰি  দখল কৰাৰ চেষ্টা কৰে৷ উল্লেখ্য যে, মংগলবাৰে পুৱা প্ৰায় দহ বজাত মছজিদৰ নামত দান কৰা ৯৩ লেচা মাটিত নুৰমহম্মদৰ নেতৃত্বত ভূ-মাফিয়াৰ এটা দলে অবৈধ ভাৱে ঘৰ-সাজিবলৈ খুটা পুতে ৷ভূ-মাফিয়াৰ এনে বলপূৰ্বক কাৰ্যত স্থানীয় ৰাজইজ বাধা দিব লওতে এক উত্তপ্ত পৰিৱেশৰ সৃষ্টি হয় ৷ ঘটনা সন্দৰ্ভত হেলাল উদ্দিনে ভূ-মাফিয়া নুৰমহম্মদ গাঁওবুঢ়া, আব্দুছ ছালাম, খলিলুৰ ৰহমান, আব্দুৰ ৰছিদ, জাফৰ শ্বৰিফ, মগবুল হুছেইন, মোবাৰক হুছেইন, আব্দুল জলিল আৰু আলতাফ হুছেইনৰ বিৰুদ্ধে সোণতলী আৰক্ষী চকীত এখন এজাহাৰ দাখিল কৰিছে ৷ আজি মজজিদৰ মাটিত ভূ-মাফিয়াৰ দলটোয়ে গৰ সাজিব লওঁতে সোণতলী আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ বেদখল চক্ৰটোৰ মাষ্টাৰ মাইন খলিলুৰ ৰহমান সহ চাৰি অভিযুক্তক আটক কৰি থানলৈ আনি সোধপোচ অব্যাহত ৰাখে৷

Leave A Reply

Your email address will not be published.