নামনি অসমত আজিও নাগাৰা নামে এক সুকীয়া স্হান দখল কৰি আহিছে। নৃত্য গীত আৰু নাটকীয় উপাদানেৰে মিশ্ৰিত এই বিধ কলাই তাহানিৰ পৰাই আজিলৈকে সমাজত সমানে জনপ্ৰিয় হৈ আহিছে। সৰ্ব সাধাৰণ ৰাইজে উপলব্ধি কৰিব পৰা এই বিধ কলাৰ ইতিহাস সম্পৰ্কে সঠিক তথ্য পোৱা নাযায় যদিও ভাগৱতৰ চতুৰ্থ ষ্কন্ধত পৃথু ৰজাৰ ৰাজঅভিষেকৰ সময়ত নাম গোৱাৰ কিছু আভাষ পোৱা যায়। অসমত নৱবৈষ্ণৱ ধৰ্মৰ প্ৰৱৰ্তক শ্ৰী শ্ৰী শংকৰদেৱেও হৰি নাম ৰসক অমৃতৰ নদী বুলি উল্লেখ কৰিছে । এই লোকপৰিবেশ্য কলাৰ মূল বাদ্য নাগাৰা হেতুকে এইবিধ কলাক নাগাৰা নামবোলাৰ যথোপযুক্ত যুক্তি আছে। অসমৰ নাগাৰা শিল্পক গতিশীল কৰা তথা একনিষ্ঠ সাধক ১৯৯৮ চনতে নাগাৰা নামৰ চৰকাৰী শিল্পী পেঞ্চন লাভ কৰা বৰ্ষীয়ান শিল্পী ৰামচৰণ ভড়ালীৰ মনৰ কথা দৈনন্দিন বাৰ্তাৰ পাঠকলৈ আগবঢ়োৱা হ’ল। ১৯৩৯ চনত পশ্চিম নলবাৰীৰ দেহৰ কালাকুছিত জন্মগ্ৰহন কৰা ৰামচৰণ ভড়ালী অসমৰ নাগাৰা নামৰ দৰ্শক শ্ৰোতাৰ মাজত বিশেষ ভাবে পৰিচিত এটি নাম। নাগাৰা নামক শিল্পী গৰাকীয়ে সময় উপযোগী কৰি সজাই- পৰাই অতি মনোগ্ৰাহী কৰি তথা ধৰ্মীয় ভাবেৰে বছৰ বছৰ ধৰি চৰ্চা অব্যাহত ৰাখিছে। শিল্পী গৰাকীৰ মনৰ খবৰ লবলৈ আমি নিজবাসগৃহত কিছু কথোপকথন হৈছিলো।প্ৰশ্নঃ আপুনি ক’ত কেনেকৈ নাগাৰা নামৰ সাধনা কৰিছিল ?উত্তৰঃ প্ৰথম অৱস্হাত নাগাৰা নাম শুনি শুনি মোৰ মনত ধৰ্মীয় অনুভূতিয়ে ক্ৰীয়া কৰিছিল ।পিছত ১৯৬৭চনৰ পৰা নাগাৰা নামত আন্তৰিকতাৰে মনোনিবেশ কৰো। মোৰ গুৰু আছিল সাতদলাৰ কুশল মালাকৰ।প্ৰশ্নঃএগৰাকী সফল শিল্পী হবলৈ হলে কি গুনৰ দৰকাৰ? উত্তৰঃ শিল্পীৰ একান্ত সাধনা আৰু ধৈৰ্যৰ প্ৰয়োজন।ধৈৰ্য আৰু সাধনা অবিহনে কোনো কামতে সফলতা লাভ কৰিব নোৱাৰে। প্ৰশ্নঃঅসমত বৰ্তমান প্ৰচলিত নাগাৰা নাম সম্পৰ্কে আপোনাৰ মতামত কি? উত্তৰঃ কেবাজনো পাঠকে বিভিন্ন ধৰনে সম্প্ৰতি নাগাৰা নামক উপস্হাপন কৰিছে ই ভাল কথা। পিচে নাগাৰা নামৰ আচল ঐতিহ্য বচাই ৰখাটো প্ৰতিগৰাকী পাঠকৰে কৰ্তব্য। প্ৰশ্নঃনতুন চামৰ প্ৰতি আপোনাৰ কিবা পৰামৰ্শ আছে নেকি?উত্তৰঃ নতুন চামে কৰ্তব্য বোধেৰে সমাজৰ বাবে পুৰণি সকলৰ আধৰুৱা খিনিসম্পূৰ্ণ কৰক। কিয়নো পুৰণি বিলাক অতি পুৰণি হৈ এসময়ত অতীতৰ বুকুত জাহ যাৱগৈ।