Breaking

তামুলপুৰত কিশোৰীক যৌন নিৰ্যাতন

0 2,019

তামুলপুৰ মহকুমাৰ অন্তৰ্গত মাজদিয়া অঞ্চলত সংঘটিত হৈছে  এক যৌন নিৰ্যাতনৰ ঘটনা ৷  অঞ্চলটোৰ নৱম শ্ৰেণীত অধ্যয়নৰত এগৰাকী কিশোৰীক টিউচন কৰাৰ চলেৰে দীৰ্ঘদিন ধৰি যৌন নিৰ্যাতন চলাই এগৰাকী অৱসৰ প্ৰাপ্ত শিক্ষক ৰঙা ঘৰৰ আলহী হোৱাৰ লগতে পাচমাহৰ অন্ত:সত্বা কিশোৰী গৰাকীক অবৈধ ভাৱে গৰ্ভপাত কৰোৱাৰ অপৰাধত তামুলপুৰ আৰক্ষীয়ে মনচুৰ আলী নামৰ এগৰাকী ভুৱা চিকিৎসক গ্ৰেপ্তাৰ কৰা ঘটনাই তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে তামুলপুৰ অঞ্চলত ৷ তামুলপুৰ মহকুমা আৰক্ষী বিষয়া ৰূপজ্যোতি কলিতাই সংবাদ মাধ্যমৰ আগত সদৰি কৰা মতে ,তামুলপুৰ আৰক্ষী থানাৰ অধীনৰ মাজদিয়া অঞ্চলৰ পৰশুৰাম দাস(৬৪) নামৰ এগৰাকী অৱসৰ প্ৰাপ্ত শিক্ষকে পাঁচমাহ মান আগতে অঞ্চলটোৰে দুখীয়া পৰিয়ালৰ  এগৰাকী ছাত্ৰীক টিউচন কৰাৰ চলেৰে ভয় ভাবুকি দেখুৱাই শাৰিৰীক সম্পৰ্ক স্থাপন কৰিছিল ৷ ফলত ছাত্ৰী গৰাকীক পাঁচ মাহৰ অন্ত:সত্বা হৈছিল।  শেহতীয়াকৈ ছাত্ৰী গৰাকীৰ কিছু শাৰিৰীক পৰিবৰ্তন হোৱাত পৰিয়ালৰ লোক চিন্তিত হৈ পৰিছিল ৷ আনহাতে লম্পট চৰিত্ৰৰ অৱসৰপ্ৰাপ্ত শিক্ষক পৰশুৰামে কথাটো জানিব পাৰি যোৱা সাত নৱেম্বৰৰ দিনা ছাত্ৰী গৰাকীক তামুলপুৰ মহকুমা সদৰস্থিত গোৰেশ্বৰ চ’কত এখন ফাৰ্মাচীত কিশোৰী গৰাকীক বলপূৰ্বক গৰ্ভপাত কৰোৱাই ৷গৰ্ভপাত কৰোৱাৰ পিছত ছাত্ৰী গৰাকীৰ স্বাস্থ্যৰ অৱনতি ঘটাত শিক্ষক গৰাকীৰ অপকৰ্মৰ কথা পোহৰলৈ আহে।   পিচত কিশোৰী গৰাকীৰ মাতৃয়ে তামুলপুৰ আৰক্ষী থানাত দিয়া এজাহাৰৰ ভিত্তিত  তামুলপুৰ আৰক্ষীয়ে যোৱা ৮ নৱেম্বৰত পৰশুৰামক  গ্ৰেপ্তাৰ কৰি  জেইল হাজোতলৈ প্ৰেৰণ কৰে। আনহাতে নিৰ্যাতিত কিশোৰী গৰাকীয়ে আৰক্ষীক দিয়া  ভাষ্যৰ ভিত্তিত ভুৱা চিকিৎসক মনচুৰ আলীক কালি তামুলপুৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি ঘটনা সন্দৰ্ভত জেৰা কৰে ৷ আৰক্ষীৰ জেৰাত মনচুৰ আলীয়ে কিশোৰী গৰাকীক গৰ্ভপাত কৰোৱা কথা স্বীকাৰ কৰে যদিও তেওঁৰ চিকিৎসকৰ কোনো ধৰণৰ প্ৰমাণ পত্ৰ আৰক্ষীৰ আগত দেখুৱাব নোৱাৰিলে ৷  তামুলপুৰ মহকুমা আৰক্ষী বিষয়া গৰাকীয়ে সদৰি কৰা মতে, তামুলপুৰ মহকুমাৰ অন্তৰ্গত গেৰুৱা গাওঁ নিবাসী মনচুৰ আলিয়ে গোৰেশ্বৰ চ’কত এখন ফাৰ্মাচী খুলি বহু দিন ৰ পৰা চিকিৎসা চলোৱাৰ লগতে অবৈধ গৰ্ভপাতো কৰিছিল ৷আজি তামুলপুৰ আৰক্ষীয়ে মনচুৰ আলীক বাক্সা জিলা সদৰ মুছলপুৰত ন্যায়িক দণ্ডাধীশৰ আদালতত হাজিৰ কৰোৱাই জেললৈ প্ৰেৰণ কৰে।

Leave A Reply

Your email address will not be published.