Breaking

লাহৰীঘাটত দাঁতৰ বিনামূলীয়া চিকিৎসা শিবিৰ

0 2,042

 মৰিগাঁও জিলাৰ লাহৰীঘাট শান্তি গেছ এজেন্সিৰ কাৰ্যালয় চৌহদত আজি পুৱা ৮ বজাৰ পৰা দিন যোৰা কাৰ্যসূচীৰে নৰ্থ ইষ্ট ডেন্টেল ক্লিনিকৰ উদ্যোগত “দাঁতৰ বিনামূলীয়া চিকিৎসা শিবিৰ অনুষ্ঠিত হয়। উক্ত বিনামূলীয়া চিকিৎসা শিবিৰত দাঁতৰ ৰোগী সকলক বিনামূলীয়াকৈ চিকিৎসাৰ লগতে ঔষধো বিনামূলীয়াকৈ দিয়া হয়। উল্লেখ্য যে নৰ্থ ইষ্ট ডেন্টেল ক্লিনিকৰ উদ্যোগত অনুষ্ঠিত কৰা এই চিকিৎসা শিবিৰত দাঁতৰ ৰোগী সকলক চিকিৎসা প্ৰদান কৰে  ডাঃ দেবাশীষ হাজৰিকা B D S  ( দিল্লী), ডাঃ বৰ্ষা বৰা B D S ( দিল্লী) আৰু ডাঃ জ্যোতি কলিতা B D S ( দিল্লী  ) । এই ক্ষেত্ৰত সহযোগিতা আগবঢ়ায় লাহৰীঘাটৰ উদীয়মান যুৱক তথা সমাজ সেৱক জহিৰুল ইছলাম,বাবুল আনম,ফুৰকান আলী আৰু মনজুৰুল কাৰিমে। নৰ্থ ইষ্ট ডেন্টেল ক্লিনিকৰ এই বিনামূলীয়া দাঁতৰ চিকিৎসা শিবিৰ পাতি দাঁতৰ ৰোগী সকলক চিকিৎসা সেৱা প্রদান কৰাৰ বাবে লাহৰীঘাট স্হানীয় সচেতন ৰাইজে নৰ্থ ইষ্ট ডেন্টেল ক্লিনিকৰ শলাগ লৈছে। 

Leave A Reply

Your email address will not be published.