দিবা-নৈশ ভলীবল প্ৰতিযোগিতাত পূব নলবাৰী ক’চিং চেণ্টাৰ চেম্পিয়ন

৭ আৰু ৮ নৱেম্বৰত অনুষ্ঠিত হৈ যোৱা নলবাৰী আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত, উত্তৰ পূব খাতা শাখা ছাত্ৰ সন্থা তথা ৰাইজৰ সহযোগত প্ৰয়াত কৃতি শিক্ষক গিৰীধৰ ডেকা সোঁৱৰণী সদৌ অসম ভিত্তিত আয়োজিত আমন্ত্ৰণমূলক প্ৰাইজমানি দিবা-নৈশ ভলীবল প্ৰতিযোগিতাৰ চুড়ান্ত খেলত পূব নলবাৰী ক’চিং চেণ্টাৰে বিজয়ীৰ সন্মান লাভ কৰে। ছেমী ফাইনেলত পূব নলবাৰীয়ে ৰেঙণী, তেজপুৰ দলক ২-০ গেমত পৰাজিত কৰাৰ বিপৰীতে কেন্দুকুছি ভলীবল ক্লাৱে তিনিছুকীয়া ৰেল দলক ২-০ গেমত পৰাজিত কৰি চুড়ান্তু খেলৰ যোগ্যতা অৰ্জন কৰে। সন্ধিয়া ৮ বজাত অনুষ্ঠিত হোৱা চুড়ান্ত খেলত পূব নলবাৰী ক’চিং চেণ্টাৰে কেন্দুকুছি ভলীবল দলক ২৫-১৮, ২২-২৫ আৰু ১৭-১৫ গেমৰ ব্যাৱধানত পৰাস্ত কৰি বিজয়ীৰ সন্মান লাভ কৰিবলৈ সক্ষম হয়। বিজয়ী দলে লাভ কৰে নগদ ৭ হেজাৰ টকা আৰু চুড়ান্ত ট্ৰফী আনহাতে ৰানাৰ্চআপ দলে লাভ কৰে নগদ ৫ হেজাৰ টকা আৰু চুড়ান্ত ট্ৰফী। প্ৰতিযোগিতাখনৰ শ্ৰেষ্ঠ খেলুৱৈ হিচাপে নিৰ্বাচিত হয় ৰেঙণী দলৰ মৃত্যুঞ্জয় মহন্তই, চুড়ান্ত খেলৰ শ্ৰেষ্ঠ খেলুৱৈ হিচাপে নিৰ্বাচিত হয় পূব নলবাৰী ক’চিং চেণ্টাৰৰ খেলুৱৈ আব্দুল বাতেনে আৰু শ্ৰেষ্ঠ লিফটাৰৰ খিতাপ অৰ্জন কৰে কেন্দুকুছি ভলীবল দলৰ খেলুৱৈ অজিত বড়োৱে। লোকে লোকাৰেন্য হৈ পৰা চুড়ান্ত খেলখন উদ্ধোধন কৰে সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা ড° সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই। নলবাৰী জিলা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক অক্ষয় ডেকাই আঁত ধৰা উদ্ধোধণী অনুষ্ঠানত ভট্টাচাৰ্যই কয় যে “এগৰাকী শিক্ষকে মানৱ সম্পদ গঢ়ি তোলে। জীৱন যোৰা সাধনা আৰু অক্লান্ত পৰিশ্ৰমৰ পিছত প্ৰজন্মই প্ৰজন্মই মানুহ গঢ়াৰ এগৰাকী খনিকৰ হিচাপে কাম কৰি আহিছে সন্মানীয় শিক্ষা গুৰু সকলে। কৃতি শিক্ষক প্ৰয়াত গিৰীধৰ ডেকাৰ স্মৃতি জীয়াই ৰখাৰ বাবে নলবাৰী আঞ্চলিক ছাত্ৰ সন্থা, উত্তৰ পূব শাখা ছাত্ৰ সন্থাৰ লগতে স্থানীয় ৰাইজে যি পদক্ষেপ গ্ৰহন কৰিছে তাৰে শলাগ লৈ আটাইলৈ ধন্যবাদ সহ কৃতজ্ঞতা জ্ঞাপন কৰে। সমগ্ৰ অসমৰ কাৰণেই ই এক অনুকৰণীয় পদক্ষেপ বুলিও মন্তব্য প্ৰকাশ কৰে।” উদ্ধোধণী অনুষ্ঠানত কেইবাগৰাকীও কেন্দ্ৰীয় তথা জিলা পৰ্য্যায়ৰ বিষয়ববীয়াৰ লগতে ক্ৰীড়া সংগঠক তথা নলবাৰী ক্ৰীড়া সন্থাৰ প্ৰাক্তন সভাপতি হৰিশ গোস্বামী, অসম ভলীবল সন্থাৰ উপ সভাপতি তথা নলবাৰী ক্ৰীড়া সন্থাৰ কোষাধক্ষ্য কৰুনা বৰ্মন, এথলেটিকছ প্ৰশিক্ষক কল্যান বৰ্মন, প্ৰাক্তন ৰাষ্ট্ৰীয় ভলীবল খেলুৱৈ নীৰেন শৰ্মা, দীনেশ ঠাকুৰীয়াকে আদি কৰি বিশিষ্ট ব্যাক্তি সকল উপস্থিত থাকে। খেলখন পৰিচালনা কৰে প্ৰথম ৰেফাৰী বীৰেন শৰ্মা, দ্বিতীয় ৰেফাৰী দেৱজিৎ ডেকা, স্কোৰাৰ বিকাশ ভট্টাচাৰ্য্য আৰু লাইনত সহায় কৰে ভলীবল ৰেফাৰী নৃপেন দাস আৰু হিতেশ দাসে। খেল সমাপ্ত হোৱাৰ পিছত বঁটা সমূহ বিতৰণ কৰে প্ৰয়াত গিৰীধৰ ডেকাৰ পত্নী পুত্ৰ ত্ৰিদীপ ডেকা, কন্যা ভূপাখী ডেকা, খেল পৰিচালনা সমিতিৰ সভাপতি নৃপেন্দ্ৰ দাস, কাৰ্য্যকৰী সভাপতি অতুল পাঠক, অভ্যৰ্থনা সমিতিৰ সভাপতি গিৰীশ ডেকা প্ৰমুখ্যে বিষয় ববীয়া সকলে।

Related Articles