Breaking

পুনৰ বিতৰ্কত নগাঁৱৰ জি ডি নাৰ্ছিং । হোম ৰোগীৰ মৃত্যুক কেন্দ্ৰ কৰি নগাঁৱৰ নাৰ্ছিং হোমত উত্তপ্ত পৰিস্থিতি ।

0 400

নগাঁও

এগৰাকী ৰোগীৰমৃত্যুক কেন্দ্ৰ কৰি আজি পুৱা এক উত্তপ্ত পৰিস্হিতিৰ স্হিতি হয় নগাঁৱৰ জিডি নাৰ্ছিং হোমত।জানিব পৰা মতে নগাঁৱৰ কাছমাৰীৰ হিৰণ্য বৰুৱা নামৰ এগৰাকী শিক্ষকৰ মৃত্যুক কেন্দ্ৰ কৰি এই উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়।উল্লেখযোগ্য যে মৃত হিৰণ্য বৰুৱাৰ ভৰিত উঠা বিহ ফোহাৰ বাবে প্ৰচণ্ড বিষত ভূগি কালিনিশা জি ডি নাৰ্ছিং হোমত ভৰ্তি হৈছিল । কিন্তু আজি পুৱা চিকিৎসকে হিৰণ্য বৰুৱাক মৃত ঘোষণা কৰাৰ লগে লগে চিকিৎসালয় চৌহদত  এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। সাধাৰণ ৰোগত আক্ৰান্ত হোৱা হিৰণ্য বৰুৱাই মৃত্যুবৰণ কৰা ঘটনাক সহজভাৱে লব নোৱাৰি ক্ষুদ্ধ হৈ পৰে কাছমাৰীৰ ৰাইজ। ইয়াৰ পিছতে কাছমাৰীৰ ৰাইজে হিৰণ্য বৰুৱাক চিকিৎসা কৰা চিকিৎসক ডা: কে কে দলেক বিচাৰি নাৰ্ছিং হোম খনত হুলস্থুলীয়া পৰিবেশৰ সৃষ্টি কৰে। ক্ষোভিত ৰাইজে আনকি চিকিৎসালয়খনৰ আচবাবো লণ্ডভণ্ড কৰে। আনহাতে চিকিৎসালয় খনত সমবেত একাংশ মহিলাৰ সৈতে তৰ্কাতৰ্কিত লিপ্ত হোৱা এজন কৰ্মচাৰীকো প্ৰহাৰ কৰে উত্তেজিত  লোকে। অৱশেষত ঘটনাস্থলীত আৰক্ষী আৰু চিআৰপিএফ উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰন কৰে। উল্লেখ্য, নগাঁও চহৰৰ বিভিন্ন অঞ্চলত টিউছন কৰি সংসাৰ চলোৱা হিৰণ্য বৰুৱাই মৃত্যৰ সময়ত দুগৰাকী সন্তান সহ পত্নীক ইহসংসাৰত এৰি থৈ গৈছে। ইপিনে নগাঁৱৰ এইখন নাৰ্ছিংহোমৰ বিৰুদ্ধে পূৰ্বেও বহুবাৰ ভুল চিকিৎসাৰ অভিযোগ আছে।

Leave A Reply

Your email address will not be published.