Breaking

পানীতোলা কাপ-২০২১ ফুটবলত ডিব্ৰু ইউনাইটেড এফ চিৰ খিতাপ অৰ্জন

0 2,054

পানীতোলা স্পৰ্টচ একাডেমিৰ উদ্যোগত পানীতোলা-বৰুৱাহোলা আঞ্চলিক মটক যুৱ-ছাত্ৰ পৰিষদৰ তত্বাবধানত আৰু বালিজান জনপ্ৰিয় যুৱ-সংঘৰ সহযোগত  ২৪ অক্টোবৰ  পৰা বালিজান জনপ্ৰিয় যুৱ-সংঘৰ খেলপথাৰত অনুষ্ঠিত হোৱা পানীতোলা কাপ- ২০২১ দিবা -নৈশ ফুটবল প্ৰতিযোগিতাখনৰ চূড়ান্ত খেলত ডিব্ৰু ইউনাইটেড এফ চি , জানমুখে খিতাপ অৰ্জন কৰে। ৭ নবেম্বৰত  সন্ধিয়া ৭.০০ বজাৰ পৰা সহস্ৰাধিক দৰ্শকৰ উপস্থিতিত ডিব্ৰু ইউনাইটেড  এফ চিয়ে  বাৰেকুৰি ডাইমণ্ড  এফ চিক ট্ৰাইব্ৰেকাৰ পদ্ধতিৰে পৰাভূত কৰে । তীব্ৰ উত্তেজনাময় চূড়ান্ত খেলখনত নিৰ্দ্ধাৰিত সময়ত অমীমাংসিতভাৱে সমাপ্ত হয়। ট্ৰাইব্ৰেকাৰ পদ্ধতিত  ডিব্ৰু ইউনাইটেডে ৬ গ’ল দিয়াৰ বিপৰীতে বাৰেকুৰী ডাইমণ্ডে ৫ গলহে কৰিবলৈ সক্ষম হয়। মুকলি আৰু বঁটা বিতৰণী সভাত বিজয়ী দলক ১০০০১টকা আৰু বিজিত দলক ৬০০১ টকা প্ৰাইজমানী প্ৰদান কৰে আয়োজকে। ইফালে চূড়ান্ত খেলৰ শ্ৰেষ্ঠ খেলুৱৈ নিৰ্বাচিত হোৱা ডিব্ৰু ইউনাইটেডৰ ৰিকি নেওগক ২০০০১ টকা প্ৰদান কৰে । বটা বিতৰণী সভাত  উপস্থিত থাকে পানীতোলা স্পৰ্টচ একাডেমিৰ সভাপতি মৃদুপৱন চেতিয়া, সম্পাদক নয়নমণি ফুকণ,সদৌ অসম মটক যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সম্পাদক উজ্জ্বল বৰুৱা,উপ সভাপতি বিজু বৰুৱা,চাবুৱা ক্ৰীড়া সন্থাৰ সভাপতি মৃদুল ৰাজখোৱা,চাবুৱা ইউনাইটেড এফ চিৰ সভাপতি দিলীপ বড়া,লাইপুলি সমবায় সমিতিৰ সভাপতি শৈলেন কুমাৰ বৰুৱা,অসম জাতীয়তা বাদী যুৱ পৰিষদৰ তিনিচুকীয়া জিলাৰ সম্পাদক প্ৰাঞ্জল নেওগ,তিনিচুকীয়া আঞ্চলিক মৰান ছাত্ৰ সন্থাৰ সভাপতি সত্য মৰান,টাইপা তিনিচুকীয়া জিলাৰ সম্পাদক বিশ্বজীৎ গগৈ, সাংবাদিক অনুপম বুঢ়াগোঁহাই, সাংবাদিক দিব্যজ্যোতি লাহন,সাংবাদিক বিপ্লৱ চেতিয়া,সাংবাদিক বিশ্বজীৎ ফুকণ,প্ৰাক্তন ৰাষ্ট্ৰীয় পৰ্যায় এথলেটিকছ্‌ খেলুৱৈ মৌচুমী চেতিয়া দাস,বালিজান জনপ্ৰিয় যুৱ সংঘৰ সভাপতি অৰূপ শইকীয়া ,সম্পাদক জিটুপৰ্ণ ৰাজখোৱা, মটক যুৱ-ছাত্ৰ পৰিষদ তিনিচুকীয়া জিলা সভাপতি কৃষ্ণকান্ত কাকতি,সম্পাদক হৃদয় গোঁহাই,ডিব্ৰুগড় জিলাৰ সম্পাদক উমাকান্ত গগৈ,বৰগুৰি আঞ্চলিক ক্ৰীড়া সন্থাৰ সম্পাদক বিনন্দ বৰুৱা,প্ৰাক্তন ভলীবল খেলুৱৈ কেশৱ চেতিয়া, ডিব্ৰু ইউনাইটেড এফ চিৰ সভাপতি প্ৰশান্ত গগৈকে ধৰি বহু গণ্যমান্য ব্যক্তি । 

Leave A Reply

Your email address will not be published.