Breaking

সদৌ অসম ভলীবল প্ৰতিযোগিতা

0 2,018

মাজুলীৰ জিলা সদৰ গড়মূৰৰ সমীপৱৰ্তী শান্তিপুৰ গাওঁৰ লায়ন্স ক্লাৱে দ্বিতীয় বাৰৰ বাবে সদৌ অসম ভিত্তিত আয়োজন কৰা দিবা-নৈশ প্ৰাইজমাণী ভলীবল প্ৰতিযোগিতাত চুড়ান্ত বিজয়ীৰ খিতাপ অৰ্জন কৰে তিনচুকিয়া পানীতোলা ভলীবল দলে ৷ ৭ নৱেম্বৰৰ সন্ধ্যা ৭-৩০ বজাত অনুষ্ঠিত প্ৰতিযোগিতাৰ চুড়ান্ত খেলত তিনচুকিয়া পানীতোলা দলে দক্ষিণ কামৰূপ দলক তিনিটা ছেটত পৰাজিত কৰি খেলত চুড়ান্ত বিজয়ীৰ খিতাপ অৰ্জন কৰে ৷ খেল পৰিচালনা কৰে ৰূপজ্যোতি ঠাকুৰ , নজৰুল ইছলাম আৰু হেমচন্দ্ৰ বৰুৱাই ৷ খেলৰ শেষত অনুষ্ঠিত বঁটা বিতৰণী সভাত মাজুলী জিলা ক্ৰীড়া সন্থাৰ সভাপতি ৰাজীৱ দত্ত ভূঞাই বিজয়ী দলক ট্ৰফী আৰু নগদ ধনৰ চেক প্ৰদান কৰে ৷ বঁটা প্ৰদান অনুষ্ঠানত সমাজকৰ্মী বিতোপন দলে , জিলা কাৰাগাৰ অধীক্ষক দুলাল দাস প্ৰমুখ্যে বহু গণ্যমান্য ব্যক্তি উপস্থিত থাকে ৷ সভাত শ্ৰেষ্ঠ খেলুৱৈ ৰূপে নিৰ্বাচন কৰা তিনচুকিয়া পানীতোলা দলৰ সত্যজিৎ বৰাক শ্ৰেষ্ঠ খেলুৱৈৰ বঁটা প্ৰদান কৰা হয় ৷ প্ৰতিযোগিতা সুকলমে সমাপ্ত হোৱাত সহায়-সহযোগিতা আগবঢ়োৱা সকলোলৈকে কৃতজ্ঞতা জ্ঞাপন কৰিছে ক্লাৱৰ সভাপতি সঞ্জীৱ বৰুৱা আৰু ৰুবুল বৰুৱাই ৷

Leave A Reply

Your email address will not be published.