ওৰাং শাখা সাহিত্য সভাৰ উদ্যোগত ভূপেন হাজৰিকাৰ সম্পৰ্কত এক মনোজ্ঞ অনুষ্ঠান

৭ নবেম্বৰৰত   সুধাকণ্ঠ ডঃ ভূপেন হাজৰিকা দেৱৰ জীৱনৰ বিষয়ে আলোকপাত কৰি এক মনোজ্ঞ অনুষ্ঠান এটি অনুষ্ঠিত হৈ যায় ৷ কাৰ্যসূচী অনুসৰি ৰাতিপুৱা  – ৯-৩০ বজাত পতাকা উত্তোলন কৰে  ওৰাং শাখা সাহিত্য সভাৰ সভাপতি নব কুমাৰ নাথে ।   ১১ বজাত  সুধাকণ্ঠ ডঃ ভূপেন হাজৰিকাদেৱৰ জীৱন পৰিক্ৰমা আৰু গীতৰ – সুৰৰ অনুষ্ঠানত আলোকপাত কৰে অসম জ্যোতি মহাবিদ্যালয়ৰ অবসৰী অধ্যক্ষ কেশৱ চন্দ্ৰ বৰুৱা, ওৰাং সংগীত মহাবিদ্যালয়ৰ  সংগীত শিক্ষয়িত্ৰী কবিতা বৰা,স্বৰস্বতী ইংলিছ স্কুলৰ শিক্ষয়িত্ৰী আশা শৰ্মাই অংশগ্ৰহণ কৰে ৷ ৭নবেম্বৰৰত অনুষ্ঠিত এই কাৰ্যসূচীত উপস্থিত থাকে ওদালগুৰি জিলাৰ ভূমি উপদেষ্টা সমিতিৰ মনোনীত সদস্য মুনিন্দ্ৰ কলিতা । স্থানীয় বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী সকলে গীত মাত পৰিবেশনৰ কৰি অনুষ্ঠানটি আৰু অধিক মনোমোহা কৰি তোলে । কাৰ্যসূচীৰ অন্তত শলাগৰ শৰাই আগবঢ়াই ওৰাং শাখা সাহিত্য সভাৰ সম্পাদক ৰূপম কুমাৰ ডেকাই।

Related Articles