Breaking

অসমৰ সামগ্ৰীক ক্ৰীড়াক্ষেত্ৰখনত দীৰ্ঘদূৰত্ব দৌৰবিদৰ নাই গুৰুত্ব

0 2,032

: অসমৰ সামগ্ৰীক ক্ৰীড়াক্ষেত্ৰখনত দীৰ্ঘদূৰত্ব দৌৰবিদৰ নাই গুৰুত্ব, মাত্ৰ মনোৰঞ্জনৰ সামগ্ৰী ৰূপে ব‍্যৱহাৰ কৰে চৰকাৰে। এই বক্তব‍্যৰে তীব্ৰ ক্ষোভ প্ৰকাশ আন্তৰাষ্ট্ৰীয় পৰ্য‍্যায়ত ইথিউপিয়া, জাপানৰ দৰে দেশৰ দৌৰবিদক অতিক্ৰম কৰি প্ৰথম স্থান লাভ কৰা দৌৰবিদ বিজয় ডেকাই। নামটো অসমত বৰ চিনা-জনা নহয় যদিও ৰাষ্ট্ৰীয় পৰ্য‍্যায়ৰ আনকি দেশৰ আন্তৰাষ্টীয় মাৰাথন দৌৰৰ এক শক্তিশালী চিনাকী প্ৰতিযোগী যোৰহাটৰ বিজয় ডেকা। কিন্তু ৰাজ‍্যৰ ক্ৰীড়া মন্ত্ৰণালয়ৰ ভূমিকাত ক্ষোভিত আজি কলিয়াবৰত অনুষ্ঠিত হৈ যোৱা ৩৩ সংখ‍্যক সদৌ অসম কলিয়াভোমোৰা মাৰাথন দৌৰ প্ৰতিযোগিতাৰ বিজয়ী বিজয় ডেকা। হিমা দাস বা লাভলিনা বা আন ট্ৰেক ইভেণ্টৰ খেলুৱৈয়ে লাভ কৰা অপৰ্য‍্যাপ্ত সুবিধাৰ বিপৰীতে দীৰ্ঘদূৰত্বৰ দৌৰবিদৰ সুবিধা শূন‍্যৰ ঘৰত। কিন্তু নিৰ্বিকাৰ ৰাজ‍্যৰ ক্ৰীড়া বিভাগ।
অসমৰ অন‍্যতম পুৰণি দীৰ্ঘদূৰত্বৰ দৌৰ প্ৰতিযোগিতাখনিত অসমৰ বিভিন্ন স্থানৰ শতাধিক দীৰ্ঘদূৰত্বৰ দৌৰবিদে অংশগ্ৰহণ কৰে। তাৰ মাজতে দীৰ্ঘদূৰত্বৰ দৌৰবিদসকলৰ প্ৰতি চৰকাৰৰ মাহী আই দৃষ্টিৰ প্ৰতি ক্ষোভ উদ্গীৰণ হোৱা পৰিলক্ষিত হয়। ৰাজ‍্য তথা দেশৰ বিভিন্ন স্থানত ৰাষ্ট্ৰীয়-আন্তৰাষ্ট্ৰীয় মাৰাথন দৌৰ প্ৰতিযোগিতাত স্থান লাভ কৰা তথা সদৌ অসম কলিয়াভোমোৰা মাৰাথন দৌৰ প্ৰতিযোগিতাত প্ৰথম স্থান লাভ কৰা যোৰহাটৰ বিজয় ডেকাই প্ৰকাশ কৰে তীব্ৰ ক্ষোভ। ৰাজ‍্যৰ দীৰ্ঘদূৰত্বৰ দৌৰবিদসকলে খেলৰ লগত জড়িত সকলো দিশ ব‍্যক্তিগতগতভাবে খা-খৰচ কৰি প্ৰতিযোগিতসমূহত অংশগ্ৰহণ কৰিছে যদিও কেৱল ট্ৰেক্ ইভেণ্টৰ খেলুৱৈসকলকহে চৰকাৰে গুৰুত্ব প্ৰদান কৰি অহা দেখা যায়।শ। ফলস্বৰূপে আৰ্থিক আৰু মানসিকভাৱে যথেষ্ট কষ্ট হোৱাৰ পাছতো একমাত্ৰ কিছু উপাৰ্জনৰ আৰু মানসিক শান্তিৰ কথা চিন্তা কৰি এনে প্ৰতিযোগিতাবোৰত অংশগ্ৰহণ কৰি আহিছে। কেতিয়াবা কোনো ব‍্যক্তি বা সংস্থাই সহায় কৰে যদিও সি পৰ্য‍্যাপ্ত নহয়। গুৱাহাটী, হাৰিয়ানা, দিল্লী, বাংগালুৰ আদি স্থানত ৰাষ্ট্ৰীয় আৰু  আন্তৰাষ্ট্ৰীয় পৰ্য‍্যায়ৰ মাৰাথন দৌৰত অংশ গ্ৰহণ কৰি দেশী-বিদেশী দৌৰবিদক হেলাৰঙে পৰাজিত কৰিও নিজ ৰাজ‍্যৰ চৰকাৰে কেৱল মনোৰঞ্জনৰ বাবে মাৰাথন দৌৰ মাজে-মধ‍্যে পালন কৰিয়েই দায়িত্ব সামৰে বুলি দুখ প্ৰকাশ কৰে ডেকাই। এনে দায়সৰা প্ৰতিযোগিতাই খেলুৱৈসকলৰ কোনো উন্নতি নকৰে। অভিজ্ঞ প্ৰশিক্ষক, ফিজিঅ’ৰ কথা বাদেই আনকি, খেলুৱৈসকলৰ সামান‍্য সা-সুবিধাৰ প্ৰতি দৃষ্টি দিবলৈ অসমত দীৰ্ঘদূৰত্বৰ দৌৰবিদসকলৰ বাবে এটা উমৈহতীয়া সংস্থা আছনে নাই সেই বিষয়েও অজ্ঞতা প্ৰকাশ কৰে বিজয়ে।চৰকাৰৰ সদিচ্ছাৰ অভাৱে বহু মাৰাথন দৌৰবিদে সা-সুবিধা দূৰৰ কথা স্বীকৃতি পৰ্য‍্যন্তও লাভ নকৰে বুলি আক্ষেপ প্ৰকাশ কৰে ইথিউপিয়া, জাপানৰ দৰে দেশৰ দৌৰবিদক অতিক্ৰম কৰি প্ৰথম স্থান লাভ কৰা দৌৰবিদ বিজয় ডেকাই। আজিৰ দৰে প্ৰতিযোগিতাত লাভ কৰা এটা সামান‍্য মাননিৰে কষ্টসাধ‍্য এটা খেল খেলি যাব কিমান দিনলৈ খেলি যাব পাৰে তাক লৈ সন্দিহান দীৰ্ঘ দূৰত্বৰ দৌৰবিদসকল। চৰকাৰৰ সদিচ্ছা জাগ্ৰত হওক তাৰেই কামনা কৰে দৌৰবিদজনে।৩৩ সংখ‍্যক কলিয়াভোমোৰা মাৰথন প্ৰতিযোগিতাত যোৰহাটৰ বিজয় ডেকাৰ শিৰত বিজয় মুকুট

