Breaking

কোছ ৰাজবংশী ছাত্ৰ সন্থাৰ সংবাদ মেল

0 2,100

অসমৰ কোচ-ৰাজবংশী জনগোষ্ঠীক জনজাতিকৰণ পূৰ্বৰ কংগ্ৰেছ চৰকাৰৰ দৰে বর্তমান কেন্দ্রীয় আৰু ৰাজ্যৰ বি.জে.পি. চৰকাৰখনৰো যে, সদিচ্ছা নাই সেই কথা ইতিমধ্যে প্রমাণিত হৈ আহিছে । কাৰণ তেওঁলোকে নির্বাচনত দিয়া প্রতিশ্রুতি ৰক্ষা নকৰিলে বি.জে.পি. চৰকাৰৰ কেন্দ্ৰীয় জনজাতি পৰিক্ৰমা মন্ত্রী অর্জুণ মুণ্ডাই অসমত আহি ৰাজহুৱা সভাত কয় জনজাতি কৰণৰ কাৰণে অধ্যয়ণ কৰি থকা হৈছে। ইয়াৰ পৰাই বুজা যায় জনজাতিকৰণ প্ৰক্ৰিয়া লেহেমীয়া গতিত আছে। কিন্তু অসম আৰু কেন্দ্রীয় চৰকাৰে কয়, জনজাতিৰ কাম মাত্ৰ দহ শতাংশহে বাকী আছে । এইবোৰ কথাৰ পৰাই বুজা যায় বি.জে.পি. চৰকাৰ খনে আমাক প্ৰৱঞ্চনা কৰি হেতালি খেলি আছে। চৰকাৰৰ এনে ভূমিকাক কোচ-ৰাজবংশী ছাত্ৰ সন্থাই তীব্ৰ ভাষাৰে গৰিহণা দি কয় যে, ২০১৪ চনৰ পৰা প্ৰতিটো লোকসভা, বিধানসভাত এই বি.জে.পি. চৰকাৰখনে তেওঁলোকৰ নিৰ্বাচনী ইস্তাহাৰত বি.জে.সি. চৰকাৰ গঠন হলে ছয় (৬) মাহৰ ভিতৰত কোচ-ৰাজবংশী সকলক জনজাতি কৰণৰ প্ৰতিশ্ৰুতি দি আহিছে। কিন্তু দূর্ভাগ্যৰ কথা প্রথম কার্যকাল শেষ হৈ দ্বিতীয় কার্যকালৰো বহুদিন অতিক্রম কৰাৰ পিছতো কিন্তু প্রতিশ্রুতি প্রতিশ্রুতিয়েই হৈ থাকিল । কোচ-ৰাজবংশী সকলৰ জনজাতি কৰণৰ সকলো বৈশিষ্ট থকাৰ পিছতো জনজাতি নকৰি বৰঞ্চ অসমৰ কোচ-ৰাজবংশী সকলক বিভিন্ন ধৰণে হাৰাশাস্তি কৰি অহা পৰিলক্ষিত হৈ আছে । উদাহৰণ স্বৰূপে যি সময়ত “CAA”ৰ জৰিয়তে হিন্দু লোকক সুৰক্ষাৰ কথা কোৱা হৈছে, বিদেশৰ নাগৰিকক ভাৰতত স্থান দিয়াৰ কথা কোৱা হৈছে সেই একে সময়তে অসমৰ ভূমি সূত্র খিলঞ্জীয়া জনগোষ্ঠি কোচ-ৰাজবংশী সকলৰ উপযুক্ত প্রমাণ পত্ৰ আৰু বর্তমানো ভোট দি থকা ভোটাৰকো “D-Voter” সজাই বিদেশী ন্যায়াধিকৰণ আদালতৰ পৰা জাননী জাৰি কৰি হাৰাশাস্তি কৰি আহিছে। অসমৰ বিভিন্ন জিলাৰ বহু কোচ-ৰাজবংশী লোকক এতিয়াও Detention Camp ত আৱদ্ধ কৰি ৰাখিছে। কোচ-ৰাজবংশী সকলৰ ওপৰত চলা এই অত্যাচাৰ এক লজ্যাজনক বিষয়। এই সন্দৰ্ভত বিভাগীয় বিষয়া সকলৰ লগত আলোচনা কৰাত তেখেত সকলে এনে ধৰণৰ অত্যাচাৰ পুনৰাই নহয় বুলি