Breaking

তেজালপট্টী ফুটবল দল চূড়ান্ত বিজয়ী

0 2,029

অবিভক্ত শোণিতপুৰ জিলাৰ ইটাখোলাস্থিত দিকৰাই চাহ বাগিচাৰ গেলাহাটিঙাত কালি প্ৰাইজ মাণি চূড়ান্ত ফুট বল খেলৰ সামৰণি পৰে। বিগত দিৰ্ঘদিন ধৰি ক’ভিড সৃষ্ট পৰিৱেশ কিছু সাম কটাত ৰাইজৰ লগতে সজিৱ হৈ উঠিছে খেল পথাৰসমুহ। ৰাজ্যৰ অন্যান্য প্ৰান্তৰ দৰে জিলাখনৰ গেলাহাটিঙা ফুট বল ক্লাৱৰ উদ্যোগত অনুষ্ঠিত প্ৰাইজ মাণি ফুট বলখেন যোৱা দেওবাৰে চূড়ান্ত খেলখন অনুষ্ঠিত হৈ যায়। গেলাহাটিঙা খেল পথাৰত আয়োজিত জিলাখনৰ ১৬ টাকৈ ফুট বল দলে অংশ গ্ৰহণ কৰা খেলখনত শেহতীয়াকৈ তেজালপট্টী ফুট বল দল বনাম গেলাহাটিঙা ফুট বল দলৰ মাজত অনুষ্ঠিত চূড়ান্ত খেলখনত তেজালপট্টী ফুট বল দলে ৬-১ গ’লৰ ব্যৱধানত গেলাহাটিঙা ফুট বল দলক পৰাস্ত কৰে। ক’ভিড পৰিস্থিতিত ক্ৰীড়া প্ৰেমী ৰাইজ ঘৰতে আৱদ্ধ হৈ আছিল যদিও বৰ্তমাণ ক’ভিড পৰিস্থিতি কিছু সাম কটাত খেলৰ পৰিৱেশ বিৰাজ কৰাত খেল পথাৰতো যথেষ্ঠ সংখ্যক ৰাইজৰ উপস্থিতি দেখা যায়। গেলাহাটিঙা ফুটবল ক্লাৱৰ সভাপতি দানিয়েল কৰাট আৰু সম্পাদক দীপ তাঁ‌তিয়ে নেতৃত্ব লোৱা উক্ত চূড়ান্ত ফুট বল খেলখনৰ শুভ উদ্ধোধন কৰি যুৱ নেতা তথা চতিয়া আঞ্চলিক পঞ্চায়তৰ সভাপতি লক্ষিকান্ত বৰাই কয় যে গেলাহাটিঙাৰ ফুট বল খেল মানেই এক আকৰ্ষণীয় খেল,ঠাইখনৰ ক্ৰীড়া দিশত এক সু-নাম আছে,এক সৃংখলাবদ্ধ ভাবে খেলসমুহ অনুষ্ঠিত হয়। ইয়াৰ লগতে কয় চতিয়া সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাৰ প্ৰচেষ্টাত গঢ় লৈ উঠা নাগশংকৰৰ যি অত্যাধুনিক ষ্টেডিয়ামে সমষ্টিটোৰ উত্তৰ অঞ্চলৰ সকলো যুৱ প্ৰজন্মৰ বাবে এক আনন্দৰ বতৰা। কাৰণ ক্ৰীড়াৰ জৰিয়তে বৰ্তমানৰ যুৱ খেলুৱৈসকলে ৰাইজৰ লগতে দেশৰ গৌৰৱ কঢ়িয়াই আনিব আৰু সেইহে এই  ক্ষেত্ৰত ক্ৰীড়াৰ লগত জড়িত সকলোৱে যেন গুৰুত্ব প্ৰদাণ কৰে। উক্ত অনুষ্ঠানত মূঢ়াদল জিলা পৰিষদৰ সদস্য কিশোৰ দাহাল,জনপ্ৰিয় কন্ঠশিল্পী সুজিৎ তচা,নদুৱাৰ শাখা আটছাৰ ভাৰ প্ৰাপ্ত সভাপতি ৰাধেশ্যাম তাঁ‌তি,অন্যতম কাৰ্য নিৰ্বাহক অৰুন গোৱালা,নদুৱাৰ আঞ্চলিক পঞ্চায়ত সদস্য আকাশ তচা,প্ৰাক্তন পঞ্চায়ত সভাপতি দেৱধৰ তাঁ‌তিকে ধৰি বহু কেইগৰাকী গণ্যমাণ্য ব্যক্তি উপস্থিত থাকে। খেলৰ অন্তত বঁ‌টা বিতৰণী অনুষ্ঠানত তেজালপট্টী ফুট বল বিজয় দলক নগদ দহ হাজাৰ টকা,ট্ৰফী আৰু দলটিৰ প্ৰতিগৰাকী খেলুৱৈক মেডেল প্ৰদান কৰে।

Leave A Reply

Your email address will not be published.