অসমৰ ক্ৰীড়া জগতৰ অন‍্যতম পুৰণি দীৰ্ঘ দূৰত্বৰ প্ৰতিযোগিতা কলিয়াবৰৰ সদৌ অসম কলিয়াভোমোৰা মাৰাথন দৌৰ প্ৰতিযোগিতাৰ আজি সফল সামৰণী পৰে। মাধ্যম আন্দোলনৰ পঞ্চম শ্বহীদ নৰেন্দ্ৰ নাথ মহন্তৰ সোঁৱৰণত কলিয়াবৰ কেন্দ্ৰীয় ছাত্র সন্থাই ৮ আৰু ৯ নবেম্বৰত দুদিনীয়াকৈ আয়োজন কৰা শ্বহীদ দিৱসৰ লগত সঙ্গতি ৰাখি আয়োজন কৰা মাৰাথন দৌৰ প্ৰতিযোগিতাই এই বেলি ৩৩ টা বছৰ অতিক্ৰম কৰিলে। আজিৰ এই মাৰাথন দৌৰ প্ৰতিযোগিতাৰ শুভাৰম্ভ কৰে কলিয়াবৰ মহকুমাধিপতি পবিত্ৰ কুমাৰ দাসে। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ শতাধিক প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰে এই মাৰাথন দৌৰ প্ৰতিযোগিতত। প্ৰতিযোগীসকলে নিৰ্ধাৰিত দূৰত্ব অতিক্ৰম কৰি কলিয়াবৰ কেন্দ্ৰীয় ছাত্র সন্থাৰ কাৰ্য্যালয়ৰ প্ৰাঙ্গণত সমাপ্তি কৰে এই প্ৰতিযোগিতা। প্ৰতিযোগিতাত প্ৰথম স্থান দখল কৰে যোৰহাটৰ বিজয় ডেকাই। দ্বিতীয়, তৃতীয় আৰু চতুৰ্থ স্থান দখল কৰে ক্ৰমে – ছানিউল ইছলাম¸ বকো আৰু বৰপেটাৰ ৰবিন দাস আৰু মৰিগাঁৱৰ সূৰ্য দাসে। উল্লেখ‍্য যে, এই প্ৰতিযোগিতাখনিত উদযাপন সমিতিয়ে এঘাৰ গৰাকী শ্ৰেষ্ঠ দৌৰবিদক পুৰস্কাৰ প্ৰদান কৰে। প্রতিযোগিতাৰ প্ৰথম পুৰস্কাৰ ১০,০০১.০০ টকা, দ্বিতীয় পুৰস্কাৰ ৭০০১.০০ টকা  তৃতীয় পুৰস্কাৰ ৫.০০১.০০ টকাৰ লগতে মানপত্র, ট্ৰফী, ট্রেক ছুট, মেডেল। প্রতিযোগিতাৰ একাদশ স্থানলৈকে ১৫,০১.০০ টকা নগদ মাননী আৰু মানপত্ৰ।

Leave A Reply

Your email address will not be published.