প্রতিশ্রুতিও দিছিল। কিন্তু পুনৰাই এনে ধৰণৰ অত্যাচাৰ কৰি থকা আমি দেখিবলৈ পাইছো বুলি  ৭ নবেম্বৰত ৰৌতাত  সংগঠনটোবে সংবাদ মেলত উল্লেখ কৰে ৷ সেয়েহে এই ধৰণৰ কাৰ্য বন্ধ কৰিবলৈ সদৌ কোচ-ৰাজবংশী ছাত্র সন্থাই দাবী উত্থাপন কৰিছে । লগতে অসম আৰু কেন্দ্ৰীয় চৰকাৰে কোচ-ৰাজবংশী সকলক ভাগ ভাগ কৰাৰ যি চক্রান্ত ৰচিছে তাকো বন্ধ কৰিবলৈ আক্রাছুই সকিয়াই দিছে । কাৰণ একেখন ৰাজ্যৰ সকলো কোচ-ৰাজবংশী লোকে নিজৰ প্ৰাণ্য আদায়ৰ বাবে দীর্ঘদিন ধৰি গণতান্ত্রিক আন্দোলন কৰি আহিছে । কিন্তু এই অসম চৰকাৰে উজনি অসম, মধ্য অসম কোচ-ৰাজবংশী সকলক বঞ্চিত কৰি কেৱল মাত্ৰ অসমৰ পশ্চিম অংশক গুৰুত্ব প্ৰদান কৰা দেখা যায়। উদাহৰণ স্বৰূপে: KAC ঘোষণা, STP হিচাবে ঘোষণা, ভূমি সংৰক্ষণৰ ব্যৱস্থা ইত্যাদি ইত্যাদি। আজিৰ দিনত সমূহ অসমৰ লগতে BTR স্বায়ত্ব শাষিত পৰিষদ, কাৰ্বি আংলং স্বায়ত্বশাষিত পৰিষদ ৰাভা হাচৎ স্বায়ত্বশাষিত্ব পৰিষদৰ অন্তৰ্গত কোচ-ৰাজবংশী সকল সকলো দিশতে বঞ্চিত হৈ আহিছো । আজি বি.টি.আৰ.ভ কোচ-ৰাজবংশী সকলৰ ভূমিৰ অধিকাৰ সংৰক্ষিত নাই কাৰণে মাটিৰ গট্টা পোৱা নাযায়। শিক্ষাৰ ক্ষেত্ৰত সংৰক্ষণৰ ব্যৱস্থা নাই, চাকৰিৰ সংৰক্ষণৰ ব্যৱস্থা নাই, ৰাজনৈতিক দিশত সংৰক্ষণৰ ব্যৱস্থা নাই। ই আমাৰ খিলঞ্জীয়া ভূমি পুত্ৰৰ বাবে অতি লজ্যাজনক বিষয় । সেয়ে স্বায়ত্ব পৰিষদ সমূহত । ভূমিৰ অধিকাৰ, ৰাজনৈতিক অধিকার সুনিশ্চিত কৰাৰ বাবে আহ্বান জনালোঁ । অসমৰ মুখ্যমন্ত্রী ডঃ হিমন্ত বিশ্ব শর্মাই মাজে মাজে আচনি ঘোষণা কৰে যদিও এয়া ফুটুকাৰ ফেন। যেনে: কোচ-ৰাজবংশী ছাত্ৰ সন্থাৰ বিপুল দাবীত কোচ-ৰাজবংশী উন্নয়ন পরিষদ গঠন হ’ল যদিও সেয়া কোনো কোচ-ৰাজবংশী জাতীয় দল সংগঠনৰ লগত আলোচনা বিলোচনা নকৰাকৈ কেৱল মাত্র বি.জে.পি.ৰ কৰ্মী হোৱাৰ বাবে প্ৰণৱ নাৰায়ন দেৱক অধ্যক্ষ হিচাবে লৈ এখন উন্নয়ন পৰিষদ সমিটি গঠন কৰে । এই সমিটিত কোন কোন কোচ-ৰাজবংশী জাতীয় সংগঠনৰ সদস্য অন্তর্ভূক্ত হ’ল আজিলৈ ৰাজহুৱা নহ’ল। এই ক্ষেত্ৰত অসমৰ মূখ্যমন্ত্রী ডঃ হিমন্ত বিশ্ব শৰ্মাক আমি আহ্বান জনাও যে সমগ্র অসমৰ কোচ-ৰাজবংশী সকল লাভান্বিত হোৱাকৈ উন্নয়ন পৰিষদ গঠন কৰক অন্যথা এই ভেকো-ভাওনা বন্ধ কৰক । লগতে অসমৰ মুখ্যমন্ত্রী মহোদয়ক এইটোও জনাও যে, আপোনালোকৰ বি.