Breaking

নগাঁৱত শিশু উদ্ধাৰক লৈ চাঞ্চল্য

0 2,044

আৰ্থিক দুৰৱস্থাৰ বাবে বহু শিশুৱে শিশু শ্ৰমিক হিচাবে কাম কৰাটো নতুন কথা নহয় । কেতিয়াবা নিষ্ঠুৰ পিতৃ – মাতৃৰ বাবেও বহু শিশুৱে ঘৰ বাৰী এৰি এই পন্থা বাচি লব লগা হয় । আজিও তেনে এক কাহিনী পোহৰলৈ আহিছে ।    নগাঁও চহৰৰ খুটিকটীয়াৰ এটা পেট্ৰল পাম্পৰ ওচৰত এটা ৯ বছৰীয়া শিশু উদ্ধাৰ হোৱা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে । কালি পুৱাৰ ভাগত পেট্ৰল পাম্পটোৰ ওচৰত শিশুটিক অনাই বনাই ঘূৰি ফুৰা দেখি স্থানীয় এজন লোকে প্ৰত্যক্ষ কৰি হয়বৰগাও আৰক্ষীক চমজাই দিয়ে । পিছত নিশা আৰক্ষীয়ে শিশুটিক চাইল্ড লাইনক চমজাই দিয়ে । বাতৰি লিখা সময়লৈ চাইল্ড লাইনে শিশুটিক পৰিচৰ্যা কৰি আছে । চাইল্ড লাইনৰ সুত্ৰে জনোৱা মতে উদ্ধাৰ হোৱা শিশুটিৰ ঘৰ মৰিগাঁও জিলাৰ হিদাবাৰীত।শিশুটিৰ নাম দেৱ নাথ (৯) । সুত্ৰটোৱে জনোৱা মতে শিশুটিৰ মাক জুন দেবীয়ে শিশুটিৰ লগতে শিশুটিৰ তিনি বছৰীয়া  ভনীয়েকক এৰি কেইবা মাহ মানৰ পূৰ্বে এৰি গুচি যায় । তেতিয়াৰ পৰাই শিশুটি সহ ভনীয়েকক আইতাকে লালন পালন কৰিছিল । সুত্ৰটোৱে জনোৱা মতে শিশু দুটিৰ পিতৃ বাবুল নাথে শিশু দুটিক ভালদৰে চোৱা চিতা নকৰাৰ লগতে নিজৰ মাক তথা শিশু দুটিৰ আইতাকক নিৰ্যাতন কৰিছিল । যাৰ বাবে শিশু দুটিৰ আইতাক শিশু দুটিক লৈ বেলেগে আছিল । আৰ্থিক দুৰৱস্থাৰ বাবে শিশুটিক নগাঁও চহৰৰ এঘৰ মানুহৰ ঘৰত বন কৰা লৰা হিচাবে পৰহি দি গৈছিল আইতাকে । পৰহি নিশাটো মানুহজনৰ ঘৰত থকাৰ পিছত কালি পুৱা শিশুটি মানুহ ঘৰৰ পৰা ওলাই আহি পেট্ৰল পাম্পটোৰ ওচৰত অনাই বনাই ঘূৰি ফুৰিছিল  । আজি শিশুটিৰ আইতাকে শিশুটিক নিবৰ বাবে আহিছিল যদিও যাবতীয় তথ্যপাতি দিব নোৱাৰাৰ বাবে নিব নোৱাৰিলে । অৱশ্যে আইতাক কাইলৈ পুনৰ আহিব বুলি সুত্ৰটোৱে জানিবলৈ দিয়ে । নগাঁও চহৰৰ কোন ঘৰ মানুহৰ ঘৰত দিছিল সেই বিষয়ে শিশুটিয়ে একো কথা অৱগত কৰিব পৰা নাই । চাইল্ড লাইনৰ সঠিক তদন্তইহে এই কথা পোহৰলৈ আনিব । শিশুটিক এনে দৰে বন কৰা হিচাপে দিয়া কাৰ্যই সকলোৰে অন্তৰ চুই গৈছে ।

Leave A Reply

Your email address will not be published.