Breaking

গেৰুৱাত কৃষি বিপ্লৱ ৷

0 2,082

 ওদালগুৰি জিলাৰ  বিটিআৰৰ ৰৌতা সমষ্টিৰ গেৰুৱা অঞ্চলত ড্ৰেগন ফলৰ খেতিয়ে আশাৰ বতৰা কঢ়িয়াই অনাৰ লগতে লাখ লাখ টকা উপাৰ্জন কৰাৰ পথ দেখুবাইছে কৃষক সকলক ৷তুলনামূলক ভাবে অনান্য খেতিতকৈ ড্ৰেগন ফলৰ খেতিত পৰ্যাপ্ত লাভ হোৱাত ই এক লাভজনক খেতি ৰূপে কৃষক সমাজত সমাদৰ লাভ কৰিছে ৷এই লাভ জনক খেতিৰ বাট দেখুৱাইছে এহাতে শিক্ষকবৃত্তি আৰু আনহাতেদি কৃষি কৰ্মক এক লাভজনক ব্যৱসায়ৰূপ দিয়া চন্দন দৈমাৰীয়ে ৷এক সাধাৰণ জীৱন অতিবাহিত কৰাদৈমাৰীয়ে  তেওঁৰ কৃষি বিপ্লৱ সম্পৰ্কে  সাংবাদিক সকলৰ আগত কয় “মোৰ সৰুৰ পৰাই খেতিবাতি কৰাত বৰ আগ্ৰহ আছিল ৷আগতে মই বিলাহী,জলকীয়া,কবি আদিৰ খেতি আৰম্ভ কৰিছিলো ৷পৰবৰ্তী পৰ্যায়ত বগৰী খেতিত মনোনিৱেশ কৰো ৷এনেতে কৃষি ব্যৱসায় সূত্ৰে পশ্চিমবঙ্গৰ এগৰাকী বঙালী লোকেৰে পৰিচয় হয় ৷তেখেতেই মোক এই ড্ৰেগন খেতিৰ বাবে দিহা দিয়ে আৰু যাৱতীয় পৰামৰ্শ আগবঢ়ায় ৷তেওঁৰ পৰামৰ্শ মতে মই ২০১৮ চনৰ পৰা পৰীক্ষামূলক ভাৱে এবিঘা মাটিৰে ড্ৰেগনৰ খেতি আৰম্ভ কৰো ৷বৰ্তমান মোৰ ৭.৫ বিঘা(চাৰে সাত বিঘা) মাটিত ড্ৰেগন ফলৰ খেতি আছে ৷৮×১০ বৰ্গ ফুট জোখত এই লতা লগাব পাৰি ৷এজোপা গছত ৪০/৫০ টা ফল লাগে ৷এজোপা গছে ১০/১২ কিঃগ্ৰাঃকৈ ফল দিয়ে ৷ধাৰাবাহিক ভাবে এই ফল লাগি থাকে যদিও এপ্ৰিল মে ত ইয়াৰ উৎপাদন সৰহ হয় ৷এই ফলৰ বজাৰ মূল্য প্ৰতি কেজিত ৩৫০ /৪০০ টকা ৷মই শিক্ষক মানুহ সময় বিশেষ নাপাওঁ ৷এই ফাৰ্মৰ পৰাই নগাওঁ গুৱাহাটীৰ বেপাৰী আহি ২৫০ টকা দৰত লৈ যায় ৷এই ফল অতি উৎকৃষ্টমানৰ ৷ আইৰণ,চি.ভিটামিন,প্ৰটিন ৰ পৰা আৰম্ভ কৰি আমাৰ শৰীৰৰ লগা প্ৰায়বোৰ মিনাৰেলেৰে পৰিপূৰ্ণ এই ফল ৷তেখেতে এই ফলৰ বৰ্ণনা দাঙি ধৰি কয় ড্ৰেগনৰ ১৭৮ টা প্ৰজাতি আছে ৷মই পিংক কালাৰ যুক্ত চি .ভেৰেটী প্ৰজাতিৰ কৰিছো ৷এজোপা গছৰ পৰা বছৰত অতিকমেও আঢ়ৈ হেজাৰ টকা উপাৰ্জন কৰিব পাৰি ৷এবিঘা মাটিত ২.৫০ লাখ  ৰ পৰা ৩ লাখ টকা উপাৰ্জন কৰিব পাৰি ৷যিটো অন্য খেতিকৰি এনে উপাৰ্জন কৰাটো অসম্ভৱ কথা ৷এই খেতি সম্পূৰ্ণ প্ৰাকৃতিক উপায়েৰে কৰা হয় ৷গোবৰেই একমাত্ৰ ইয়াৰ সাৰ ৷মোৰ এই ড্ৰেগন খেতিৰ ওপৰিও ১৩ বিঘাত বগৰী,৮ বিঘাত মধুৰী,আৰু ইজৰাইল আপেল পৰীক্ষামূলক ভাবে এবিঘা মাটিত আৰম্ভ কৰিছো ৷আমি চাৰি ভাই ককাই ৷এতিয়া সকলোৰে এনে খেতি আছে ৷এতিয়া আমাৰ গাওঁৰ প্ৰায় ভাগ মানুহে এনে খেতি আৰম্ভ কৰিছে ৷মোৰ এই ফাৰ্মৰ যোগেদি৮/১০ টা পৰিয়াল পোহ পাল গৈ আছে ৷অসমৰ নিবণুৱা যুবক যুবতী সকলে চাকৰিৰ বাবে,হাবাথূৰি খাই থকাৰ কোনো দৰকাৰ নাই ৷ পাচ বিঘা এনে খেতিৰে বছৰেকত ১৪ ৰ পৰা ১৫ লাখ টকা উপাৰ্জন কৰি এক সুন্দৰ জীৱন অতিবাহিত কৰিব পাৰে৷ এই খেতি কৰি লাখ লাখ টকা উপাৰ্জন কৰাৰ লগতে অতি সহজে কোটিপতি হোৱাৰো সম্ভৱনাই দেখা দিছে ৷

Leave A Reply

Your email address will not be published.