জে.সি. চৰকাৰখনে অসমৰ জনসাধাৰণক প্রতিশ্রুতি দিছিল বি.জে.সি. চৰকাৰ হলে “আচ্ছে দিন আয়েগা ক’ত গ’ল আজি আপোনালোকৰ সেই প্রতিশ্রুতি । অসমৰ জনসাধাৰণে বহু আশাৰে আপোনালোককচৰকাৰ গঠন কৰাত সহায় কৰিলে বুলি সংগঠনটোবে জনাইছে ৷ যাৰ পৰিণাম আজি সকলোৱে ভূগি আছে । আপোনালোকৰ ভাল দিনে আজি বস্তুৰ মূল্যবৃদ্ধি কৰি অসমৰ জনসাধাৰণক কোঙা কৰি পেলাইছে । দুখীয়া জনসাধাৰণ মানুহে আজি এসাজ ভাত ভালকৈ খাবলৈ এশ বাৰ চিন্তা কৰিব লগীয়া হৈছে। মুখ্যমন্ত্রী মহোদয় আপুনি বহুত আঁচনি ঘোষণা কৰিছে কিন্তু আপোনাৰ আঁচনি আঁচনি হৈয়েই আছে। সফল ৰূপায়ণ হোৱা দেখা পোৱা নাই । উদাহৰণ স্বৰূপে: অন্ন সুৰক্ষা যোজনাৰ জৰিয়তে দুখীয়া পৰিয়ালৰ চাউল সমূহ বিনামূলীয়া কৰি দিলে যদিও একেখিনি সুলভ মূল্যৰ কেৰাচিন তেল প্রতি লিটাৰত ২৫.০০ টকাৰ পৰা ৫০.০০ টকা কৰি দিলে অৰুণোদয় আঁচনি ঘোষণা কৰিলে, কিন্তু এই আঁচনিত সকলো প্রাপ্য হিতাধীকাৰী অন্তর্ভুক্ত নহল। এনে ধৰণৰ উদাহৰণ আৰু বহুতো আছে। এনে ধৰণৰ আঁচনি ঘোষনা কৰি অভ্যাৱশ্যকীয় বস্তুৰ মূল্যবৃদ্ধি কৰি জনসাধাৰণক মাধমাৰ শোধাইছে । পেট্রল’, ডিজেলত প্রায় ৪০.০০ টকা বঢ়াই মাত্র ১২.০০ টকাহে কমালে, গেছ চিলিণ্ডাৰৰ দাম দিনে দিনে বাঢ়ি গৈয়েই আছে। গতিকে  মুখ্যমন্ত্রী মহোদয় সকলো অভ্যাৱশ্যকীয় বস্তুৰ মূল্য হ্রাস কৰি অসমৰ জনসাধাৰণক সকাহ দিবৰ বাবে আহ্বান জনালোঁ। অন্যখা আমি কোচ-ৰাজবংশী ছাত্র সন্থাই আমাৰ জাতীয় দল সংগঠন সমূহক লগত লৈ আপোনালকৰ বিৰুদ্ধে ৰাজপথত আহিবলৈ বাধ্য হয়।৭নবেম্বৰৰত  অনুস্থিত হোৱা সংবাদমেলত কেন্দ্রীয় আক্ৰাছুৰ সাধাৰণ সম্পাদক শ্রীভূপেন ৰায়ৰ লগতে কেন্দ্রীয় সমিতিৰ সদস্য সকল, মহিলা সমিতিৰ সদস্যা সকল, ওদালগুৰি জিলা আক্ৰাছুৰ সভাপতি শ্রী শ্রীবাস সিংহ, ওদালগুৰি জিলা সন্মিলনীৰ সভাপতি, সম্পাদক ক্রমে শ্রীভাস্কৰ সিংহ আৰু শ্ৰীঅখিল ৰাজবংশীৰ লগতে বিভিন্ন আঞ্চলিকৰ সদস্য-সদস্যা উপস্থিত থাকে ।

Leave A Reply

Your email address will not be published.